ETV Bharat / politics

পুৰণি বিজেপিয়ে নতুন বিজেপি মন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:27 PM IST

Gaurav Gogoi in Kaliabor: কলিয়াবৰবাসীৰ উষ্ম আদৰণি গ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা নৱ-নিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ । এগজিট প'লৰ সমীক্ষা ওলোৱাৰ লগে লগে ষ্টক মাৰ্কেটৰ অভাৱনীয় উত্থান আৰু নিৰ্বাচনী ফলাফলৰ পতনৰ সৈতে গোপন ষড়যন্ত্ৰ চলাৰ সন্দেহ গগৈৰ ।

Gaurav Gogoi slams Himanta Biswa Sarma and BJP in Kaliabar
কলিয়াবৰত উপস্থিত গৌৰৱ গগৈ (ETV Bharat Assam)

কলিয়াবৰ,৬ জুন: কলিয়াবৰ এৰি যোৰহাটৰ চক্ৰবেহু মষিমূৰ কৰি বিজয়ী হৈ চমক সৃষ্টি কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰা গৌৰৱ গগৈ বৃহস্পতিবাৰে উপস্থিত হয় কলিয়াবৰত । নৱ নিৰ্বাচিত সাংসদগৰাকীক উষ্ম আদৰণি জনাই কলিয়াবৰ কংগ্ৰেছে । কলিয়াবৰবাসীৰ আদৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত বিজেপিক তীব্ৰ সমালোচনা কৰে গগৈয়ে ।

এগজিট প'লৰ সমীক্ষা ওলোৱাৰ লগে লগে ষ্টক মাৰ্কেটৰ অভাৱনীয় উত্থান আৰু নিৰ্বাচনী ফলাফলৰ পতনৰ সৈতে কি গোপন ষড়যন্ত্ৰ আছে সেই লৈ এক তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে । দিল্লীৰ সমীপতে থকা উত্তৰ প্ৰদেশত বিজেপি দলৰ দুৰৱস্থাৰ বিষয়ে অনুমান কৰিব নোৱৰা বিষয়টোও সন্দেহৰ আৱৰ্তত বুলি গৌৰৱ গগৈ প্ৰকাশ কৰে । মাত্ৰ এদিনৰ বাবে ষ্টক মাৰ্কেটৰ অবিশ্বাস্য উত্থান-পতনৰ লগত এচাম অসৎ ব্যৱসায়ীৰ কি গোপন লেনদেন আছে সেই লৈও তদন্ত বিচাৰিব বুলি জনাই সাংসদগৰাকীয়ে ।

খুমটাইৰ বিধায়কে গৌৰৱ গগৈক অভিনন্দন জনোৱাক লৈ সোধাত এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় "প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়েও বৰ্তমান অসমৰ বিজেপি চৰকাৰৰ নতুন বিজেপি মন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । বিজেপিৰ দুৰ্দিনৰ সময়ত দলটোৰ অস্তিত্ব ৰক্ষা কৰা নেতাসকল বৰ্তমান সুবিধালোভী ন-বিজেপিসকলৰ আচৰণত বিতুষ্ট হোৱাৰ প্ৰমাণ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । মৃণাল শইকীয়া, ৰাজেন গোহাঁই, অশোক শৰ্মাই নিজৰ ফাইল বন্ধ কৰিবলৈ, ধন-সম্পত্তি কৰিবলৈ বিজেপি দলত সোমোৱা নাই । চি বি আইৰ তদন্ত বন্ধ কৰিবলৈ বিজেপি দলত সোমোৱা নাই ।"

কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত অনুষ্ঠিত আদৰণি সভাত বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হয়হি গৌৰৱ গগৈ । আদৰণি সভাত যোৰহাট সংসদীয় সমষ্টিৰ গৌৰৱ গগৈক উষ্ম আদৰণি জনোৱাৰ লগতে কেক্‌ কাটি আনন্দ উল্লাস কৰে দলীয় কৰ্মীসকলে ।

তেওঁ কয়, "কলিয়াবৰৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি আজি যোৰহাটৰ সাংসদ হ'লেও কলিয়াবৰক কেতিয়াও পাহৰিব নোৱাৰো । কলিয়াবৰৰ সৈতে যি আন্তৰিক সম্পৰ্ক আছে সেই সম্পৰ্ক যোৰহাটৰ সাংসদ হৈ থাকিলেও অটুত থাকিব । কলিয়াবৰৰ পৰা কাজিৰঙা হোৱা লোকসভা সমষ্টিত নতুন সাংসদ হ'লেও এই অঞ্চলটোৰ বাবে কৰিবলগীয়াখিনি কৰি যাম ।"

লগতে তেওঁ কয় "এই নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছ দলে যি জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে, ই অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ যাত্ৰাত এক নতুন বাট দেখুৱাব । এয়া ছেমিফাইনেল, অহা ২০২৬ চনৰ ফাইনেললৈ আমি এতিয়াৰে পৰাই সাজু হ'ব লাগিব । চাহ বাগিচাৰ বিপুল সমৰ্থন অসমৰ প্ৰায়কেইটা সমষ্টিতে লাভ কৰিছো । মহিলাসকলেও বিজেপি দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলেও ভোট দিলে কংগ্ৰেছক ।"

মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনৰ বিজয় সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি কৰা মন্তব্যৰ প্ৰসঙ্গত গগৈয়ে কয়, "বিজেপি দলৰ দৰে সাম্প্ৰদায়িক এ আই ইউ দি এফ দলকো এই নিৰ্বাচনত অসমীয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে । তাৰ প্ৰমাণ ধুবুৰীৰ নিৰ্বাচনে দিছে ।"

লগতে পঢ়ক: অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.