নলবাৰী, ৯ আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই ৷ নলবাৰী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷
অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰা পিছতে বিজেপিৰ নলবাৰী জিলাৰ কৰ্মকৰ্তাই সংবাদমেল অনুষ্ঠিত কৰি বহু অভিযোগ উত্থাপন কৰে নেতাগৰাকীৰ বিৰুদ্ধে ৷ নলবাৰীৰ বিজেপি নেতা পংকজ ডেকাই কয়, ‘‘ উচ্চাকাংক্ষা আছে অশোক শৰ্মাৰ ৷ অশোক শৰ্মাই ভাবিছে তেওঁ গ’লে সকলো পুৰণি মানুহ যাব ৷ তেওঁৰ ত্যাগ থকা বুলি নাভাবো ৷ তেওঁলোকৰ মুখতে শুনিছিলো কংগ্ৰেছ অস্পৃশ্য দল বুলি ৷ আজি সেই দলৰে শৰণাপন্ন হ’ল ৷ কংগ্ৰেছত টিকট নাপালে তেওঁ আজমলৰ শৰণাপন্ন হ’ব ৷’’
আনহাতে বিজেপি নেতা নন্দলাল সৰকাৰে কয়, ‘‘অশোক শৰ্মা কোনো দলৰ পৰাই দলীয় টিকট পোৱাৰ যোগ্য নহয় ৷ অশোক শৰ্মাই ব্যক্তিগত স্বাৰ্থৰ বাবে কংগ্ৰেছ, এ আই ইউ ডি এফৰ পৰা টকা লৈ দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰিছিল ৷ তেখেত যোৱাটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে মংগল হৈছে ৷"
উল্লেখ্য যে অশোক শৰ্মা বিজেপিৰ ধূলিকণাহে আছিল বুলি মন্তব্য কৰে নলবাৰী বিজেপিৰ কৰ্মকৰ্তাই ৷ অশোক শৰ্মাৰ বিজেপি ত্যাগে দলৰ একো ক্ষতি নকৰে বুলি সংবাদমেলত বিজেপি নেতাই মন্তব্য কৰে ৷ যিজন মানুহে বিজেপি দলৰ আদৰ্শ দেখুৱাইছিল সতীৰ্থ কৰ্মীসকলক, সেইগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰাত একো ক্ষতি নকৰে বুলি মন্তব্য কৰে ৷
তদুপৰি অশোক শৰ্মাই বিজেপি দলৰ আদৰ্শক জলাঞ্জলি দি কংগ্ৰেছত যোগদান কৰিছে , আন কোনোৱে বিজেপি এৰি অশোক শৰ্মাৰ লগত নাযায় বুলিও মন্তব্য কৰে জিলা বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাই ৷ আনহাতে অশোক শৰ্মাই চৰকাৰী মাটি দখল কৰি আছে বুলি অভিযোগ উত্থাপন কৰে জিলা বিজেপিৰ বিষয়বীয়াসকলে । অশোক শৰ্মাই এছ আৰ ডি এ অফিচৰ কাষত বিশ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ কৰ্মীসকলে ।
অভিযোগ অনুসৰি অশোক শৰ্মা বিধায়ক হৈ থকা অৱস্থাতেই বিভিন্ন ঠাইত নামে-বেনামে মাটি ক্ৰয় কৰিছিল । অশোক শৰ্মা এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তি বুলি নলবাৰী জিলা বিজেপিয়ে অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক : কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী
কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ
হিমন্ত বিশ্ব শৰ্মাৰ আচৰণৰ বাবেই অসমতো বাংলাদেশৰ দৰে অৱস্থা হ’ব: অশোক শৰ্মা