ETV Bharat / politics

আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ : চৰাইদেউৰ সাধাৰণ সভাত হ'ব সিদ্ধান্ত - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:44 PM IST

APCC Political Affairs Committee : দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ । সাংগঠিক ব্যাপক সংশোধন, সাংগঠনিকভাৱে সৱলীকৰণ আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত সমানে আগুৱাই যোৱাৰ দিশত পথ নিৰ্দেশনা । ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত চৰাইদেউত অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সভা । সাধাৰণ সভাতে প্ৰস্তাৱসমূহৰ ওপৰত লোৱা হ'ব সিদ্ধান্ত ।

APCC Political Affairs Committee
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট : আগন্তুক পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ । যাৰ বাবে কংগ্ৰেছ দলৰ এখনৰ পিচত আনখনকৈ বৈঠক অনুষ্ঠিত কৰি বিভিন্ন পৰ্যায়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে ।

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰকে ধৰি কমিটীৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।

বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘১৮ জুলাইত হোৱা প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকখনত বিভিন্নজনে দিয়া বিভিন্ন দিহা-পৰামৰ্শ সন্দৰ্ভত পথ নিৰ্দেশনা দিয়াৰ বাবে আজি আলোচনা কৰা হৈছে । বিশেষকৈ সাংগঠিক ব্যাপক সংশোধন, সাংগঠনিকভাৱে সৱলীকৰণ আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত সমানে আগুৱাই যোৱাৰ দিশত পথ নিৰ্দেশনা দিয়াৰ বাবে আজিৰ আলোচনা কৰা হৈছে । আনহাতে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত চৰাইদেউত অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সভা । সাধাৰণ সভাতে আজিৰ বৈঠকৰ প্ৰস্তাৱসমূহৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । তাৰ পিচত হাতে-কামে কৰিবলগীয়া কামখিনি আৰম্ভ কৰা হ’ব ।’’

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কেবাখনো বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত দলৰ নেতৃত্বই অংশগ্ৰহণ কৰে । সেইদৰে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা সন্দৰ্ভতো পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হৈছিল ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ-তত্বাৱধায়কদ্বয় ক্ৰমে পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ৰ উপস্থিতিত ধলাই বিধানসভা উপ-নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হৈছিল । তদুপৰি চিডলী বিধানসভা, চামগুৰি বিধানসভা আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ।

লগতে পঢ়ক : অগপই কিয় অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে ?

বিজেপিতকৈ ৫-১০ গৰাকী অধিক মহিলাক বিধানসভালৈ পঠিয়াব কংগ্ৰেছে : ভূপেন বৰা

এদিনত কংগ্ৰেছৰ দুটাকৈ গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী : প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাৰ যোগদানে দিছে কিহৰ ইংগিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.