ETV Bharat / politics

নিৰ্বাচনী ৰাজনীতিত খোজ প্ৰিয়ংকা গান্ধীৰ; ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন দাখিল

Wayanad Bye Election : ৰাহুল গান্ধীয়ে ৱায়ানাড লোকসভা সমষ্টিৰ আসনখন এৰি দিয়াৰ বাবে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । বৰ্তমান ৰাহুল গান্ধী ৰায়বৰেলী সমষ্টিৰ সাংসদ ।

Wayanad Bye Election
মনোনয়নৰ নথিপত্ৰত চহী কৰাৰ সময়ত প্ৰিয়ংকা গান্ধী (PTI)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ৱায়নাড় : প্ৰিয়ংকা গান্ধীৰ নতুন যাত্ৰা । ইতিমধ্যে সক্ৰিয় ৰাজনীতিত জড়িত হোৱাৰ পিচত এইবাৰ নিৰ্বাচনী যুঁজত আত্মপ্ৰকাশ এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ । বুধবাৰে ৱায়ানাড সমষ্টিৰ আগন্তুক লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ আনুষ্ঠানিকভাৱে মনোনয়ন-পত্ৰ দাখিল কৰে ।

ৰাহুল গান্ধী, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য স্থানীয় কংগ্ৰেছ নেতাসকলৰ সৈতে প্ৰিয়ংকাই জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ মনোনয়নৰ নথিপত্ৰত স্বাক্ষৰ কৰে ।

আনহাতে, মনোনয়ন দাখিলৰ অন্তত তেওঁ সমষ্টিটোত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । ইয়াত কংগ্ৰেছৰ আন ৰাষ্ট্ৰীয় নেতাসকলো উপস্থিত থাকিব । ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেকে ধৰি অন্যান্য নেতাসকলে এই ৰোড শ্ব'ত অংশগ্ৰহণৰ সম্ভাৱনা আছে । এই ৰোড শ্ব'টো কালপেট্টাৰ পৰা থাংকলৈকে আগবাঢ়িব ।

উল্লেখ্য যে মনোনয়ন দাখিলৰ বাবে প্ৰিয়ংকা মঙলবাৰে নিশা তেওঁৰ মাতৃ তথা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে পাহাৰীয়া জিলাখনত উপস্থিত হয় । ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগা ৱায়ানাড উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ । ভোটগণনা অনুষ্ঠিত হ'ব ২৩ নৱেম্বৰত ।

এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত তেওঁ এলডিএফৰ সত্যন ম'কেৰী আৰু বিজেপিৰ নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত ৱায়ানাড সমষ্টিৰ পৰা জয়ী হৈছিল ৰাহুল গান্ধী । সমান্তৰালভাৱে তেওঁ ৰায়বৰেলী সমষ্টিৰ পৰাও জয়লাভ কৰে । অৱশ্যে ভাৰতীয় সংসদীয় নীতি অনুসৰি তেওঁ ৱায়ানাড সমষ্টিটো খালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰায়বৰেলী সমষ্টিটোৰ সাংসদ হিচাপে সংসদক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে ৱায়ানাড লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰে ।

লগতে পঢ়ক :ৱায়নাড় উপ-নিৰ্বাচন: 23 অক্টোবৰত মনোনয়ন দাখিলৰ সম্ভাৱনা প্ৰিয়ংকা গান্ধীৰ
লগতে পঢ়ক :মহাৰাষ্ট্ৰত এটা আৰু ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.