ETV Bharat / politics

২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.O - Mission Basundhara 3 - MISSION BASUNDHARA 3

Jogen Mohan on Mission Basundhara : ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা 3.O ৷ ইয়াৰ জৰিয়তে চাহ বাগিচাত বাস কৰি থকা লোকসকলেও ভূমিপট্টা লাভ কৰিব ৷ মন্ত্ৰী যোগেন মহনে কৰিলে এই ঘোষণা ৷

MISSION BASUNDHARA 3
ডিব্ৰুগড়ত ৰাজহমন্ত্ৰী যোগেন মহন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:25 PM IST

ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা দিয়াৰ বাবে আৰম্ভ কৰিছিল মিছন বসুন্ধৰা নামেৰে এক আঁচনি । এই মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত জড়িত ৰাজ্যৰ লাখ লাখ লোকক ভূমি অধিকাৰ প্ৰদান কৰাৰ পিচত তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ।

ডিব্ৰুগড়ত ৰাজহমন্ত্ৰী যোগেন মহন (ETV Bharat Assam)

ৰাজ্যৰ দল-সংগঠনসমূহে দাবী কৰি অহা ভূমি অধিকাৰ বিষয়টো মিছন বসুন্ধৰা আঁচনিয়ে সমাধান কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে হৈ যোৱা বিধানসভা অধিৱেশনত ৰাজ্যখনৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমি আইন প্ৰণয়নৰ বাবে অনুমোদন লৈছে ৰাজ্য চৰকাৰে ৷

তেনে সময়ত মিছন বসুন্ধৰাৰ জৰিয়তে যাতে খিলঞ্জীয়া লোকসকলক অধিক ক্ষীপ্ৰতাৰে ভূমি অধিকাৰ দিব পাৰি তাৰ বাবে মিছন বসুন্ধৰা 3.O কাৰ্যসূচী কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ । অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.O আৰম্ভ কৰা হ'ব বুলি আজি চৰাইদেউৰ মৰাণত ঘোষণা কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

মিছন বসুন্ধৰা 3.O ৰূপায়ণ সন্দৰ্ভত কি ক’লে ৰাজহ মন্ত্ৰীয়ে ?

বৰ্তমানৰ বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ চৰকাৰ বুলি দাবী কৰি মন্ত্ৰী যোগেন মহনে কয়, ‘‘আৰম্ভণিৰে পৰা চৰকাৰখনে খিলঞ্জীয়াৰ বাবে কাম কৰি আছে । খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া ৰাইজক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.O আৰম্ভ কৰা হ’ব । এই মিছন বসুন্ধৰা 3.Oৰ জৰিয়তে ২০২২ চনলৈ চাহ বাগিচাত বাস কৰি থকা লোকসকলেও ভূমিপট্টা লাভ কৰিব । কিন্তু ২০২২ চনৰ পিছত অহা কোনো লোকে নাপাব ভূমি অধিকাৰ ।’’

ইফালে সাম্প্ৰতিক অসমত মিঞা মুছলমানক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে ৷ দল-সংগঠনে উজনি অসমৰ পৰা মিঞা মুছলমানক খেদিবলৈ একত্ৰিত হোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনীতিত শাসক-বিৰোধীৰ মাজতো মিঞা মুছলমানক লৈ তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে ৷ মিঞা বিৰ্তকক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী যোগেন মহনে ।

মিঞা বিৰ্তকক লৈ কি ক’লে মন্ত্ৰী যোগেন মহনে ?

মিঞাক লৈ বিতৰ্ক চলি থকা সম্পৰ্কত মন্ত্ৰী যোগেন মহনে কয় ‘‘মিঞা বুলি ক’লে কোনোবাই ভালপায়, কোনোবাই বেয়া পায় ৷ আমি মিঞা ভাই বুলিয়েই কওঁ ৷ মিঞা মানেই অবৈধ বাংলাদেশী নহয় ৷ যিসকল অবৈধ তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিব লাগিব ৷ তেওঁলোকে লৈ থকা সা-সুবিধাবোৰৰ পৰা বঞ্চিত কৰিব লাগিব ৷’’

লগতে পঢ়ক : সুৰক্ষা লাগে খিলঞ্জীয়াৰ: ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ

মিঞা হাটাও অভিযান : চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত স্থবিৰতা

ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.