ETV Bharat / politics

3 খন আসন পালেও অসমত এয়া চমকপ্ৰদ ফলাফল : ৰিপুণ বৰা - Ripun Bora Press Meet

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:59 PM IST

Assam TMC Press Meet : যিহেতু বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে, সেয়েহে চৰকাৰ গঠন কৰিলেও অস্থায়ী হ’ব, যিকোনো সময়ত পতন ঘটিব বুলি মন্তব্য ৰিপুণ বৰাৰ ৷ বদৰুদ্দিন আজমলে এই ফলাফলক লৈ শিক্ষা লোৱা উচিত বুলিও কয় তেওঁ ৷

Assam TMC Press Meet
অসমত এয়া চমকপ্ৰদ ফলাফল : মন্তব্য ৰিপুণ বৰাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুন : বিৰোধীয়ে 3 খন আসন পালেও অসমত এয়া চমকপ্ৰদ ফলাফল- এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বুধবাৰে সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসমবাসীক ধন্যবাদ জনাই কয় যে, একনায়কত্ববাদ, সাম্প্ৰদায়িকতাৰ ৰাজনীতিক দেশবাসীয়ে উফৰাই দিলে ৷ ইণ্ডি এলায়েন্সে চৰকাৰ গঠন কৰিবও পাৰে ! যিহেতু বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে, সেয়েহে চৰকাৰ গঠন কৰিলেও অস্থায়ী হ’ব, যিকোনো সময়ত পতন ঘটিব বুলি মন্তব্য কৰে ৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল (ETV BHARAT ASSAM)

তেওঁ লগতে কয় যে বিজেপিৰ চৰকাৰ হ’লে ৰাইজে আৰু বেয়া দিন দেখিব, মূল্যবৃদ্ধি হ’ব ৷ অনাগত দিনত বিজেপিক উৎখাত কৰিবলৈ সাজু হ’ব লাগে বুলি প্ৰকাশ কৰি তেওঁ কয় মঙলবাৰৰ ফলাফলে হিমন্ত বিশ্বৰ দম্ভ, অহংকাৰ শেষ কৰিছে ৷ লগতে তেওঁৰ লগত থকা দুজনমানৰো অহংকাৰ শেষ হৈছে ৷ ৰিপুণ বৰাই কয় "বদৰুদ্দিন আজমলেও এই ফলাফলক লৈ শিক্ষা লোৱা উচিত ৷ আজমলে এটা সময়ত কংগ্ৰেছক ধ্বংস কৰি থৈছিল ৷ ৰাজ্যসভাতো মোক বিশ্বাসঘাতকতা কৰিছে, মোক হৰুৱাইছিল, আজি আজমলে তাৰ ফলাফল পাইছে ৷" লগতে আজমল যে বিজেপিৰ বি টীম আছিল সেয়া মুছলমান ৰাইজে জানিছে বুলিও কয় তেওঁ ৷

লগতে পঢ়ক : শাসকীয় বিধায়কৰ সামাজিক মাধ্য়মত বিৰোধীৰ প্ৰশংসা, গৰজি উঠিল মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

বৰাই লগতে কয় যে, উজনি অসম বিজেপিয়ে নিজৰ ঘাটি বুলি ভাবি আছিল ৷ গৌৰৱৰ জয়ে সেয়া নস্যাৎ কৰিলে ৷ ধবুৰীও AIUDF ৰ ঘাটি বুলি সকলোৱে ভাবিছিল, কিন্তু ৰকিবুল হুছেইনৰ বৃহৎ জয়ে নস্যাৎ কৰিলে ৷ প্ৰমাণিত হৈছে যে বিৰোধী শক্তি একত্ৰিত হ'লে বিজেপি শেষ হ’ব ৷ অসমত আৰু মামা-চাচাৰ ৰাজনীতি নচলে, যোৰহাটত মামা হাৰিছে, ধুবুৰীত চাচা হাৰিলে বুলি সমালোচনা কৰে ৰিপুণ বৰাই ৷ অসমত বিৰোধীয়ে পৃথকে পৃথকে নিৰ্বাচন খেলাটোৱে বহুত বেছি প্ৰভাৱ পৰা নাই বুলিও বৰাই কয় ৷ ইফালে পশ্চিমবংগতো চমকপ্ৰদ ফলাফল হৈছে বুলি প্ৰকাশ কৰি তাৰ বাবেও পশ্চিমবংগৰ ৰাইজক ধন্যবাদ জনাই অসম তৃণমূল কংগ্ৰেছৰ সভাপতিজনে ৷

তেওঁ কয় যে, মমতা বেনাৰ্জীৰ ওপৰত অত্যাচাৰ, ইডি, চি বি আই লগাইছে, এতিয়াও বহু নেতা জেলতে আছে, সকলো আঁচনি বন্ধ কৰি ৰাখিছে, ইমান বাধা থকাৰ পিচতো পশ্চিমবংগত তৃণমূলৰ জয় হ’ল ৷ পশ্চিমবংগত 29 খন আসন লাভ কৰি প্ৰমাণ কৰিলে যে বিজেপিক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ দল তৃণমূল কংগ্ৰেছ ৷

লগতে পঢ়ক : দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.