ETV Bharat / politics

আদানিৰ উৎকোচ কেলেংকাৰিত অসমৰ নাম: চুক্তি ৰাজহুৱা কৰাৰ দাবী ৰাইজৰ দলৰ - ADANI BRIBERY ALLEGATION

গৌতম আদানিৰ উৎকোচ কেলেংকাৰিত সাঙোৰ খাইছে অসমৰ নাম । যাৰ বাবে শক্তি বিভাগক চুক্তি ৰাজহুৱা কৰাৰ দাবী জনাইছে ৰাইজৰ দলে ।

Adani bribery Allegation
আদানিৰ উৎকোচ কেলেংকাৰি সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 6:23 PM IST

গুৱাহাটী : দেশজুৰি খলকনিৰ সৃষ্টি কৰা নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ উৎকোচ কেলেংকাৰিক লৈ উত্তাল হৈ আছে দেশৰ ৰাজনীতি । গৌতম আদানিৰ উৎকোচ কেলেংকাৰিত অসমৰ নাম সাঙোৰ খাই থকাৰ অভিযোগ তুলিছে ৰাইজৰ দলে ।

বৃহস্পতিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সম্পাদক ৰাছেল হুছেইনে কয়, "২০২২ চনত গৌতম আদানি অসমলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতেই অসমত বিজুলী যোগানৰ বাবে APDCL-ৰ লগত চুক্তি সম্পন্ন হৈছিল । কিন্তু ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অন্য উৎসতকৈ APDCL-এ অধিক দৰত শক্তি ক্ৰয়ত সন্দেহ আছে ।"

আদানিৰ উৎকোচ কেলেংকাৰি সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)

তেওঁলোকে কয়, "APDCL-এ ক্ৰয় কৰা সৌৰশক্তি চুক্তিৰ তথ্য তথ্য RTI যোগে বিচাৰিছিলোঁ । কিন্তু সেই তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে শক্তি বিভাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত RTI-ৰ তথ্য দিয়া হোৱা নাই ।" তেওঁলোকে লগতে কয়, "ভাৰতীয় সৌৰশক্তি নিগম আৰু এজুৰ পাৱাৰৰ পৰা সৌৰশক্তি ক্ৰয়ৰ চুক্তি কৰিছিল অসমে । আমেৰিকাৰ আদালতৰ নথি অনুসৰি ভাৰতৰ কেইবাখনো ৰাজ্যত সংঘটিত হৈছিল এই কেলেংকাৰি । তাত অসমৰ নাম থকাৰো সন্দেহ আছে ।"

আনহাতে, ৰাইজৰ দলৰ প্ৰশ্ন, "কিয় এই চুক্তি ৰাজহুৱা হোৱাটো বিচৰা নাই শক্তি বিভাগে ? ৰাইজৰ ধনেৰে শক্তি ক্ৰয় কৰাৰ তথ্য কিয় ৰাইজক দিয়া হোৱা নাই ? আদানিৰ উৎকোচ কেলেংকাৰি অসমত সংঘটিত হোৱা নাই বুলি কেনেকৈ প্ৰমাণ কৰিব মুখ্যমন্ত্ৰীয়ে ?" সেয়ে ৰাইজৰ দলে মুখ্যমন্ত্ৰীসহ শক্তি বিভাগৰ বৰমূৰীয়াৰ বিৰুদ্ধে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে ।

স্মাৰ্ট মিটাৰক লৈ সংসদত প্ৰকাশ পোৱা তথ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া, "দেশত স্মাৰ্ট মিটাৰ স্থাপনৰ ক্ষেত্ৰত অসম ১ নম্বৰত আছে । কিন্তু মোদী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ হোৱাৰ বিপৰীতে অসমত জোৰ-জবৰদস্তি স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে ।"

ইফালে অখিল গগৈক মাৰ্ক্সবাদী আখ্যা দিয়া লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত কয়, "লুৰীণজ্যোতি গগৈৰ এই মন্তব্যই আমাক ব্যথিত কৰিছে । আমি মনে-প্ৰাণে একত্ৰিত হ'ব বিচাৰোঁ । ৰাইজেও সেয়া বিচাৰে । লুৰীণজ্যোতি গগৈৰ এই মন্তব্যত দুখ পাইছোঁ । আনহাতে, অখিল গগৈয়ে মাৰ্ক্সবাদক বিশ্বাস কৰা মানে ৰাইজৰ দল বাওঁপন্থী বুলি ধাৰণা কৰাটো ভুল হৈছে । অখিল গগৈ মানে ৰাইজৰ দল বা ৰাইজৰ দল মানেই অখিল গগৈ নহয় । প্ৰগতিশীল জাতীয়তাবাদহে ৰাইজৰ দলৰ লক্ষ্য ।"

লগতে পঢ়ক :এইবাৰ জ্যোতিষীৰ আশ্ৰয়ত ভূপেন বৰা : ৰাজীৱ ভৱনত জ্যোতিষীৰ আগমন, দিলে বিধান
লগতে পঢ়ক :জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত অসম; ২২ নম্বৰতহে পালে স্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.