ETV Bharat / politics

এইবাৰ বিপিএফ নিৰ্ঘাত হাৰিব : পীযুষ হাজৰীকা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:05 PM IST

NDA candidate Jayanta Basumatary : চিৰাঙৰ নিলীবাৰীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

Kokrajhar Lok Sabha constituency
মন্ত্ৰী পীযুষ হাজৰীকা (ETV BHARAT ASSAM)

চিৰাং, ৪ মে': তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজত মাথো দুদিন বাকী থকা সময়ত কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী-চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলীবাৰীত এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই আজি নিৰ্বাচনী প্ৰচাৰ চলায় । এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ লগতে বিপিএফক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়," লাহে লাহে বিপিএফ নোহোৱা হৈ যাব । এইবাৰ বিপিএফ নিৰ্ঘাত হাৰিব । "

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী পীযুষ হাজৰীকাই বিটিচিত বিগত ১৭ বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালত ব্যাপক দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু লুন্ঠন চলোৱাৰ কথা উল্লেখ কৰি সমালোচনা কৰে । তেওঁ কয় যে কিছু বছৰ আগলৈকে এই অঞ্চলটোৰ লোকে শান্তিৰে বসবাস কৰিব পৰা নাছিল । এতিয়া বিজেপি-ইউ পি পি এলৰ শাসন কালত জনসাধাৰণে শান্তিৰে জীৱন-যাপন কৰিব পাৰিছে বুলিও তেওঁ উল্লেখ কৰি কয়," এতিয়া এই অঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰি আহিল আৰু অঞ্চলটোত উন্নয়নৰ ধাৰা ব'বলৈ ধৰিলে । এই অঞ্চলটোত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হ'বলৈ ধৰিছে ।"

মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক সমালোচনা কৰি কয়,"কংগ্ৰেছ চৰকাৰৰ দিনত সমষ্টিৰ উন্নয়নৰ বাবে পৰ্যাপ্ত ধন আবন্টন দিব পৰা নাছিল । যাৰ কাৰণে উন্নয়নৰ গতি স্থবিৰ হৈ পৰিছিল । কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত পূৰ্বৰ সকলো নীতি পৰিহাৰ কৰি সমষ্টিৰ উন্নয়নৰ বাবে বিপুল পৰিমাণৰ ধন আবন্টন দিবলৈ আৰম্ভ কৰিলে । ফলশ্ৰুতিত উন্নয়নৰ গতি দুগুণ হাৰত হোৱা এতিয়া ৰাইজে নিজেই প্ৰত্যক্ষ কৰি আছে ।"

এই নিৰ্বাচনী সভাত বিধায়ক সুশান্ত বৰগোঁহাই, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, ইউ পি পি এল কাজলগাঁও ব্লক ইউ পি পি এলৰ সভাপতি পৰমেশ্বৰ দৈমাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰী কৌতুক অভিনেতা বুলি সকলোৱে জানে : পীযুষ হাজৰীকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.