ETV Bharat / politics

নতুন ভোটাৰৰ মনৰ কথা: তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱ ভোটাৰে কেনে নেতা বিচাৰে ? - Lok Sabha election 2024

LS polls 2024: লোকসভা নিৰ্বাচনক লৈ কিমান আশাবাদী নতুন ভোটাৰ ? কি বিচাৰে তেওঁলোকে ? বৰ্তমানৰ চৰকাৰক লৈ তেওঁলোক সুখীনে ? এই সম্পৰ্কে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:59 PM IST

Lok Sabha election 2024
LS polls 2024
নতুন ভোটাৰৰ মনৰ কথা

তেজপুৰ, 3 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ এতিয়া ভৰপক সময় । কোনোৱে গৰম কৰিছে বতাহ, কোনোৱে ঘোলা কৰিছে পানী । মুঠতে নিৰ্বাচনী যুঁজৰ বাবে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকল পূৰ্ণোদ্যমে সাজু হৈছে । এইবাৰৰ নিৰ্বাচনত কি কি বিষয়ে ভোটাৰক আকৰ্ষণ কৰিব ? বিজেপি দলে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিলেনে ? কংগ্ৰেছক আকৌ বিশ্বাসত ল'বনে ৰাইজে ? জনপ্ৰতিনিধি কেনে হোৱাটো বিচাৰে ৰাইজে ? নিৰ্বাচন সন্দৰ্ভত নতুন তথা যুৱপ্ৰজন্মৰ ভোটাৰৰ বিচাৰধাৰা কি ? এই বিষয়ে জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক ওচৰ চাপিছিল একাংশ নতুন তথা যুৱ ভোটাৰৰ । তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ এইসকল শিক্ষাৰ্থীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।

প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা শিক্ষাৰ্থীসকল ব্যাপকভাৱে আগ্ৰহী হৈ আছে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে । তেওঁলোকে বিচাৰে এগৰাকী সৰব জননেতা যি অসমৰ সমস্যাবোৰ বিষদভাৱে সংসদত তুলি ধৰিব পাৰে । লগতে নিৰ্বাচন প্ৰক্ৰিয়াটো স্বচ্ছ তথা নিকাভাৱে সমাপন হোৱাটো বিচাৰে তেওঁলোকে । এখন সুস্থিৰ চৰকাৰ হলেহে দেশৰ বিকাশ তৰান্বিত হব বুলি বিশ্বাস কৰে তেওঁলোকে ।

বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ তেওঁলোক সুখী যদিও চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নীত কৰাটো বিচাৰে এইসকল যুৱ ভোটাৰে । ভাৰতৰ ভূমি চীনে দখল কৰা বিষয় সন্দৰ্ভত তেওঁলোক যথেষ্ট সংবেদনশীল হোৱা দেখা যায় । চীনৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ প্ৰয়োজনবোধ কৰে এই নতুন ভোটাৰসকলে । চীন আৰু পাকিস্তানৰ দৰে দুখন দেশ চুবুৰীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলিও কয় তেওঁলোকে ।

লগতে পঢ়ক: বি বৰুৱা মহাবিদ্যালয়ৰ নতুন ভোটাৰে কি বিচাৰে ? ক’লে ই টিভি ভাৰতৰ সন্মুখত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.