ETV Bharat / politics

এগজিট প’লৰ সমীক্ষাক অস্বীকাৰ বিধায়ক অখিল গগৈৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 6:45 PM IST

MLA Akhil Gogoi : অসমত বিৰোধী ঐক্য মঞ্চই 6 খন, বিজেপিয়ে 6 খন আৰু অন্যান্য দলসমূহে 2 খন আসন লাভ কৰিব বুলি দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ গগৈয়ে এগজিট প’লৰ দ্বাৰা প্ৰকাশিত সমীক্ষাক নস্যাৎ কৰি নিজাববীয়াকৈ ঘোষণা কৰে এই কথা ৷

LOK SABHA ELECTION 2024
শিৱসাগৰত ৰাইজৰ দলৰ বুথ সভা (Etv Bharat Assam)

শিৱসাগৰ, 2 জুন : লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তিৰ পিছতে প্ৰকাশ কৰা হৈছে এগজিট প’ল ৷ এগজিট প’লে ইংগিত প্ৰদান কৰা অনুসৰি, দেশত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ’ব চৰকাৰ ৷

এগজিট প’লৰ সমীক্ষাক অস্বীকাৰ বিধায়ক অখিল গগৈৰ (Etv Bharat Assam)

আগশাৰীৰ সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, অসমত বিজেপিয়ে লাভ কৰিব ৯-১০ আসন, কংগ্ৰেছে ১-২ খন, এ আই ইউ ডি এফে ১-১ আৰু অন্যান্য দলসমূহে ১-২ খন আসন লাভ কৰিব ৷

লগতে পঢ়ক: Exit Poll ৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ ভৱিষ্যদ্বাণী, বিজেপিৰ আসন লাভ সন্দৰ্ভত কি ক’লে পি কেই ? - Lok Sabha Election 2024

পিছে এগজিট প’লৰ দ্বাৰা প্ৰকাশ কৰা সমীক্ষাক লৈ মুঠেও সন্তুষ্ট নহয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ গগৈয়ে দেওবাৰে শিৱসাগৰৰ জনজাতি জিৰণি চ’ৰাত শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাইজৰ দলৰ বুথ সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথা সদৰী কৰে ৷

বিধায়কগৰাকীয়ে এগজিট প’লৰ সমীক্ষাক একেমুখে নস্যাৎ কৰি কয় যে, বিগত লোকসভা নিৰ্বাচনৰ সময়ত গগৈয়ে ৰাইজৰ দলৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল ৷ এইবেলি অসমবাসীয়ে বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে, গুণ্ডাৰাজৰ বিৰুদ্ধে, ফেচিবাদৰ বিৰুদ্ধে আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোটদান কৰা বুলি অখিল গগৈয়ে দাবী কৰে ৷

লগতে পঢ়ক: - Lok Sabha Exit Poll Results 2024

অসমত বিৰোধী ঐক্য মঞ্চই 6 খন, বিজেপিয়ে 6 খন আৰু অন্যান্য দলসমূহে 2 খন আসন লাভ কৰিব বুলি বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰে ৷

আনহাতে, সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে যিদৰে 380 খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে, কিন্তু বিধায়কগৰাকীয়ে অনুমান কৰা মতে, বিজেপিয়ে লাভ কৰিব 280 খন আসন ৷ কিয়নো উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আদিৰ দৰে ৰাজ্যত বিজেপিৰ স্থিতি তেনেই শোচনীয় ৷

লগতে পঢ়ক: এগজিট প'লৰ বিতৰ্কত ভাগ নলয় কংগ্ৰেছে - Lok Sabha Exit Poll 2024

ঢকুৱাখানাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ সন্দৰ্ভত বিধায়ক গগৈয়ে কয় যে, বিজেপিয়ে যিমানে শান্তিৰ কথা নকওঁক কিয়, এই হত্যাকাণ্ড কিন্তু তেওঁলোকৰ চৰকাৰৰ দিনতে সংঘটিত হৈছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজা উচিত ৷

তদুপৰি অখিল গগৈয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পুনৰ জেল যাত্ৰাৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে ৷ সমান্তৰালকৈ ৰাজ্যৰ চাহ উদ্যোগত হৈ থকা সংকটৰ সন্দৰ্ভতো শিৱসাগৰৰ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়টোত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰে ৷

লগতে পঢ়ক: হৈ যোৱা পাঁচ ৰাজ্যৰ নিৰ্বাচনত শেষ হাঁহি বিজেপিয়েই মাৰিব : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.