ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা হ’ল এজন হিটলাৰ : অখিল গগৈ - Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:35 PM IST

Amrit Brikshya Andolan : মুখ্যমন্ত্ৰীক কেৱল নাম লাগে, টিভিত ওলাই থাকিব লাগে আৰু ৰেকৰ্ড কৰিব লাগে বুলি অভিযোগ বিধায়ক অখিল গগৈৰ ৷ আজিৰে পৰা ৰাজ্যত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা বিধায়কজনৰ ৷

Amrit Brikshya Andolan
অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা (ETV Bharat Assam)

মঙলদৈ, 1 আগষ্ট : "হিমন্ত বিশ্ব শৰ্মা মানুহজন হ’ল এজন হিটলাৰ ৷ তেওঁ নিজে কোনো দিন নাঙলত নধৰে, তেওঁ খেতি কৰি পোৱা নাই ৷ গতিকে কোন সময়ত গছপুলি ৰুব লাগে সেই কথাটো নাজানে ৷" খাৰুপেটীয়াত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ আজিৰে পৰা ৰাজ্যত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীক এইদৰে সমালোচনা কৰে বিধায়কজনে ৷

মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ (ETV Bharat Assam)

বিধায়ক অখিল গগৈয়ে কয়, "মুখ্যমন্ত্ৰীক কেৱল নাম লাগে, টিভিত ওলাই থাকিব লাগে আৰু ৰেকৰ্ড কৰিব লাগে ৷ তেওঁ ৰেকৰ্ড কৰিছে বুলি ঢোল পিটি ফুৰা মানুহ কেইটামান লাগে ৷ আগষ্টত গছপুলি ৰোৱাটো দেৰি হৈ গৈছে ৷ মুখ্যমন্ত্ৰীক সেয়েহে আগৰে পৰাই কৈ থকা হৈছিল যে, যদি তেওঁৰ গছপুলি ৰোৱা নাটকখন কৰিব লাগে তেতিয়াহ’লে এপ্ৰিল-মে’ বা জুনত কৰক ৷" লগতে আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰত ৰুই গছপুলি হত্যা নকৰিব বুলি মুখ্যমন্ত্ৰীক আহ্বান জনায় বিধায়কজনে ৷ ইফালে প্ৰথম পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলনত যিমান গছপুলি ৰোৱা হৈছিল তাৰে 90 শতাংশই হত্যা কৰা হ’ল বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷

ৰাজ্যৰ কৃষি বিভাগটোক মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়ে বুলি অভিযোগ কৰি বিধায়ক অখিল গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীৰ মতে কৃষি বিভাগটোক কোম্পানীৰ হাতত, বণিয়াৰ হাতত গতাই দিব লাগে ৷ এতিয়া কৃষি বিভাগৰ কাম এটাই, বাহিৰৰ পৰা হাইব্ৰীড বীজ কিনি আনি খেতিয়কৰ মাজত বিলাই দিব লাগে ৷ কিন্তু বিলাই দিয়াৰ পাচত এই গুটিৰ পৰা ফচল হওক নহওক কোনো দৰকাৰ নাই ৷ তাৰ পৰা মাত্ৰ কমিচন খাব লাগে বুলি অভিযোগ কৰে বিধায়কজনে ৷

লগতে পঢ়ক : বিজেপি ত্যাগ কৰাৰ পূৰ্বে কামাখ্যা-উগ্ৰতাৰা মন্দিৰত সেৱা জনালে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই - Ashok Sharma to quit BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.