ETV Bharat / politics

লোকসভা নিৰ্বাচনত কাক নিৰ্বাচিত কৰিব খোজে নৱপ্ৰজন্মৰ ভোটাৰে ? - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 6:34 PM IST

Young voters on LS Polls: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । ৰঙালী বিহুৰ পিচতেই দেশৰ আন ৰাজ্যৰ লগতে অসমতো অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । কোন দলৰ প্ৰাৰ্থী এইবাৰ নিৰ্বাচিত হ'ব দিল্লীলৈ ? নৱ প্ৰজন্মৰ ভোটাৰে কেনে ব্যক্তিক নেতা হোৱাটো বিচাৰে ? নিৰ্বাচৰ বাবে কি কি বিষয় তেওঁলোকৰ মতে ইচ্যু হ'ব পাৰে ? এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Young voters on LS Polls
Lok Sabha elections 2024
নতুন ভোটাৰৰ মনৰ কথা

মৰাণ, 27 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে তাৰিখ ঘোষণা কৰিছে লোকসভা নিৰ্বাচনৰ । অহা 19 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া এই নিৰ্বাচন অনুষ্ঠিত কৰা হব 7 টা পৰ্যায়ত ।

ৰাজনৈতিক দলসমূহে ইতিমধ্যেই নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰা দেখা গৈছে । দেশৰ বাকী ৰাজ্যৰ লগতে অসমতো দেখা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা । উজনিৰ পৰা নামনিলৈকে তথা বৰাক উপত্যকাতো বলিছে নিৰ্বাচনী গৰম বতাহ । শাসক-বিৰোধী উভয়েই নিজ নিজ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ বুধবাৰে আছিল অন্তিম দিন ।

উজনিৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু শোণিতপুৰ সমষ্টিৰ বাবে শাসকীয় বিজেপি, বিৰোধী ঐক্য মঞ্চৰ উপৰিও আপ, টি এম চি আদি বিভিন্ন দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ।

নিৰ্বাচন বুলি ক'লেই নৱপ্ৰজন্মৰ ভোটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এইবাৰো বহু সংখ্যক নতুন প্ৰজন্মৰ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব । নিৰ্বাচনৰ প্ৰাকক্ষণত ই টিভি ভাৰত অসমৰ সাংবাদিক কাষ চাপিছিল একাংশ নতুন ভোটাৰৰ, নিৰ্বাচন সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ ।

মৰাণ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ই টিভি ভাৰতৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । ৰাজ্যৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক বিষয়ক লৈ যথেষ্ট সচেতন নতুন প্ৰজন্মৰ ভোটাৰ । অসমৰ জ্বলন্ত সমস্যাসমূহ লোকসভাৰ মজিয়াত সবলভাৱে উপস্থাপন কৰিব পৰা নেতাকহে তেওঁলোকে নিৰ্বাচিত কৰিব খোজে । প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলোৱা এইসকল ভোটাৰ উৎসুক হৈ আছে ভোটদানৰ বাবে ।

লগতে পঢ়ক: ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-সভাপতিৰ পদ ত্যাগ ৰাজু চাহুৰ - Raju Sahu resigns as VP of APCC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.