ETV Bharat / politics

বাংলাদেশত এজনো হিন্দুৰ ওপৰত যাতে নিৰ্যাতন নচলে তাৰ বাবে কুটনৈতিক ব্যৱস্থা গ্ৰহণৰ দাবী অখিলৰ - MLA Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 9:31 PM IST

Bangaladesh Violence : বাংলাদেশৰ এই গণ সংগ্ৰামলৈ সমৰ্থন থকাৰ কথা ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷ লগতে বাংলাদেশত এজনো হিন্দু মানুহক দেশখনৰ আন্দোলনকাৰী আৰু অন্তৱৰ্তীকালীন চৰকাৰখনে যাতে নিৰ্যাতন কৰিব নোৱাৰে তাৰ বাবে ভাৰত চৰকাৰক কুটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৷

Bangaladesh Violence
ৰঙিয়াত অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

ৰঙিয়া, 12 আগষ্ট : বাংলাদেশৰ বৰ্তমানৰ হিংসাত্মক পৰিস্থিতিৰ ফলত অসম তথা ভাৰতলৈ দেশখনৰ পৰা এক বৃহৎ প্ৰব্ৰজনৰ সোঁত বোৱাৰ সম্ভাৱনাই দেখা দিছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ লগতে বাংলাদেশৰ এই গণ সংগ্ৰামলৈ সমৰ্থন থকাৰ কথাও কয় তেওঁ ৷ সোমবাৰে ৰঙিয়াত এক সংবাদমেল সম্বোধন কৰি বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে কেবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

ভাৰত চৰকাৰক কুটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী অখিল গগৈৰ (ETV Bharat Assam)

বাংলাদেশৰ গণ সংগ্ৰামলৈ সমৰ্থন :

অখিল গগৈয়ে কয়, "বাংলাদেশত এক বৃহৎ গণ অভ্যুত্থান ঘটিছে ৷ এনেকুৱা প্ৰেক্ষাপটত আকৌ অসম তথা ভাৰতলৈ ডাঙৰ প্ৰব্ৰজনৰ সোঁত বোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ এটা প্ৰগতিশীল জাতীয়তাবাদী দল হিচাবে বাংলাদেশৰ এই আন্দোলনটোক, গণ সংগ্ৰামক সমৰ্থন কৰিছো ৷"

বাংলাদেশত হিন্দুক নিৰাপত্তা প্ৰদানৰ দাবী :

বিধায়ক গগৈয়ে লগতে কয়, "ৰাইজৰ দলৰ প্ৰথম স্থিতিটো হ’ল যে, বাংলাদেশত এজনো হিন্দু মানুহক দেশখনৰ আন্দোলনকাৰী আৰু অন্তৱৰ্তীকালীন চৰকাৰখনে যাতে নিৰ্যাতন কৰিব নোৱাৰে আৰু তেওঁলোকক যাতে নিৰাপত্তা প্ৰদান কৰা হয় লগতে তেওঁলোকক তাতেই থকাৰ বাবে কুটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ৷ আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোদী চৰকাৰক আহ্বান জনাইছো যদি আপোনালোক সঁচাকৈয়ে হিন্দুৰ প্ৰতি দায়বদ্ধ তেতিয়াহ’লে বাংলাদেশৰ এই ঘটনাৰ ওপৰত নজৰ ৰাখক আৰু দেশখনৰ পৰা যাতে এজনো মানুহ পলাই আহিব লগা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷"

অখিল গগৈয়ে লগতে কয় যে, বাংলাদেশত হিন্দুৱেই হওক বা মুছলমানেই হওক যি নিৰ্যাতন হৈছে, এই নিৰ্যাতনৰ ফলস্বৰূপে যি এটা প্ৰব্ৰজনৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে, সেই প্ৰব্ৰজনে যাতে অসম তথা ভাৰতক কেতিয়াও চুব নোৱাৰে তাৰ নিশ্চয়তা প্ৰদান কৰাটো ভাৰত চৰকাৰ দায়িত্ব ৷

উপ-নিৰ্বাচন আৰু ৰাইজৰ দলৰ ৰাইজৰ দলৰ স্থিতি :

আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কজনে কয়, "ৰাইজৰ দলৰ স্থিতিটো হ’ল আগন্তুক উপ-নিৰ্বাচন, আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন, বিৰোধী ঐক্য মঞ্চৰ 16 টা দলে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ’ব লাগে ৷ এই কথা মই প্ৰথমৰ পৰা কৈ আহিছো, নিৰ্বাচনৰ সময়তো কৈছো আৰু 2026 চনলৈকে এই কথা কম ৷ আমি একলগ হ’লেহে 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিজেপিক বিদায় দিব পাৰিম ৷ কিন্তু যদি আমাৰ মাজত বিভাজন হয় তেতিয়া নিশ্চিতভাৱে আমি 2026 চনত বিজেপিক বিদায় দিব নোৱাৰিম ৷ আমাৰ মাজত বিভাজন হোৱা মানেই বিজেপিৰ সহায় হোৱা ৷"

লগতে পঢ়ক : আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ : চৰাইদেউৰ সাধাৰণ সভাত হ'ব সিদ্ধান্ত - Assam Congress

উল্লেখ্য যে, দেওবাৰে নিশা ৰঙিয়াত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ দেওবাৰে নিশাটো ৰঙিয়াত কটাই বিধায়কগৰাকীয়ে আজি ৰাইজৰ দলৰ এটা কাৰ্যালয় মুকলি কৰি দলটোৰ স্থানীয় কৰ্মীসকলৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ এই অনুষ্ঠানতে ৰঙিয়াৰ 25 গৰাকী লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এই অনুষ্ঠানটোৰ মাজতে অখিল গগৈয়ে দলটোৰ নতুন কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ৷

লগতে পঢ়ক : অনিশ্চয়তাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: ৰাজ্যসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনক লৈ ব্যস্ত মুখ্যমন্ত্ৰী - Assam cabinet expansion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.