বোকাখাত, 30 মাৰ্চ: কংগ্ৰেছ দলক এটা অভিশপ্ত দল হিচাপে আখ্যা দিছে কামাখ্যা প্ৰসাদ তাছাই ৷ ৰাইজে কংগ্ৰেছ দলক অভিশাপ দিয়া বুলিও মন্তব্য কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
সাংসদ তথা কাজিৰঙাৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে কংগ্ৰেছ দল বিৰোধী হিচাপে বিজেপিৰ বিৰোধ কৰাটো সাধাৰণ কথা ৷ কিন্তু সাধাৰণ ৰাইজেও কংগ্ৰেছ দলক গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰিছে কামাখ্যা প্ৰসাদ তাছাই ৷ তেওঁ কয় যে জনসাধাৰণেই যদি কংগ্ৰেছৰ লগত নাথাকে, তেন্তে থাকি কি লাভ ? শনিবাৰে বোকাখাতত সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছক তুলাধূণা দিলে সাংসদ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷
উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ সাংসদ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সমষ্টিটোত ইখনৰ পিচত সিখন নিৰ্বাচনী সভাত অংশ লৈ প্ৰচাৰ চলাই আছে ৷ শনিবাৰেও প্ৰাৰ্থী তাছাই বোকাখাতৰ কুৰুৱাবাহী যুৱ সংঘত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লয় ৷ ইফালে, বিজেপিৰ প্ৰতি স্বতঃস্ফূতভাৱে নৱপ্ৰজন্ম আকৰ্ষিত হৈছে বুলি প্ৰকাশ কৰি তাছাই কয় যে ৰাইজে চকুৰ সন্মুখত উন্নয়ন, পৰিৱৰ্তন দেখিছে ৷
আনহাতে ধুবুৰী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ খুলিব বুলি কৈ থকাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কামাখ্যা প্ৰসাদ তাছাই ৷ তেওঁ কয় যে বোকাত নামিলে ভালকৈ নামিব লাগে ৷ মুখ খুলিম খুলিম বুলি কৈ থকাতকৈ খুলি দিব লাগে ৷ ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থকাৰ দিনত আটাইতকৈ বেছি গঁড হত্যা হোৱাটো সমগ্ৰ বিশ্বই জানে বুলি মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই ৷
ইফালে ভূপেন বৰাই আঠুৱা চাই ঠেং মেলিব লাগে বুলি ক’লে কামাখ্যা প্ৰসাদ তাছাই ৷ 2026ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী মুখ্যমন্ত্ৰী হ’ব বুলি নিজে কৰা মন্তব্যৰ প্ৰসংগত তাছাই কয় যে ভূপেন বৰাই ভৰিৰ তলৰ মাটি আছেনে নাই চাই ল’ব লাগে ৷
লগতে পঢ়ক: পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত