ETV Bharat / politics

ডিমা হাছাওত অব্যাহত বিজেপিত যোগদান কাৰ্যসূচী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:36 PM IST

Dima Hasao BJP: শাসকীয় দলৰ প্ৰতি আকৃষ্ট হৈ আন দল ত্যাগ কৰাৰ ধাৰা অব্যাহত আছে ৷ মঙলবাৰে কেৱল ডিমা হাছাও জিলাতেই বিজেপিত যোগদান কৰিলে ডেৰ শতাধিক লোকে ৷

Dima Hasao BJP
ডিমা হাছাওত অব্যাহত বিজেপিত যোগদান কাৰ্যসূচী

হাফলং, 9 এপ্ৰিল : লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 9 টা দিন ৷ এই পৰ্যন্তও ৰাজ্যৰ আন আন ঠাইৰ দৰে ডিমা হাছাও জিলাত অব্যাহত আছে বিজেপি দলত যোগদানৰ কাৰ্যসূচী । বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডিমা হাছাও জিলাত এতিয়া প্ৰতিদিনেই বিজেপি দলত যোগদান কাৰ্যসূচী অব্যাহত আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিমা হাছাও জিলাৰ হাফলং, লাংটিং, হাতীখালি, কালাচান্দ, মাইবাং, উমৰাংচো আদি ঠাইত প্ৰতিদিনে শতাধিক লোকে বিজেপি দলত যোগদান কৰি আছে ৷ উল্লেখ্য যে পশ্চিম কাৰ্বি-আংলং, কাৰ্বি-আংলং আৰু ডিমা হাছাও এই তিনিখন জিলা সামৰি 6 নম্বৰ ডিফু সংসদীয় জনজাতি লোকসভা সমষ্টিৰ নিৰ্বাচনত অহা 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ মাজতে অসমৰ এই পাহাৰীয়া জিলাখনত বিজেপি দলত যোগদান কাৰ্যসূচী অব্যাহত আছে । মঙলবাৰেও ডিমা হাছাও জিলাৰ মাহুৰত ডেৰ শতাধিক লোকে বিজেপি দলত যোগদান কৰে ৷

মঙলবাৰে মাহুৰ অডিট'ৰিয়াম হলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা, পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰবীতা জহৰি আৰু মাইবাং মণ্ডল বিজেপিৰ নেতা-কৰ্মীৰ উপস্থিতিত ডেৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা নেতা-কৰ্মীসকলক বিজেপি দললৈ আদৰণি জনাই দেবলাল গাৰ্লচাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা বিভিন্ন উন্নয়নমূলক আচঁনিৰ কাম-কাজত আকৃষ্ট হৈ এতিয়া সকলোৱে বিজেপি দলত যোগদান কৰিছে ।

উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যৰ বহু ঠাইত কংগ্ৰেছ দল ত্যাগ কৰে বহু নেতা-কৰ্মীয়ে ৷

লগতে পঢ়ক: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ অগপত যোগদান: আলফা সমস্যা সমাধান হোৱা নাই বুলি মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.