লখিমপুৰ, ২ এপ্ৰিল: দেশৰ গৃহমন্ত্ৰীয়ে লখিমপুৰত অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলীৰ কাম চলিছে পূৰ্ণগতিত । লখিমপুৰত বিজেপিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । অহা ৬ এপ্ৰিলত লখিমপুৰৰ চুকুলীভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।
প্ৰায় এক লাখ লোকৰ সমাৱেশ ঘটোৱাৰ লক্ষ্যৰে বিশাল মঞ্চ আৰু মণ্ডপ নিৰ্মাণ কৰা হৈছে সভাস্থলীত৷ মণ্ডপৰ কাষতে নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড । আৰক্ষী, আৰক্ষীৰ বিশেষ শাখাৰ চোকা দৃষ্টিৰ মাজত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ আৰু মণ্ডপ । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকায়ো মাজে-সময়ে নিৰ্মাণকাৰ্যৰ তদাৰক কৰি থকা দেখা গৈছে ৷
উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰ সভাখনত দিল্লী-দিছপুৰৰ বহু নেতা, মন্ত্ৰীৰ লগতে বহুকেইগৰাকী বিধায়কে অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি । এই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে ৬ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ।
অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী সভাখন উত্তৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ সভা হ’ব ৷ ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত শক্তিশালী প্ৰভাৱ পেলাব বুলি বিজেপিৰ নেতা-কৰ্মীসকলে আশা প্ৰকাশ কৰিছে ।
উল্লেখ্য যে 19 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসকীয় দলটোৱে চমকপ্ৰদ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ সমান্তৰালকৈ কংগ্ৰেছ দলেও অসমৰ বাবে ইতিমধ্য ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰিছে ৷ য’ত অন্তৰ্ভুক্ত কৰা হৈছে 40 গৰাকী ৰাষ্ট্ৰীয় নেতাক ৷
লগতে পঢ়ক: ডিফুত বিজেপি প্ৰাৰ্থী অমৰচিং তিছ’ৰ হৈ মুখ্যমন্ত্ৰীৰ বিশাল জনসভা