ETV Bharat / politics

তিনিচুকীয়া-বিশ্বনাথত প্ৰচাৰ চলাবৰ বাবে অসমলৈ আহি আছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 6:43 PM IST

Updated : Apr 12, 2024, 1:23 PM IST

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ শুকুৰবাৰে অসমত উপস্থিত হ'ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকী ৷

PUNJAB CM TO VISIT ASSAM
শুকুৰবাৰে অসমত উপস্থিত হ'ব পঞ্জাবৰ মুখ্যমন্ত্ৰী

গুৱাহাটী, 11 এপ্ৰিল: লোকসভা নিৰ্বাচনক লৈ অসমত আপে চলাইছে জোৰদাৰ প্ৰচাৰ ৷ প্ৰচাৰ চলাবলৈ আহিছে আপৰ ৰাষ্ট্ৰীয় নেতা ৷ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ শুকুৰবাৰে অসমত উপস্থিত হ'ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাৱৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী ৷

আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলাবৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মানে ৷ দুপৰীয়া 1 বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ'ব নিৰ্বাচনী সমাবেশ ৷ ইয়াতেই অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি প্ৰচাৰ চলাব ভগৱন্ত মানে ৷ আনহাতে দ্বিতীয় দিনা অৰ্থাৎ 13 এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷ দিনৰ 12 বজাত অনুষ্ঠিত হ'ব ৰোড শ্ব'ৰ কাৰ্যসূচী ৷ দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ'বলগীয়া ৰোড শ্ব' কাৰ্যসূচী মুকলি কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

13 তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী ৷ মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ৷ উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাচতে অসমলৈ আহি আছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷

উল্লেখ্য যে, 2024ৰ লোকসভা নিৰ্বাচনত অসমৰ 14 টা সমষ্টি দখলৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে শাসক-বিৰোধী উভয়ে ৷ এফালে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে সমষ্টিয়ে সমষ্টিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে পিচ পৰি থকা নাই কংগ্ৰেছ দলো ৷ আনহাতে লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ দুটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা আম আদমী পাৰ্টীও পিচ পৰি থকা নাই নিৰ্বাচনী প্ৰচাৰত ৷ ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতাই আহি নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : হাইপ্ৰফাইল নেতা অবিহনেই গুৱাহাটী সমষ্টিত দুই মহিলা প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান - Lok Sabha Election 2024

Last Updated : Apr 12, 2024, 1:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.