মৰাণ, 22 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন ৷ ৰাজ্যত পূৰ্ণ্যেদমে চলিছে নিৰ্বাচনী প্ৰস্তুতি ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন । জ্যেষ্ঠ বিজেপি নেতা তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বৃহস্পতিবাৰৰ নিশা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক সমীক্ষা আগবঢ়ায় সংবাদ মাধ্যমৰ আগত ৷
বিধায়ক ফুকনে সংবাদ মাধ্যমৰ আগত সমষ্টিটোত সৰ্বানন্দ সোণোৱালে 5 লাখ ভোটত জয়লাভ কৰিব বুলি দাবী কৰি কয়, "ডিব্ৰুগড় লোকসভা সমষ্টিত 10 ৰ পৰা 11 লাখ ভোটাৰ আছে । ইয়াৰে সৰ্বানন্দ সোণোৱালে পাঁচ লাখ ভোটত লীড ল'ব, লুৰীণজ্যোতি গগৈয়ে দুই লাখ ভোট পোৱাৰ লগতে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে এক লাখ ভোট লাভ কৰিব । এইবাৰ নতুন ভোটাৰে সৰ্বানন্দ সোণোৱালক ভোট দিব ।"
ইয়াৰোপৰি বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত অধিকাংশ কংগ্ৰেছী ভোটাৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ অথবা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে বুলি দাবী কৰি ন’টাত ভোট দিব বুলি সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ অধিক আত্মবিশ্বাসী হৈ ফুকনে কয়, "ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালে 5 লাখ ভোটত জয়লাভ কৰিব, ৰিটাৰ্ণিং অফিচাৰেহে চহী কৰিবলৈ বাকী আছে ।"
উল্লেখ কৰা প্ৰয়োজন যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰচাৰ অব্যাহত ৰাখিছে । যিয়ে আকৰ্ষণীয় কৰি তুলিছে সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন ৷
লগতে পঢ়ক : ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ