ডিব্ৰুগড়, 17 মাৰ্চ: শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচদিনাই আম আদমি পাৰ্টীৰ প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷ এখন সভালৈ গৈ থকাৰ অৱস্থাতে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ পৰা জব্দ কৰে নগদ ধনখিনি ৷
লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ ৷ ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১২ টা লোকসভা সমষ্টিত আসন লাভ কৰাৰ দাবীৰে ইতিমধ্যে ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
সমান্তৰালভাৱে ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যদিও আম আদমি পাৰ্টীয়ে ডিব্ৰুগড়ত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰচাৰ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে দেওবাৰে টিংখাং সমষ্টিৰ বাজিপহুমৰা বুধবৰীয়া বজাৰ প্ৰেক্ষাগৃহত আম আদমি পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী ।
উক্ত যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ শ শ কৰ্মীয়ে যোগদান কৰিলে আম আদমি পাৰ্টীত । যোগদান অনুষ্ঠানটোত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা, আপৰ কেন্দ্ৰীয় নেতা ৰাহুল পাৱাৰ, জিলা সভাপতিৰ লগতে দলটোৰ বহুকেইগৰাকী বিষয়ববীয়া ।
উক্ত অনুষ্ঠানলৈ ডিগবৈৰ গৃহৰ পৰা আহি থকা পথত ডিগবৈ আৰক্ষীয়ে মনোজ ধানোৱাৰৰ হাতত থকা ৭০ হাজাৰ টকা জব্দ কৰাৰ লগতে দুঘন্টা সময় তেওঁক ৰখাই থয় । ইয়াকে লৈ বিজেপি চৰকাৰৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে মনোজ ধানোৱাৰে ৷ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে বিপুল সঁহাৰি দিয়া বুলিও কয় সাংবাদিকৰ আগত মনোজ ধানোৱাৰে ।
লগতে পঢ়ক: শোণিতপুৰ-ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীক সমৰ্থনৰ আহ্বান কংগ্ৰেছক