ETV Bharat / politics

বঙাইগাঁৱত অগপৰ ভেঁটি শক্তিশালী, দুজন ওলাই গ'লেও দলৰ ক্ষতি নহয় : পোনাকণ বৰুৱা

Election 2024: কেবিনেট মন্ত্ৰী যোগেন মহনৰ মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰত অগপৰ দলীয় কৰ্মশালা আৰু সাংগঠনিক সভা ৷ সভাত অংশগ্ৰহণ অগপ সম্পাদক চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam Bye polls 2024
উপ নিৰ্বাচন ২০২৪ (ETV Bharat Assam)

ডিব্ৰুগড় : মিত্ৰতাৰে দিছপুৰত চৰকাৰ চলালেও শাসক দল বিজেপি আৰু অগপই পৃথকে পৃথকে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । বিজেপিয়ে যিদৰে অগপন দখলত থকা সমষ্টিত নিজৰ সাংগঠনিক কামকাজ কৰিছে ঠিক অগপও পিছ পৰি ৰোৱা নাই ।

নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা বৃদ্ধিৰ পাইছে অসম গণ পৰিষদ দলৰ । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলক সাজু কৰি তুলিছে মাহমৰা সমষ্টিৰ অগপ দলে ৷ দেওবাৰে কেবিনেট মন্ত্ৰী যোগেন মহনৰ মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰত অগপই অনুষ্ঠিত কৰে সাংগঠনিক সভা ।

দেওবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বিশ্ৰামপুৰত অগপৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এখনি দলীয় সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয় । আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে দলৰ ভেঁটি মজবুত কৰিব পাৰি তাৰ বাবেই আয়োজন এই সাংগঠনিক কৰ্মশালাৰ ৷ পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থী বা সদস্যসকলে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা হয় এই সভাত ৷

উপ নিৰ্বাচন ২০২৪ (ETV Bharat Assam)

তদুপৰি মিত্ৰতা অবিহনেও যাতে নিজ ভৰিৰ ওপৰত থিয় দিব পাৰে, তাৰ বাবে সাজু হৈছে দলীয় কৰ্মীসকল ৷ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াই সভাপতিত্ব কৰা এই সাংগঠনিক কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, কেন্দ্ৰীয় উপ-সভাপতি তুলসী গগৈ আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা মাহমৰা সমষ্টি সমিতিৰ তত্বাৱধায়ক কৃষ্ণ দাস ৷

লগতে পঢ়ক : উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?

বহু শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা এই সাংগঠনিক কৰ্মশালাৰ জৰিয়তে অগপ দল মাহমৰা সমষ্টিত বহু আগুৱাই যাব বুলি মন্তব্য প্ৰকাশ কৰে আয়োজকসকলে ৷ লগতে হ'বলগা উপ- নিৰ্বাচনক লৈ অগপৰ দখলত থকা বঙাইগাঁও সমষ্টিত অগপ দলত প্ৰাৰ্থিত্ব কেন্দ্ৰীক যি সংঘাত সৃষ্টি হৈ দল ত্যাগৰ জোৱাৰ উঠিছে, তাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ ।

  • বঙাইগাঁৱত অগপৰ ভেঁটি শক্তিশালী, দুজন ওলাই গ'লে দলৰ ক্ষতি কৰিব নোৱাৰে : অগপৰ সম্পাদক তথা বিধায়ক পোনাকণ বৰুৱা

ৰাজ্যজুৰি অসম গণ পৰিষদে প্ৰতিটো সমষ্টিত সাংগঠনিক কৰ্মশালা আৰম্ভ কৰিছে । এই কৰ্মশালাত দলৰ ভৱিষ্যত আৰু আহি থকা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে । প্ৰতিটো দলতে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত সৃষ্টি হয় । প্ৰাৰ্থিত্ব বিচৰা মানুহ বহুত থাকে । প্ৰাৰ্থিত্ব এজনে পাব । পোৱা নোপোৱাৰ বেদনা থাকে ।

দুদিন ওলাই যায় যদিও পুনৰ ঘূৰি আহে । বঙাইগাঁৱত অগপৰ ভেঁটি শক্তিশালী, দুজন ওলাই গ'লে দলৰ ক্ষতি নহয় । যিসকল ওলাই গৈছে পুনৰ ঘূৰি আহিব পূৰ্বে যিদৰে ফনীভূষণ চৌধুৰী বিপুল ভোটত জয়লাভ কৰিছিল এইবাৰো অগপৰ প্ৰাৰ্থীজন বিপুল ভোটত জয়লাভ কৰিব ।

লগতে পঢ়ক : চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; বিহালীত নিমিলা অংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.