গুৱাহাটী, 28 এপ্ৰিল: তুংগত উঠিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ । দেওবাৰে ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে । প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে মোৰ ৰেডকাৰ্পেটৰ তলত কোনো দুৰ্নীতিৰ ফাইল নাই ।
মুখ্যমন্ত্ৰীয়ে গ্ৰাউণ্ড ৰিপৰ্টত গম পাইছে যে পাহাৰীয়া মানুহে তেওঁলোকক ভোট নিদিয়ে । তেওঁ ভালকৈয়ে জানে যে মই দুখীয়া প্ৰাৰ্থী, মোৰ হাতত কোনো ছিণ্ডিকেটৰ ধন নাই । তেওঁ গম পাইছে যে মই জিকাটো খাটাং ৷ সেয়েহে মাইণ্ড গেইম খেলি মোক প্ৰশংসা কৰি আছে ।’’
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মীৰা বৰঠাকুৰক কাগজৰ বাঘ আখ্যা দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘‘মোৰ যুঁজখন জয়ন্ত মল্লবৰুৱাৰ লগত নহয়, মোৰ যুঁজ ‘বাকী আৰু ফাঁকিৰ’ লগত ৷ যোৰহাট, ডিব্ৰুগড় আৰু কৰিমগঞ্জ গ’লেই, তেওঁলোকে গুৱাহাটীখনো বাদ দি মোক প্ৰশংসা কৰিবলৈ লৈছে মুখ্যমন্ত্ৰীয়ে ।’’
মীৰা বৰঠাকুৰে কয়, ‘‘চাণক্যৰ এটা নীতি আছে, Politics Is Mind Game. এই কথাষাৰ মানিয়েই হিমন্ত বিশ্ব শৰ্মাই মোক প্ৰশংসা কৰি আছে ।’’ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰে ৰাণীৰ মৈৰাপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে মন্তব্য কৰে । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ সৈতে থকা আন দলৰ কেবাগৰাকীও নেতাৰ লগতে দেবব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰ, বিধায়িকা নন্দিতা দাসো উপস্থিত থাকে ।
ভাষণত মীৰা বৰঠাকুৰে কয় যে বিজেপিয়ে মহিলাসকলক ভীতিগ্ৰস্ত কৰি আছে ৷ বিজেপিক ভোট নিদিলে আঁচনিৰ পৰা নাম কাটি দিব বুলি ভয় খুওৱাৰ অভিযোগ উত্থাপন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷
লগতে পঢ়ক: টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা: মুখ্যমন্ত্ৰীৰ মতে এনে ঘটনাৰ বাতৰি কৰিব নালাগে