ETV Bharat / politics

প্ৰাক নিৰ্বাচনী হিংসা : মুকলিৰ পূৰ্বেই জ্বলিল দুলু আহমেদৰ নিৰ্বাচনী কাৰ্যালয় - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Barpeta lS constituency : বঙাইগাঁও জিলাৰ ঘিলাগুৰিত সংঘটিত হৈছে নিৰ্বাচনী হিংসা ৷ কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে বৰপেটাৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী কাৰ্যালয় ৷ এই ঘটনাই প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷

DULU AHMED
প্ৰাক নিৰ্বাচনী হিংসা
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 1:32 PM IST

প্ৰাক নিৰ্বাচনী হিংসা

বঙাইগাঁও, 2 মে’ : বঙাইগাঁও জিলাৰ ঘিলাগুৰিত জ্বলিল নিৰ্বাচনী কাৰ্যালয় ৷ 7 মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নামনি অসমৰ কোনো কোনো অঞ্চলত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এইবেলি টিকট লাভৰ পৰা বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুলু আহমেদে ৷ টিকট নোপোৱাৰ ক্ষোভতে দলত্যাগ কৰা ৰাজনৈতিক নেতাজনে 3 নং বৰপেটা লোকসভা সমষ্টিৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ এই নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীগৰাকীৰ এটা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই ৷

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ ঘিলাগুৰিত আহমেদৰ সমৰ্থকসকলে বুধবাৰে নিৰ্মাণ কৰিছিল উক্ত নিৰ্বাচনী কাৰ্যালয়টো ৷ বৃহস্পতিবাৰে প্ৰাৰ্থীগৰাকীয়ে এই কাৰ্যালয় মুকলি কৰাৰ লগতে অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ পিছে নিশাৰ এন্ধাৰৰ সুযোগতে দুৰ্বৃত্তই সংঘটিত কৰে এনে ঘটনা ৷

উল্লেখ্য যে, এইবেলি বৰপেটা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজখন পূৰ্বৰ তুলনাত আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে ৷ কিয়নো বিজেপি মিত্ৰজোঁটে অগপ দলৰ ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে দ্বীপ বায়নক সমষ্টিটোত নিৰ্বাচনী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে ৷ ইয়াৰ বিপৰীতে চিপিআই(এম) দলে সৰভোগৰ বিধায়ক তথা জ্যেষ্ঠ ৰাজনৈতিক মনোৰঞ্জন তালুকদাৰক টিকট দিয়ে ৷

ইফালে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা টিকট লাভ নকৰাত দলত্যাগ কৰিছিল অসম জাতীয় পৰিষদৰ দুলু আহমেদে ৷ পৰৱৰ্তী সময়ত তেওঁ বৰপেটাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখে ৷

উল্লেখ্য যে, সংখ্যালঘূ ৰাইজৰ মাজত এটি চৰ্চিত নাম হৈছে দুলু আহমেদ ৷ যাৰ ব্যাপক জনপ্ৰিয়তাৰ বাবে এনে অবাঞ্চিত ঘটনা সংঘটিত হ’বলৈ পালে বুলি ধাৰণা কৰিছে সমৰ্থকসকলে ৷

লগতে পঢ়ক : আক্ৰমণৰ বলি শুকুৰ আলী ! কংগ্ৰেছে ভয় খাই মানুহ লগোৱা বুলি অভিযোগ - Lok Sabha Election 2024

নিৰ্বাচনী প্ৰচাৰৰ মঞ্চই মঞ্চই নাচি-বাগি ভাগৰা নাই মুখ্যমন্ত্ৰী শৰ্মা; ৰাইজৰো বাঢ়িছে আকৰ্ষণ - Lok Sabha Election 2024

আজমলৰ অথন্তৰ; এখন সভাত সমৰ্থকক চৰ, আন এখনত দলীয় কৰ্মীৰ সাংবাদিকক প্ৰহাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.