ETV Bharat / politics

ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস - RAJYA SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 7:22 PM IST

Rajya Sabha Election 2024: ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থীৰ নাম ঘোষণা । ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস হ’ব ৰাজ্যসভাৰ প্ৰাৰ্থী । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি অৰ্থাৎ মঙলবাৰে বিয়লি নতুন দিল্লীত দুয়োৰে নাম ঘোষণা কৰে ৷

Rajya Sabha Election 2024
বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস (ETV Bharat Assam)

নিউজ ডেস্ক/গুৱাহাটী, ২০ জুলাই: ৩ ছেপ্টেম্বৰৰ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি অৰ্থাৎ মঙলবাৰে বিয়লি নতুন দিল্লীত দুয়োৰে নাম ঘোষণা কৰে ৷ উল্লেখ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিগত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাজ্যসভাত দুয়োৰে আসন দুখন খালী হৈছিল ৷

Rajya Sabha Election 2024
বিজেপিৰ প্ৰাৰ্থী তালিকা (ETV Bharat Assam)

তাছা আৰু সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকে লৈ যোৱা সময়ছোৱাত বিজেপিৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা চলাৰ পাছত অৱশেষত আজি আনুষ্ঠানিকভাৱে দলীয় নেতৃত্বই ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ নাম ঘোষণা কৰে ৷ ৰামেশ্বৰ তেলী যোৱা সময়ছোৱাত একাধিকবাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আসনতো অধিষ্ঠিত হৈছিল ৷ কিন্তু শেহতীয়া লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত বিজেপিয়ে তেলীৰ পৰিবৰ্তে প্ৰাৰ্থিত্ব দিছিল সৰ্বানন্দ সোণোৱালক ৷

আনহাতে ১৯৯১, ২০০০, ২০০১ আৰু ২০০৬ চনত কৰিমগঞ্জ (উত্তৰ) সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাস ৷ যোৱা সময়ছোৱাত অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC)ৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত হৈছিল এইগৰাকী জ্যেষ্ঠ নেতা ৷

নিৰ্বাচনী বিষয়া ৰাজীৱ ভট্টাচাৰ্য (ETV Bharat Assam)

ইপিনে ৰাজ্যসভাৰ এই আসন দুখনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অসম বিধানসভা সচিবালয়ে ৷ এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনৰ দায়িত্বত থকা বিধানসভা সচিবালয়ৰ নিৰ্বাচনী বিষয়া ৰাজীৱ ভট্টাচাৰ্যই কয়, "নিৰ্বাচন আয়োগৰ অধিসূচনা মৰ্মে অসমৰ ৰাজ্যসভাৰ আসন দুখনৰ নিৰ্বাচনৰ দিন হ’ল ৩ ছেপ্টেম্বৰ । মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট । মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব ২২ আগষ্টত । আনহাতে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ’ল ২৬ আগষ্ট । যদিহে প্ৰতিখন আসনত একাধিক প্ৰাৰ্থী থাকে তেন্তে তিনি ছেপ্টেম্বৰৰ দিনা পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব ৷ যদিহে এখন আসনত এজনেই প্ৰাৰ্থী থাকে তেন্তে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আগষ্টৰ দিনাই আনুষ্ঠানিকভাৱে ঘোষিত হ’ব অসমৰ ৰাজ্যসভাৰ আসন দুখনৰ পৰা কোন কোন সদস্যৰূপে নিৰ্বাচিত হ’ল ।"

বিজেপিৰ প্ৰাৰ্থী মিছন ৰঞ্জন দাস (ETV Bharat Assam)

ইপিনে প্ৰাৰ্থিত্ব লাভৰ পাছতেই জ্যেষ্ঠ বিজেপি নেতা মিছন ৰঞ্জন দাসে ই টিভি ভাৰতক ফোনযোগে কয়, "যথেষ্ট ভাল লাগিছে খবৰটো পায় ৷ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে দলে মোক বিবেচনা কৰাৰ বাবে দলীয় নেতৃত্বক ধন্যবাদ জনাইছো ৷ যোৱা সময়ছোৱাত এগৰাকী বিধায়ক হিচাপে কেৱল উত্তৰ কৰিমগঞ্জৰ ৰাইজৰ কাম কৰাৰ সুযোগ পাইছিলো ৷ আশা কৰিছো সাংসদ হিচাপে নিৰ্বাচিত হ’লে সমগ্ৰ অসমৰ হৈ কাম কৰাৰ সুযোগ পাম ৷" কাইলৈ অৰ্থাৎ বুধবাৰে বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিব ।

উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃৃত্বই আজি অসমৰ উপৰি আন সাতখন ৰাজ্যৰো খালী হৈ থকা ৰাজ্যসভাৰ আসনসমূহৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি, বিহাৰৰ এখন আসনত মনন কুমাৰ মিশ্ৰক, হাৰিয়ানাৰ এখন আসনত কিৰণ চৌধৰীক, মধ্যপ্ৰদেশৰ এখন আসনত জৰ্জ কুৰিয়ানক, মহাৰাষ্ট্ৰৰ এখন আসনত ধৈৰ্যশীল পাটিলক, ওড়িশাৰ এখন আসনত মমতা মহন্তক, ৰাজস্থানৰ এখন আসনত ৰবনীত সিং বিট্টুক আৰু ত্ৰিপুৰাৰ এখন আসনত ৰাজীৱ ভট্টাচাৰ্যীক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক: ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ কোনে কোনে কৰিছে আবেদন, চাওক তালিকা - BJP Meeting In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.