ETV Bharat / politics

গৌৰৱ গগৈৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য ভুল: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA VISITS GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:14 PM IST

Mann ki Baat : দেওবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত কেন্দ্ৰীয়(ৰাজ্যিক) মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৷ মন্ত্ৰীগৰাকীয়ে দলীয় সতীৰ্থৰ সৈতে উপভোগ কৰে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতৰ অনুষ্ঠান ৷ তাৰপিছতে সংবাদ মাধ্যমৰ সৈতে কৰে বাৰ্তালাপ ৷ এই বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি কি মন্তব্য কৰিলে, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

PABITRA MARGHERITA VISITS GUWAHATI
ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত কৰিলে মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, 30 জুন: দেওবাৰে আছিল এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কি বাত অনুষ্ঠান ৷ দলীয় কৰ্মীৰ লগত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এই কাৰ্যক্ৰম শুনিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে একেলগে অংশগ্ৰহণ কৰে মহানগৰীৰ ৰাজধানী মণ্ডলৰ ১৫১ নং বুথৰ কাৰ্যকৰ্তাসকল ৷

বাজপেয়ী ভৱনত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

অনুষ্ঠানৰ শেষত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে ভিন্ন বিষয়ত বাৰ্তালাপ কৰে ৷ বিশেষকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ মাৰ্ঘেৰিটাই সাম্প্ৰদায়িক শক্তিক বিৰোধীয়ে সাৰপানী যোগান ধৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিচত প্ৰথমবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পবিত্ৰ মাৰ্ঘেৰিটা - Union Minister Pabitra Margherita

ৰাজ্যৰ কিছু কিছু অঞ্চলত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাইছে যদিও বিৰোধীয়ে তাত প্ৰতিবাদ নকৰে ৷ যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে সম্প্ৰদায়টোৱে উৎসাহ লাভ কৰে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

তাৰোপৰি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ ভোটাৰ ৰাইজ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে ভুল ব্যাখ্যা কৰা বুলি সদৰী কৰে ৷ তেওঁ কয় যে, কিছুমান মন্তব্য দলৰ নহয়, ই মাথোঁ ব্যক্তিবিশেষ ৷ তদুপৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: সৌভাগ্যৱান পবিত্ৰ মাৰ্ঘেৰিটা : মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ - Pabitra Margherita sworn in as Minister of State

উল্লেখ্য যে, শনিবাৰৰ দিনটোত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট সমষ্টিবাসীয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ভোট দি ভুল কৰা বুলি কৈছিল ৷ কংগ্ৰেছৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ যোৰহাটৰ ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ভোট দিয়া বুলি কুৰ্মীয়ে যি মন্তব্য কৰিলে, সেয়া অনুচিত বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ কি ? ভাঙি পাতি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - MLA Rupjyoti Kurmi Vs Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.