ETV Bharat / politics

অসমৰ পাঁচোখন আসনতে এন ডি এৰ বিজয় সাব্যস্ত - ASSEMBLY ELECTION 2024

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা । পাঁচ সমষ্টিত মিত্ৰজোঁটৰ বিজয়ধ্বজা । কোন সমষ্টিত কোনে লাভ কৰিলে কেইটা ভোট ?

NDA wins all five seats in Assam Assembly by-poll
পাঁচখন আসনতে এন ডি এ বিজয় সাব্যস্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 8:04 PM IST

গুৱাহাটী: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে শনিবাৰে আটাইকেইটাতে জয়লাভ কৰে । ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপিয়ে বিহালী, চামগুৰি আৰু ধলাই বিধানসভা আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ইউ পি পি এলে ক্ৰমে বঙাইগাঁও আৰু চিদলী আসনত জয়লাভ কৰে ।

বিজেপিৰ দিগন্ত ঘাটোৱাল, দিপ্লুৰঞ্জন শৰ্মা আৰু নীহাৰৰঞ্জন দাসে বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ পৰা পৰ্যায়ক্ৰমে জয়লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁও আসনত জয়লাভ কৰে । ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম চিদলী বিধানসভা আসনত জয়লাভ কৰে । পুৱা ৮ বজাত গণনা আৰম্ভ হোৱাৰ পৰা বেছিভাগ সমষ্টিতে এন ডি এৰ প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছিল ।

বিহালী সমষ্টিত দিগন্ত ঘাটোৱালে ৯০৫১ টা ভোটৰ ব্যৱধানত জয়ী হয় । ঘাটোৱালে ৫০৯৭৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰাই মাত্ৰ ৪১৮৯৬ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ যুৱ নেতা দিল্পুৰঞ্জন শৰ্মাই চামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনক ২২,৭৫৫ ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ।

চামগুৰিৰ বিজয় গেৰুৱা দলটিৰ বাবে ঐতিহাসিক, কিয়নো প্ৰথমবাৰৰ বাবে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত এটা সমষ্টিৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল । চামগুৰি সমষ্টিটো পূৰ্বৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হয় । ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন জয়ী হোৱাৰ বাবে খালী হোৱা আসনখনত এইবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁৰ পুত্ৰ তানজিল হুছেইনে । কিন্তু বিজেপিৰ দিল্পুৰঞ্জনে ৭৮৬২৮ টা ভোট লাভ কৰাৰ বিপৰীতে হুছেইনৰ পুত্ৰ তানজিলে মাত্ৰ ৫৫৮৭৩ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় ।

ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি গেৰুৱা দলৰ আধিপত্য বজাই ৰাখে । নীহাৰ ৰঞ্জন দাসে ৬৮৭৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই মাত্ৰ ৫৯৭৪২ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । বঙাইগাঁৱত অগপৰ ৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে ৭৪৭৩৪টা ভোট লাভ কৰি জয়লাভ কৰে । আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই মাত্ৰ ৩৯৫৭০ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে ।

প্ৰাক্তন মন্ত্ৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে অসমৰ পাঁচোটা সমষ্টিৰ উপ-নিৰ্বাচনত সৰ্বাধিক ৩৫১৫৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে । বঙাইগাঁও অসম গণ পৰিষদৰ এক দুৰ্গ আছিল আৰু ফণীভূষণ চৌধুৰীয়ে ১৯৮৫ চনৰ পৰা একেৰাহে যোৱা ৮টা কাৰ্যকাল এই আসনত জয়লাভ কৰি আহিছে । চিদলী সমষ্টিৰ পৰা এন ডি এৰ অংশীদাৰ ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭০১৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । ব্ৰহ্মই ৯৫২৪৩টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বি পি এফৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে মাত্ৰ ৫৮২৭৭ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম X হেণ্ডেলত কয়,"অসম বিধানসভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫ খনৰ ভিতৰত ৫ খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে ।"

তেওঁ লগতে কয়,"বিশেষকৈ প্ৰায় ৬৫% সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক'ব বিচাৰিছোঁ । যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে । ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাৱাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ'ল ।"

লগতে পঢ়ক: বঙাইগাঁৱত আনন্দৰ দীপ্তি চকুৱে-মুখে বিয়পিল দীপ্তিময়ীৰ

চামগুৰিত ২৫ বছৰীয়া এটা অধ্যায় শেষ: ৰকিবুলৰ অভেদ্য দুৰ্গত বিজেপিৰ বিজয়ধ্বজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.