ETV Bharat / politics

কোটি কোটি ভাৰতীয়ৰ আস্থা আৰু বিশ্বাসত আঘাত হানিছে ৰাহুল গান্ধীয়ে: মনোজ বৰুৱা - Rahul Gandhi Hindu remark

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:23 PM IST

Rahul Gandhi Hindu row: কেৱল ৰাহুল গান্ধী নহয়, পূৰ্বৰ পৰাই কংগ্ৰেছ নেতাসকলে আক্ৰমণ কৰি আহিছে হিন্দু সভ্যতা-সংস্কৃতিক ৷ বিজেপিক সমালোচনা কৰাৰ নামত কোটি কোটি ভাৰতবাসীৰ আস্থা আৰু বিশ্বাসত আঘাত হানিছে ৷ ৰাহুল গান্ধীক কঠোৰভাৱে সমালোচনা ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ৷

Rahul Gandhi Hindu row
RAHUL GANDHI HINDU REMARK (ETV Bharat)

গুৱাহাটী, ২ জুলাই : "ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ সমান্তৰালকৈ ভাৰতীয় জনতা পার্টী, অসম প্রদেশেও পদক্ষেপ গ্রহণ কৰিছে । দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নিৰ্দেশ মর্মে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে কার্যকর্তাই পার্যমানে বানাক্ৰান্ত সকলক উদ্ধাৰ তথা সহায় সহযোগিতা আগবঢ়াইছে ।" মঙলবাৰে দলৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ।

ৰাহুল গান্ধীক কঠোৰভাৱে সমালোচনা (ETV Bharat)

তেওঁ লগতে কয় যে ৰাজ্যৰ অনাকাংক্ষিত বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই অহা ১০ জুলাইত অনুষ্ঠিত হ'বলগীয়া দলৰ ৰাজ্যিক বৰ্ধিত কার্যনির্বাহক বাতিল কৰা হৈছে ।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণৰ এদিন পিচত আজি লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ - 18th Lok Sabha 1st Session

আনহাতে, সোমবাৰে সদনত কংগ্ৰেছ দলৰ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিন্দু ধর্ম সম্পর্কত আগবঢ়োৱা বিতর্কিত মন্তব্যক তীব্র ভাষাৰে গৰিহণা দিয়ে মনোজ বৰুৱাই ৷ তেওঁ কয় যে, বিৰোধী দলপতিগৰাকীয়ে বিজেপিক সমালোচনা কৰাৰ নামত কোটি কোটি ভাৰতবাসীৰ আস্থা আৰু বিশ্বাসক আঘাত হানিছে । কংগ্রেছ দল তথা দলটোৰ নেতাসকলৰ এনে বক্তব্য নতুন নহয়, পূৰ্বতেও দলটোৰ বিভিন্ন পর্যায়ৰ নেতাই কোটি কোটি ভাৰতীয়ৰ মনত আঘাত হনাকৈ বিভিন্ন বক্তব্য প্রদান কৰি আহিছে ।

‘‘কংগ্ৰেছ দলৰ লগতে অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তথা বিজেপিক বিৰোধিতা কৰাৰ নামত ভাৰতবৰ্ষৰ বৰ্ণাঢ্য কৃষ্টি-ঐতিহ্য আৰু পৰম্পৰাক বিৰোধিতা কৰি আহিছে আৰু এই কথা কেৱল আমি কোৱাই নহয়, কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা আচার্য্য প্রমোদ কৃষ্ণণনেও এই কথা পূৰ্বতে সদৰী কৰিছিল ।’’ তেওঁ কয় ৷

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে সনাতনত বিশ্বাস কৰা সকলোৰে ওচৰত ক্ষমা বিচাৰিব লাগিব : দিলীপ শইকীয়া - BJP slams Rahul Gandhi

মনোজ বৰুৱাই কয়, ‘‘২০১০ চনত তদানীন্তন গৃহমন্ত্রী পি চিদাম্বৰমে হিন্দুসকলক সন্ত্রাসবাদী বুলি আখ্যা দিছিল । একেদৰে ২০১৩ চনত তদানীন্তন গৃহমন্ত্রী সুশীল কুমাৰ সিন্দেই হিন্দুসকলক সন্ত্রাসবাদী আখ্যা দি একেবছৰৰ ২০ ফেব্ৰুৱাৰীত সংসদত ক্ষমা খুজিবলগীয়া হৈছিল । ৰাহুল গান্ধীয়ে ২০২১ চনত হিন্দুত্ববাদীসকলক দেশৰ পৰা বাহিৰ কৰিব লাগে বুলি কৈছিল । আনহাতে ইণ্ডি এলায়েন্সৰ অংশীদাৰ দলৰ নেতাসকলেও হিন্দু ধর্মক কৰোণা ভাইৰাছ, কীট-পতংগৰ সৈতে তুলনা কৰিছিল ।’’

ৰাজ্য়িক বিজেপিৰ মুখ্য মুখপাত্রগৰাকীয়ে পুনৰাই কয় যে গণতন্ত্ৰত বিৰোধিতা তথা মত পার্থক্য থাকিবই, সেইয়া গণতন্ত্ৰৰ সৌন্দৰ্য । কিন্তু মত পাৰ্থক্য প্রকাশ কৰাৰ নামত ৰাহুল গান্ধীয়ে সনাতন সংস্কৃতিক অৱমাননা কৰা কাৰ্যক ভাৰতীয় জনতা পার্টী, অসম প্রদেশে কঠোৰ ভাষাৰে ধিক্কাৰ দিছে ।

লগতে পঢ়ক: সনাতন সংস্কৃতিক অপমান কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই : ভৱেশ কলিতা - Bhabesh Kalita slams Rahul Gandhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.