গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : সোণাপুৰৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে । শনিবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে দলটোৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মনে ৷ বৰ্মনে কয়, ‘‘ৰাইজৰ দলে ডিমৰীয়া ট্ৰাইবেল বেল্টৰ ভূমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু আমি সাংবিধানিক বিধি-নিয়ম অনুসৰি ডিমৰীয়া ট্ৰাইবেল বেল্টৰ ভূমিত উচ্ছেদ চলোৱাটো বিচাৰিছো ।’’
তেওঁ কয়, ‘‘২০২৬ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উফৰি যোৱাৰ কথা জানিব পাৰি বিজেপি চৰকাৰে উচ্ছেদক লৈ ধর্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে । ডিমৰীয়া ট্ৰাইবেল বেল্টত আমানৱীয়ভাৱে উচ্ছেদ চলাই এক ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰা হৈছে । ডিমৰিয়া ট্ৰাইবেল বেল্টৰ উচ্ছেদিত লোকসকলে ঘৰ-বাৰী এৰি ওচৰতে তম্বু টানি আশ্ৰয় লৈছিল । কিন্তু মান সেনাৰ দৰে তম্বুৰ তলত সোমাই অসম আৰক্ষীয়ে নিৰ্বিঘ্নে গুলীচালনা কৰি উচ্ছেদিতক হত্যা কৰিছে । এই ঘটনাত বহু লোক আহত হৈছে । আনকি আৰক্ষীৰ দলটোৱে ১০ বছৰীয়া শিশুৰ গুপ্ত অংশতো গুলীচালনা কৰে । ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল ।’’
তেওঁ লগতে কয়, ‘‘প্ৰব্ৰজনকাৰী এইসকল মুছলমান লোকক খেতি-বাতি কৰিবলৈ আনিছিল । 1940 চনত মুছলমানসকলে লোকপিয়লত নিজৰ মাতৃভাষা লিখি আহিছে । দিল্লী আৰু হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে তেওঁলোকে অসমীয়া লিখাটো । প্ৰকৃততে এই চৰকাৰখনে অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষা নোহোৱা কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে । পূৰ্ববংগীয় মূলৰ মুছলমানসকলে লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া লিখি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অনবদ্য অৱদান আগবঢ়াই আহিছে । সেয়ে অসমত ডেৰ কোটি মুছলমান মানুহ অসমীয়া হৈ থকাটো নিবিচাৰে হিমন্তই ।’’
হৰেশ্বৰ বৰ্মনে কয়, ‘‘মূলত ভোটবেংকৰ স্বাৰ্থত অসমত ১.৭০ কোটি হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ ট্ৰাইবেল বেল্টৰ ভূমি বহিৰাগত বনিক গোষ্ঠীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিয়াৰ পৰিকল্পনা কৰিছে ৷’’
লগতে পঢ়ক : সোণাপুৰত দল-সংগঠন নহয়, কংগ্ৰেছৰ পৰা যোৱা নতুন বিজেপিয়েহে দিছিল গ’ বেক ধ্বনি : মীৰা বৰঠাকুৰ
কচুতলীৰ উচ্ছেদস্থলীত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ: ডাঃ ৰণোজ পেগু
তেজ ভালপোৱা মানুহে তেজৰ গোন্ধ বিচাৰি কৰে এনে অমানৱীয় ঘটনা: ৰকিবুল হুছেইন