ETV Bharat / politics

দলে মোক যথেষ্টখিনি দিছে, কিন্তু দলক মই দিব পৰা নাই : ফণীভূষণ চৌধুৰী - Phani Bhusan Choudhury

Phani Bhusan Choudhury: দলে তেওঁক যথেষ্টখিনি দিয়া বুলি মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে ৷ বিপৰীতে তেওঁ দলক কিমান দিব পাৰিছে বা নাইপৰা সেয়া তেওঁ নাজানে বুলি কয় ৷ ইফালে বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে অগপৰ জ্যেষ্ঠ নেতাজনে ৷

Phani Bhusan Choudhuryt
ফণীভূষণ চৌধুৰী
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 8:54 PM IST

বৰপেটাৰোডত বিধায়ক তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী

বৰপেটাৰোড, 13 মাৰ্চ : ‘‘মই দলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আগবাঢ়িছোঁ । কাৰণ দলে মোক যথেষ্টখিনি দিছে ৷ দলৰ এগৰাকী কৰ্মী হিচাপে, এগৰাকী সৈনিক হিচাপে মই একোৱেই দিব পৰা নাই বুলি আজিৰ দিনটোত অনুভৱ হৈছে’’, এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ৷

বুধবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অসম গণ পৰিষদ দলৰ সাংগঠনিক সভাত অংশ লৈ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘ছালেকাটিৰ পৰা আমিনগাঁৱলৈ অন্তৰ্ভুক্ত বৰপেটা লোকসভা সমষ্টি । এই বৃহৎ লোকসভা সমষ্টিটোৰ বহু সমস্যা আছে । তাৰে বহু সমস্যা কেন্দ্ৰীয় চৰকাৰৰ আৰু বহু সমস্যা ৰাজ্য চৰকাৰৰ অধীনস্থ ৷ সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি বৰপেটা লোকসভা সমষ্টিৰ ভিতৰৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব ৷’’

বৰপেটাত মিত্ৰদলৰ সন্মুখত বিৰোধী নাই বুলি উল্লেখ কৰি বৰপেটাত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিৰোধীয়ে ‘ৱাক অভাৰ’ দিয়া বুলিও উল্লেখ কৰে ৷ বৃহস্পতিবাৰে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে উপস্থিত হ’বলগীয়া সভাত অভাৱনীয়ভাৱে জনসমাগম ঘটিব বুলি উল্লেখ কৰি এইবেলি বৰপেটাৰ নিৰ্বাচন একপক্ষীয় হ’ব বুলিও কয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ।

ফণীভূষণ চৌধুৰীয়ে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েই থাকিব বুলি উল্লেখ কৰে ফণীভূষণ চৌধুৰীয়ে ৷ আনহাতে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপই কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেয়া সেই সময়ত দলে সিদ্ধান্ত ল’ব বুলিও মন্তব্য কৰে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷

উল্লেখ্য যে অগপৰ আজিৰ সাংগঠনিক সভাত প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন মন্ত্ৰী তথা সাংসদ কুমাৰ দীপক দাসকে ধৰি কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.