ETV Bharat / politics

কংগ্ৰেছৰ চৰকাৰ আহিলে কা বাতিল কৰা হ'ব : কংগ্ৰেছ নেতা পৱন খেৰা

Pawan Khera in Guwahati: ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ সংবাদমেল । 'কা'ৰ যোগেদি অসম চুক্তিক অপমানিত তথা অবমাননা কৰা হৈছে । মধ্য প্ৰদেশৰ 'মামা'ৰ দৰে একেই অৱস্থা হ'ব অসমৰ 'মামা'ৰ । কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ হিচাপ লোৱা হ'ব । হিচাপ লোৱা হ'ব মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ সম্পত্তিৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 4:14 PM IST

Pawan Khera in Guwahati
গুৱাহাটীত কংগ্ৰেছ নেতা পৱন খেৰা
গুৱাহাটীত কংগ্ৰেছ নেতা পৱন খেৰাৰ সংবাদমেল

গুৱাহাটী, ৬ মাৰ্চ: কংগ্ৰেছ শাসনলৈ আহিলে বাতিল কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' । এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে অসমৰ লাখ লাখ লোকৰ ত্যাগ-বলিদান পাছত অসম চুক্তি সাক্ষৰিত হৈছিল । কিন্তু 'কা'ৰ জৰিয়তে এই আইনখনক উলংঘা কৰা হৈছে । 'কা'ৰ যোগেদি অসম চুক্তিক অপমানিত তথা অবমাননা কৰা হৈছে । অসম চুক্তিয়ে দিয়া ১৯৭১ চনৰ ভিত্তিবৰ্ষক এই আইনে অমান্য কৰিছে । ২০১৪ চনৰ ভিত্তিবৰ্ষই ১৯৭১ চনৰ ভিত্তিবৰ্ষক নোহোৱা কৰিব । ইয়াক কোনো কাৰণতে মানি ল'ব নোৱাৰি ।

প্ৰধানমন্ত্ৰী অসমলৈ আহি আছে বুলি সদৰী কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে এবাৰ চাওক যে অসমৰ কিমান সম্পত্তি আৰু ভূমি মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ ওচৰলৈ গৈছে । তেওঁ লগতে কয় যে গুৱাহাটীত বসবাস কৰা লোকসকলৰ নিজৰ সম্পত্তিক লৈ চিন্তা হৈছে । ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে কিবা কাৰণত মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ চকু পৰিলে লৈ যাব পাৰে । যাৰ বাবে ৰাইজৰ শংকা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তেওঁ কয় যে যিজন আমাৰ নহ'ল সেইজন এওঁলোকৰ কি হ'ব? ‘‘তেওঁক আমি গড্ডাৰ' জ্ঞান কৰোঁ’’ বুলি কয় পৱন খেৰাই । 'মামা' বুলি মুখ্যমন্ত্ৰীয়ে নিজকে জাহিৰ কৰাৰ প্ৰসংগত তেওঁ কয় যে মধ্য প্ৰদেশৰ আৰু এজন 'মামা' শিৱৰাজ চৌহন আছিল ৷ তেওঁৰ যি হ’ল, এইজনৰো একেই অৱস্থা হ'ব । এনেকোৱা গড্ডাৰৰ কথা বেছিকৈ কৈ লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে যিজনে কংগ্ৰেছৰ লগত গড্ডাৰি কৰিলে সেইজনে নৰেন্দ্ৰ মোদীক কি এৰিব ?

আনহাতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগত তেওঁ কয় যে বিজেপিৰ দহ বছৰীয়া অন্যায়ৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দেশজুৰি ন্যায় যাত্ৰা কৰি আছে আৰু কিদৰে ন্যায় দিব তাৰো গেৰাণ্টি দিছে । দেশত এক ঘণ্টাত এজন কৃষকে আৰু দুজন যুৱকে আত্মহত্যা কৰে বুলি সদৰী কৰি তেওঁ ন্যায় যাত্ৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ চৰকাৰলৈ আহিলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা সকলো ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰা হ'ব । সেইদৰে ভূ-সম্পত্তিৰ ক্ষেত্ৰতো ন্যায় দিয়া হ'ব । মুখ্যমন্ত্ৰীয়ে কৰা সকলো অন্যায়ৰ উত্তৰ দিব লাগিব । অসমত মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা ভয়ৰ পৰিৱেশ দূৰ কৰি কংগ্ৰেছে ন্যায় প্ৰদান কৰিব বুলি মন্তব্য কৰে পৱন খেৰাই ।

তেওঁ লগতে কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে অসমত 'কা' বাতিল কৰা হ'ব । সংবিধানৰ ওপৰত কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে । কিন্তু বিজেপি চৰকাৰে সংবিধান উলংঘা কৰিছে । আনহাতে নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে অসমত কংগ্ৰেছৰ ফলাফল ভাল হ'ব । অসমত কংগ্ৰেছে ভাল আসন লাভ কৰিব । বিজেপিৰ প্ৰাৰ্থী তালিকাই প্ৰমাণ কৰে যে কংগ্ৰেছে যুঁজৰ আধা জয় কৰিছে আৰু বাকী আধা কংগ্ৰেছৰ তালিকাই জয় কৰিব ।

এইবাৰ অসমে অভিলেখ ৰচনা কৰিব বুলি সদৰী কৰি তেওঁ কয় যে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত । বিজেপিৰ ভয় আছে বাবেই অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰীক ইয়ালৈ আমন্ত্ৰণ কৰি আনে । বিজেপিয়ে যিয়েই নকৰক কিয় এইবাৰ অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ লগতে প্ৰধানমন্ত্ৰীক আহ্বান জনায় যে কাজিৰঙালৈ আহোতে যাতে মণিপুৰতো এবাৰ সোমাই আহে । কাৰণ মণিপুৰো দেশৰেই অংশ ।

লগতে পঢ়ক: কংগ্ৰেছী নেতাক হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.