ETV Bharat / politics

মোদী মন্ত্রীসভা : অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটা - Modi Cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 4:04 PM IST

Union ministers from Assam: নৰেন্দ্ৰ মোদীৰ তৃতীয়খন মন্ত্ৰীসভাত স্থান কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো ৷ এই কথা ইতিমধ্যে নিশ্চিত হৈছে ৷ সেই অনুসৰি সৰ্বানন্দ সোণোৱালসহ অসমৰ পৰা দুগৰাকী সাংসদে স্থান লাভ কৰিব নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন মন্ত্ৰীসভাখনত ৷

Union ministers from Assam
সৰ্বানন্দ সোণোৱালৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰো স্থানলাভ মোদী মন্ত্ৰীসভাত (ETV Bharat Assam)

গুৱাহাটী, ৯ জুনঃ ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে দেওবাৰে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ সন্ধিয়া ৭.১৫ বজাত আৰম্ভ হ'ব মোদীৰ এই শপতগ্ৰহণ অনুষ্ঠান ।

মোদী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱালৰ স্থান নিশ্চিত হৈছে ৷ তদুপৰি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো লাভ কৰিব মোদী মন্ত্ৰীসভাত স্থান ৷ দেওবাৰে দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ নিমন্ত্ৰণ কৰা হৈছিল সৰ্বানন্দ সোণোৱালক । হয়তো এই বৈঠকতে সোণোৱালৰ দপ্তৰৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

উল্লেখ্য যে মোদীৰ শেহতীয়া মন্ত্ৰীসভাত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সৰ্বানন্দ সোণোৱাল আজিৰ তাৰিখত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে বিজেপিৰ অন্যতম মুখ বুলি পৰিচিত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যালয়ত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সোণোৱালে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত সাংসদ সোণোৱালকে মোদীয়ে একেটা বিভাগৰে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পুনৰ দিব পাৰে বুলি চৰ্চা চলিছে ।

ইফালে মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা অসমৰ দ্বিতীয়গৰাকী সৌভাগ্যবান হৈছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা । ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিব মোদীৰ মন্ত্ৰীসভাত । মোদীৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব পাৰে পবিত্ৰ মাৰ্ঘেৰিটাই । অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই ৷

কেন্দ্ৰীয় কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰী হিচাপে লাভ কৰিব দায়িত্ব । এই খবৰ লাভ কৰাৰ পিচতে অসম বিজেপি উৎফুল্লিত হৈ পৰা দেখা গৈছে ৷

লগতে পঢ়কঃ প্ৰসংগ- মন্ত্ৰিত্ব ! ২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি অচিৰেই সলনি হ’ব হিমন্ত বিশ্বৰ ব্ৰিগেড; কাৰ কাৰ ফুলিব কপাল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.