গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : ৰাজ্যসভাত এক সাৰ্বজনীন গুৰুত্বপূৰ্ণ বিষয়ক লৈ মঙলবাৰে সৰৱ হৈ উঠে অসমৰ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা । মঙলবাৰে ৰাজ্যসভাৰ শূন্যকালীন ঘন্টাত আহাৰ অপচয়ৰ দৰে এক সংবেদনশীল বিষয়ক লৈ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । সংস্কৃত শ্লোকেৰে সাংসদগৰাকীয়ে নিজৰ ভাষণ আৰম্ভ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
সংস্কৃতত ভোজন মন্ত্ৰ পৰিৱেশন কৰি তেওঁ কয় যে, ভাৰতবৰ্ষত প্ৰতি বছৰে বিভিন্ন কাৰণত প্ৰায় ৬.৮৭ কোটি টন আহাৰ অপচয় হয় অৰ্থাৎ প্ৰতিগৰাকী নাগৰিকে প্ৰতি বছৰে প্ৰায় ৫০ কিল’গ্ৰাম আহাৰ অপচয় কৰে । আপাত দৃষ্টিত ভাৰতবৰ্ষত প্ৰতি বছৰে অপচয় হোৱা আহাৰৰ বাবদ প্ৰায় ৮৯,০০০ কোটি টকা অপচয় হয় যিটো ভাৰতবৰ্ষৰ বাবে বাৰ্ষিক জিডিপি-ৰ প্ৰায় ১ শতাংশ বুলিও সাংসদগৰাকীয়ে UNDP-ৰ খাদ্য অপচয় সূচাংক ৰিপ'ৰ্টৰ উদ্ধৃতি দি উল্লেখ কৰে ।