ডিব্ৰুগড় : অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত শক্তি বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিলে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । ২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব লাভ কৰাত উৎফুল্লিত হৈছে ডিব্ৰুগড় সমষ্টিৰ ৰাইজ ।
উজনিৰ অতি শক্তিশালী বিজেপি নেতা প্ৰশান্ত ফুকনে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দলটোৰ হৈ কংগ্ৰেছ চৰকাৰৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিৰোধী হিচাপে বিধানসভাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছিল । ফলত প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব লাভ কৰাত দলীয় কৰ্মীয়ে তেওঁক আদৰণি জনায় ।
অসম চৰকাৰৰ শক্তি, নিয়োগ, দক্ষতা বিকাশ আৰু চিকিৎসা শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰি বৃহস্পতিবাৰে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হয় মন্ত্ৰীগৰাকী । বিয়লি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায় মন্ত্ৰিত্ব লাভৰ পিছত ডিব্ৰুগড়ত উপস্থিত হোৱা প্ৰশান্ত ফুকনক ।
মোহনবাৰী বিমানবন্দৰত ঢোলে-দগৰে আদৰণি
তিনিটাকৈ বিশেষ দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক আদৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায় । গায়ন-বায়ন, বিহু-ঝুমুৰেৰে আদৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজ সদলবলে উপস্থিত হয় মোহনবাৰী বিমানবন্দৰত । ডিব্ৰুগড় বিমানবন্দৰস্থলী একপ্ৰকাৰ জনাকীৰ্ণ হৈ পৰে মৰমৰ বিধায়কগৰাকীক আদৰিবলৈ ।
শিশুৰ পৰা জ্যেষ্ঠলৈকে বিভিন্ন জাতি-বৰ্ণ নিৰ্বিশেষে ওলাই আহে নৱনিযুক্ত শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনক আদৰিবলৈ । আনহাতে, অভূতপূৰ্বভাৱে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৰেলী কৰি প্ৰশান্ত ফুকনক আদৰি নিয়া হয় জিলা কাৰ্যালয়লৈ ।
জিলা বিজেপি কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনক সম্বৰ্ধনা
ডিব্ৰুগড় বিমানবন্দৰৰ পৰা সমদল উলিয়াই জিলা বিজেপিৰ কাৰ্যালয়লৈ আদৰি নিয়া কাৰ্যত মন্ত্ৰী প্ৰশান্ত ফুকনে ধন্যবাদ জনায় ডিব্ৰুগড়ৰ ৰাইজক । ইয়াৰ পাছতে ডিব্ৰুগড় জিলা বিজেপিৰ আমোলাপট্টি মুখ্য কাৰ্যালয়ত নৱনিযুক্ত মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় বিজেপিৰ নেতা-কৰ্মীসকলে ।
অসমৰ ৰাইজক ২৪ ঘণ্টাই কাম কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী প্ৰশান্ত ফুকনৰ
ইফালে মন্ত্ৰিত্ব লাভ কৰা পাছত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "৪২ বছৰ ধৰি ডিব্ৰুগড় সদৰ সমষ্টিৰ পৰা কোনো মন্ত্ৰী হোৱা নাছিল । ডিব্ৰুগড় সমষ্টিত চাৰিবাৰ বিধায়ক হোৱাৰ পাছত মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে ডিব্ৰুগড়বাসী আনন্দিত হৈছে । তিনিটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব দিয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ । এই বিভাগকেইটাৰ জৰিয়তে অসমৰ ৰাইজৰ ভালৰ বাবে যি কৰিব লাগে, যিমান কষ্ট কৰিব লাগে কৰিম ।" লগতে অসমৰ ৰাইজক মন্ত্ৰী হিচাপে ২৪ ঘণ্টাই কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ।