ETV Bharat / politics

একমাত্ৰ বিজেপিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে চিন্তা কৰে : অজন্তা নেওগ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 2:18 PM IST

Lok Sabha Election 2024: কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক লগত লৈ গোলাঘাট নগৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী অজন্তা নেওগৰ । দৰাৰ দৰেই বিজেপি প্ৰাৰ্থীগৰাকীক আদৰণি একাংশ মহিলা সমৰ্থকৰ ।

Lok Sabha Election 2024
গোলাঘাটত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিশাল আদৰণি

গোলাঘাট,১২ এপ্ৰিল : সমাগম লোকসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততাৰ অন্ত নাই শাসক-বিৰোধীৰ । বৃহস্পতিবাৰে নিশা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক লগত লৈ গোলাঘাট নগৰৰ কেইবাটাও ৱাৰ্ডত ব্যাপক নিৰ্বচনী প্ৰচাৰ চলাই মন্ত্ৰী অজন্তা নেওগে । নগৰৰ ১০, ৮ আৰু ৬ নং ৱাৰ্ডত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে ।

ইফালে ৱাৰ্ডকেইটাৰ বাসিন্দা তথা বিজেপিৰ সমৰ্থকসকলে দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক ব্যতিক্ৰমী ধৰণে আদৰণি জনায় । এগৰাকী দৰাক আদৰাৰ দৰেই মহিলাসকলে চাকি-ধূপ জ্বলাই, উৰুলিৰ ধ্বনিৰে প্ৰাৰ্থীগৰাকীক আদৰণি জনায় । দলীয় কৰ্মী আৰু সমৰ্থকৰ এই আদৰণি দেখি আপ্লুত বিজেপি প্ৰাৰ্থীগৰাকী ।

ইফালে উক্ত নিৰ্বচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে ভাষন প্ৰসংগত কয় যে দেশৰ অৰ্থনীতি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাটো অত্যন্ত প্ৰয়োজন । কাৰণ ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ হ'লে নৰেন্দ্ৰ মোদীক বাদ দি দ্বিতীয় কোনো হ'ব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

লগতে ভাৰতবৰ্ষৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে যিসমূহ জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে পূৰ্বে কোনো এখন চৰকাৰে সেই কাম কৰাৰ নজিৰ নাই বুলিও তেওঁ দাবী কৰে । দেশ স্বাধীন হোৱাৰ পাছৰে পৰা কংগ্ৰেছ দলে শাসন চলাইছিল যদিও ভাৰতত বসবাস কৰা দৰিদ্ৰ জনসাধাৰণৰ বাবে সেই দলে কি কৰিলে বুলিও অজন্ত নেওগে প্ৰশ্ন কৰে ।

মন্ত্ৰী অজন্তা নেওগৰ মতে একমাত্ৰ বিজেপি দলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে চিন্তা কৰে । বিৰোধীক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ হৈছে পৰিয়ালকেন্দ্ৰিক দল । তেওঁৰ মতে কেৱল নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীক গালি দি থাকিলে দেশৰ উন্নয়ন নহয় ।

গোলাঘাট নগৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ পৌৰপতি সীমান্ত বৰা, জিলা বিজেপিৰ উপ সভাপতি সত্যজিৎ বৰঠাকুৰকে ধৰি প্ৰতিটো ৱাৰ্ডৰ সদস্য আৰু নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে । আনহাতে সাংবাদিকৰ সন্মুখত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কয় যে ৰাইজৰ এই বিশাল আদৰণি তেওঁৰ বাবে নহয় মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিহে আছিল । অজন্তা নেওগৰ ৰাইজৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে বাবেই এনেদৰে আদৰণি জনাইছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :তিনিচুকীয়া-বিশ্বনাথত প্ৰচাৰ চলাবৰ বাবে অসমলৈ আহি আছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.