ETV Bharat / politics

মুখত নাৰী সৱলীকৰণৰ শ্ল'গান : কিন্তু নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত এলাগী কিয় মহিলা ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Female candidates in LS polls: ভোট নাৰীৰে লাগে, কিন্তু প্ৰাৰ্থী হিচাপে নালাগে নাৰীক । অসমত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১২ গৰাকী‌হে মহিলা প্রার্থী ।

Female candidates in LS polls
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:25 PM IST

গুৱাহাটী, ২৪ এপ্রিল: শাসকীয় দলৰ পৰা আৰম্ভ কৰি‌ বিৰোধীদলসূহে সকলোৱে মহিলা‌সৱলীকৰণৰ‌ কথা কৈ থাকে যদিও কাৰ্যতঃ জনপ্রতিনিধি কৰাৰ প্রশ্ন আহিলেই ৰাজনৈতিক দল, ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোক এলাগী হৈ পৰে । পূৰ্বৰ দৰে এইবাৰো শাসক কি বিৰোধী দলসমূহে লোকসভা নিৰ্বাচনত মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত এলাগী মনোভাৱৰ পৰিচয় দিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মহিলাৰ সুৰক্ষা, মহিলাৰ বাবে সংৰক্ষণ আদি বিষয়ক লৈ দশকজুৰি অব্যাহত থকা আলোচনা-বিতৰ্ক আৰু শেহতীয়াকৈ সংসদ আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়ক (নাৰী শক্তি বন্ধন অধিনিয়ম) আইনৰ ৰূপ পোৱাৰ পাছতো চলিত লোকসভা নির্বাচনত প্রার্থিত্ব দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে ৰাজ্যত মহিলাসকলক এলাগী কৰিছে ।

নিৰ্বাচন আয়োগৰ তথ্য মতে ৰাজ্যখনত তিনিটা পৰ্যায়ত হোৱা নিৰ্বাচনত অৱতীৰ্ণ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্রার্থী মাত্ৰ ১২ গৰাকী । অৰ্থাৎ অসমত ১৪ টা সংসদীয় সমষ্টিত অৱতীৰ্ণ প্ৰাৰ্থীৰ মাত্ৰ ৮.৩ শতাংশহে মহিলা প্রার্থী ।

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ তথ্য মতে ২০১৪ চনত অসমত ১৪টা লোকসভা সমষ্টিত অৱতীৰ্ণ প্ৰাৰ্থীৰ ভিতৰত মহিলা প্রার্থী আছিল মাত্ৰ ৯.২ শতাংশ । আকৌ ২০১৯ চনত অসমত ১০.৩ শতাংশ মহিলা প্রার্থী নির্বাচনত অৱতীৰ্ণ হৈছিল ।‌ এইবাৰ অসমত ১৪ টা সংসদীয় সমষ্টিত অৱতীৰ্ণ প্ৰাৰ্থীৰ মাত্ৰ ৮.৩ শতাংশহে মহিলা প্রার্থী ।

ইয়াৰ‌ পৰা‌ দেখা যায় যে শেহতীয়াকৈ সংসদ আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়ক (নাৰী শক্তি বন্ধন অধিনিয়ম) আইনৰ ৰূপ পোৱাৰ পাছত এইবাৰ মহিলা প্ৰাৰ্থীৰ অংশীদাৰিত্ব বৃদ্ধি হোৱাৰ‌ পৰিৱৰ্তে হ্ৰাসহে হৈছে । এইবাৰ সৰ্বভাৰতীয় পৰ্যায়তো প্রায় ৮ শতাংশ মহিলা প্রার্থীহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

মন কৰিবলগীয়া যে নির্বাচন আয়োগৰ তথ্য অনুসৰি অসমত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১২ গৰাকী মহিলা প্ৰাৰ্থীৰ তিনিগৰাকী নিৰ্দলীয় । দল হিচাপে গণ সুৰক্ষা পাৰ্টীয়ে সৰ্বাধিক তিনিগৰাকী মহিলাক প্রার্থিত্ব দিছে । দেশৰ শাসনত থকা সর্ববৃহৎ দল অসমত বিজেপিয়ে মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাক প্রার্থিত্ব দিছে । তেওঁ গুৱাহাটীৰ প্রার্থী বিজুলী কলিতা মেধি ।

আনহাতে, বিৰোধী দল কংগ্ৰেছৰ ১৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুগৰাকী মহিলা । কাজিৰঙাৰ ৰ'জলীনা তিৰ্কী আৰু গুৱাহাটীৰ মীৰা বৰঠাকুৰ । এছ ইউ চি আই (কমিউনিষ্ট), হিন্দু সমাজপাৰ্টী আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলে এগৰাকীকৈ মহিলাক প্রার্থিত্ব দিছে ।

উল্লেখ্য যে প্রার্থিত্বৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ বাবে কাৰ্যতঃ এলাগী মহিলাসকল ৰাজ্যত ভোটৰ শক্তিত পুৰুষৰ সমান । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত প্ৰকাশ পোৱা নতুন ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হ’ল ২ কোটি ৪৩ লাখ ১ হেজাৰ ৯৬০ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হ’ল ১ কোটি ২১ লাখ ৭৯ হেজাৰ ৩৫৮ গৰাকী আৰু মহিলা ভোটাৰ হ’ল ১ কোটি ২১ লাখ ২২ হেজাৰ ৬০২ গৰাকী । পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা প্ৰায় সমান ।

নির্বাচন বিভাগৰ তথ্য মতে, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গুৱাহাটী সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক । আকৌ শোণিতপুৰ, কোকৰাঝাৰ, দৰং-ওদালগুৰি, কাজিৰঙা, শিলচৰ আৰু ডিফুত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা প্রায় সমান ।

ৰাজনৈতিক দলসমূহক নিৰ্বাচনত জয়ী হ'বলৈ নাৰীসকলকে লক্ষ্য কৰি লয় । বিজেপি চৰকাৰে মহিলা‌ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে লাখপতি দিদি, অসমত অৰুণোদয় আঁচনি আৰু মাইনা আঁচনি আদি আঁচনিক টোপ হিচাপে লৈছে । ইপিনে প্ৰায়ভাগ সভা সমিতিত দেশত ন্যায় যাত্ৰাৰ‌ মাজেৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নাৰী‌ৰ সমঅধিকাৰৰ কথা আওৰায়‌ থাকে ।‌ কিন্তু বাস্তৱত নাৰীক ৰাজনৈতিক দলসমূহে জনপ্ৰতিনিধি কৰাৰ ক্ষেত্ৰত হেয় মনোভাৱৰ পৰিচয় দি আহিছে । সেয়া এইবাৰৰ লোকসভা নিৰ্বাচনতো ব্যতিক্ৰম দেখা নগ'ল ।

লগতে পঢ়ক: ৰহস্যৰ আৱৰ্তত ভোটৰ সময়ত আৱিৰ্ভাৱ হোৱা অস্তিত্বহীন ৰাজনৈতিক দল ! - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.