ETV Bharat / politics

ৰাহুলক কটাক্ষ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

author img

By ANI

Published : May 28, 2024, 12:32 PM IST

LS Election 2024 : অহা ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ অন্যতম সমষ্টি । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰে ।

Lok Sabha Election 2024
ৰাহুলক কটাক্ষ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ (ANI)

নেশ্যনেল ডেস্ক, ২৮ মে' : উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সোমবাৰে ৰাহুল গান্ধীক উপহাস কৰি কয় যে তেওঁ কেৱল ৰাজনৈতিক পৰ্যটনৰ বাবে উত্তৰ প্ৰদেশলৈ আহে । সোমবাৰে মিৰ্জাপুৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি ব্ৰজেশ পাঠকে কয় যে ৰাহুল গান্ধীয়ে শিশুৰ দৰে কাম কৰি আছে । নেতাগৰাকীৰ মতে ৰাজ্যখনৰ জনসাধাৰণ আৰু দেশৰ জনসাধাৰণে বুজি পাইছে যে তেওঁলোকৰ কোনো নীতি বা কোনো কাৰ্যসূচী নাই । ৰাহুল গান্ধয়ে উত্তৰ প্ৰদেশলৈ কেৱল ৰাজনৈতিক পৰ্যটনৰ বাবেহে আহে বুলি তেওঁ অভিযোগ কৰে ।

তদুপৰি পাঠকে দাবী কৰে যে এন ডি এ মিত্ৰজোঁটে সপ্তম পৰ্যায়ত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে সকলো আসনত জয়ী হ'ব । তেওঁ কয় যে এফালে বিজেপি আৰু মোদীৰ ঢৌ চলি আছে । আনহাতে বিৰোধীৰ মিত্ৰতা সম্পূৰ্ণৰূপে বিফল হৈছে । তৃণমূল পৰ্যায়ত ই হেৰাই গৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে তৃণমূল পৰ্যায়ত ইণ্ডিয়া ব্লক নিয়ন্ত্ৰণত নাই । বিজেপি নেতাগৰাকীৰ মতে এন ডি এ মিত্ৰজোঁটে ৰাইজৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে ।

পাঠকে কয় যে মিৰ্জাপুৰ জিলাখনৰ নাম 'মা বিন্ধ্যা' হ'ব পাৰে । তেওঁৰ মতে সম্ভৱতঃ মা বিন্ধ্যাও এইটোৱে বিচাৰে । তেওঁ লগতে ৰাইজক ৪ জুনৰ বাবে অপেক্ষা কৰিবলৈ কয় । নিৰ্বাচনৰ ফলাফল ওলাই অহাৰ পিচতহে তেওঁ সন্দৰ্ভত মন্তব্য কৰিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা আপনা দলৰ ৰাষ্ট্ৰীয় সভাপতি অনুপ্ৰিয়া পেটেলে মিৰ্জাপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । মিৰ্জাপুৰত ১ জুনত সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :বিহাৰত কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.