ETV Bharat / politics

বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ বাবেই এ আই ইউ ডি এফক প্ৰত্যাখ্যান কৰিলে ৰাইজে: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams AIUDF

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:12 PM IST

Pradyut Bordoloi in Nagaon: সাংসদ হিচাপে নিৰ্বাচিত হৈয়েই সমষ্টিবাসীৰ কাষত প্ৰদ্যুৎ বৰদলৈ । সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বেই ভোটাৰ ৰাইজক সাক্ষাৎ বৰদলৈৰ । এ আই ইউ ডি এফে বিজেপিৰ এজেন্ট হিচাপে কাম কৰাৰ বাবেই সংখ্যালঘু ৰাইজে দলটোক প্ৰত্যাখ্যান কৰিলে বুলি মন্তব্য় প্ৰদ্যুৎ বৰদলৈৰ ।

Pradyut Bordoloi slams BJP and AIUDF in Nagaon
সমষ্টিবাসীৰ কাষত প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

নগাঁও,১৩ জুন: একেৰাহে দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় প্ৰদ্যুৎ বৰদলৈ । বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক দুই লাখৰো অধিক ভোটত পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিবাসীৰ কাষত উপস্থিত হয় প্ৰদ্যুৎ বৰদলৈ ।

বৃহস্পতিবাৰে নগাঁও লোকসভা সমষ্টিৰ ৰূপহীহাট বিধানসভা সমষ্টিত নিৰ্বাচিত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈক সমষ্টিটোৰ দলীয় কৰ্মী সমৰ্থকসকলৰ লগতে ভোটাৰ ৰাইজেও উষ্ম আদৰণি জনায় ।

সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বেই নিজৰ সমষ্টিৰ ভোটাৰক সৌজন্যতামূলক সাক্ষাৎ কৰি সমষ্টিটোৰ মূল সমস্যাৰ বিষয়ে বুজ লয় নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সমষ্টিবাসীৰ আদৰণি গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বিশেষকৈ এইবাৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ শোচনীয় পৰাজয় সন্দৰ্ভতো মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী তথা বিধায়ক আমিনুল ইছলামৰ বাসগৃহৰ সমীপৰ পৰমাইভেটি মাদ্ৰাছাতো উপস্থিত হৈ দোৱা-আশীৰ্বাদ বিচাৰিলে প্ৰদ্যুৎ বৰদলৈয়ে । বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এইবাৰ হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ কাম কৰাৰ বিষয়ে ধৰ্মীয় সংখ্যালঘু ৰাইজ অৱগত হোৱা বাবেই এ আই ইউ ডি এফ দলক প্ৰত্যাখ্যান কৰা বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

যাৰ বাবে প্ৰায় ৯৮ শতাংশ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ পৰাও দেশৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটৰ বিনিময়ত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক সাংসদ হিচাপে ধুবুৰীবাসীয়ে জয়ী কৰি পঠিয়াইছে । লগতে নগাঁৱতো ধৰ্মীয় সংখ্যালঘু ৰাইজে এ আই ইউ ডি এফক প্ৰত্যাখ্যান কৰি কংগ্ৰেছক সমৰ্থন কৰা বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । অহা ২৪ জুনত দেশৰ সংসদত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰি I.N.D.I.A ই চৰকাৰ গঠন কৰাৰ কোনো চিন্তা কৰা নাই বুলিও মন্তব্য কৰে । ইয়াৰ বিপৰীতে সংসদত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰাৰ কথাও উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: বিজেপিৰ দিনত ধনী শ্ৰেণী অধিক ধনী আৰু দৰিদ্ৰ শ্ৰেণী অধিক দৰিদ্ৰ হৈ গৈ আছে: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta

অসমৰ জনজীৱনক দুটা ভাগত বিভক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta

নগাঁৱৰ কোন বিধায়কৰ সমষ্টিত কিমান ভোট পালে কোন প্ৰাৰ্থীয়ে ? - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.