ETV Bharat / politics

সোণাপুৰত দল-সংগঠন নহয়, কংগ্ৰেছৰ পৰা যোৱা নতুন বিজেপিয়েহে দিছিল গ’ বেক ধ্বনি : মীৰা বৰঠাকুৰ - Sonapur Eviction Incident

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 8:22 PM IST

Protest against congress in Sonapur : সোণাপুৰত বিজেপি নেতা-কৰ্মীয়েহে কংগ্ৰেছৰ সজাতি দলক খেদি পঠিয়াইছিল ৷ দিছিল গ’ বেক শ্লোগান ৷ এই মন্তব্য মীৰা বৰঠাকুৰৰ ৷ তদুপৰি গ’ বেক শ্লোগান দিয়া বিজেপি নেতা কালিলৈকে কংগ্ৰেছতে আছিল বুলি মন্তব্য কংগ্ৰেছ নেত্ৰীগৰাকীক ৷

Protest against congress in Sonapur
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : ‘‘সোণাপুৰত স্থানীয় দল-সংগঠন নহয়, বিজেপি নেতা-কৰ্মীয়েহে কংগ্ৰেছৰ সজাতি দলক গ’ বেক শ্লোগান দিছিল ।”- এই অভিযোগ সোণাপুৰৰ উচ্ছেদথলীৰ পৰিস্থিতিৰ বুজ ল’বলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উভতি আহিবলগীয়া হোৱা কংগ্ৰেছ নেতা-কৰ্মীৰ ।

শনিবাৰে কামৰূপ জিলাৰ সোণাপুৰৰ উচ্ছেদৰ ষষ্ঠ দিন । আজিৰ দিনটোও উত্তপ্ত হৈ থাকে সোণাপুৰ । সোণাপুৰৰ কচুতলীৰ উচ্ছেদথলীলৈ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কংগ্ৰেছৰ এটা সঁজাতি দলক উভতাই পঠিয়াই স্থানীয় একাংশ দল-সংগঠনে ৷ কিন্তু কংগ্ৰেছৰ স্পষ্ট মত যে এয়া স্থানীয় দল-সংগঠনৰ নামত বিজেপিৰ কাম ৷ বিজেপিৰ দ্বাৰা স্পৰ্শকাতৰ বিষয় এটাক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে ৷

কংগ্ৰেছৰ সজাতি দলটোক নেতৃত্ব দিয়া মীৰা বৰঠাকুৰৰ মন্তব্য- “ আমি বেদখলকাৰীক উচ্ছেদ কৰাৰ বিৰোধিতা কৰা নাই ৷ আমি বিচাৰিছো বিধিসন্মতভাৱে এই উচ্ছেদ অভিযান চলক ৷ উচ্ছেদৰ নামত মানৱাধিকাৰ ভংগ নহওঁক ৷”

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ স্পষ্ট মত যে কেইদিনমান পূৰ্বে কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা লোকেহে কংগ্ৰেছ গ’ বেক ধ্বনি দিছিল সোণাপুৰত ৷ বৰঠাকুৰে সোণাপুৰত এইদৰে কয়- “ইয়াত কেইদিনমান আগলৈকে কংগ্ৰেছত থকা এতিয়া বিজেপিত যোগদান কৰা আটাইসকল ৷ তেওঁলোকে এতিয়া আমাক গ’ বেক শ্লোগান দিছে ৷ দল-সংগঠনৰ গোটেই মানুহখিনি আমি দেখিলো, আগৰ আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি বৈশ্য, তেখেতৰ নেতৃত্বত শ্লোগান দিছে ৷”

“মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান যে ইমান এটা স্পৰ্শকাতৰ বিষয় যেন ৰাজনীতিকৰণ নকৰে । মুখ্যমন্ত্ৰীয়ে সাপ হৈ খোঁটে, বেজ হৈ জাৰে ৷... আৰক্ষীয়ে আাঘাতপ্ৰাপ্ত হৈছে তাৰো খবৰ ল’বলৈ আহিছো, সৰু ল’ৰা-ছোৱালীয়ে আঘাত পাইছে তাতো আমি খবৰ ল’বলৈ আহিছো । আমি উচ্ছেদত বাধা দিয়া নাই । মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি আদি বিষয়বোৰ তল পেলাবলৈ গৈ যাতে সহজ-সৰল জনগোষ্ঠীয় যুৱসকলক বিপথে পৰিচালিত নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীক টানি আহ্বান জনালো ৷” কংগ্ৰেছ নেত্ৰীগৰাকীৰ মন্তব্য ৷

লগতে, মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনালে এইদৰে- “আজি যিসকলে বাধা দিছে সেই সকলো লোক নতুনকৈ বিজেপিত যোগদান কৰা । কালিলৈকে কংগ্ৰেছত আছিল । এইবোৰ বেয়া কথা ৷ সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো অসমখন অশান্ত নকৰিব ৷ ট্ৰাইবেল্ট বেল্টৰ মাটি জনজাতীয়সকলৰ প্ৰাপ্য ৷ মাটি জনজাতীয়সকলক ঘূৰাই দিব লাগে ৷ বিধিসন্মতভাৱে উচ্ছেদ কৰি তেওঁলোকক প্ৰয়োজনত উচিতভাৱে সংস্থাপিত কৰক ৷ যদিহে ভাৰতীয় নহয়, তেন্তে আইন অনুসৰি তেওঁলোকক ডিটেনশ্যন কেম্পত থৈ ন্যায়িক ব্যৱস্থা ল’ব লাগে ৷”

লগতে পঢ়ক : তেজ ভালপোৱা মানুহে তেজৰ গোন্ধ বিচাৰি কৰে এনে অমানৱীয় ঘটনা: ৰকিবুল হুছেইন

উচ্ছেদ অভিযানৰ ক্ষেত্রত বিৰোধীৰ বিৰোধিতা কিয় নামানে মুখ্যমন্ত্রীয়ে ?

সোণাপুৰত উচ্ছেদথলীলৈ যাবলৈ নিদিলে কংগ্ৰেছৰ সজাতি দলক : উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.