ETV Bharat / politics

ছহিদৰ নাম ল'বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে ? পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশ্ন - Pabitra Margherita - PABITRA MARGHERITA

Statement of Pabitra Margherita : গৌৰৱ গগৈৰ মুখত ছহিদৰ নামে শোভা নাপায় বুলি কয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ অসম আন্দোলনৰ ছহিদৰ কথা বেলেগৰ মুখত শুনিবলৈহে তেওঁ ইচ্ছা প্ৰকাশ কৰে ৷

Statement of Pabitra Margherita
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:25 PM IST

গুৱাহাটী, ১৬ জুলাই: ‘‘ অসম আন্দোলনৰ ছহিদ নাম ল’বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে ? গৌৰৱ গগৈৰ দলটোৱে ৮৬০ জন অসমীয়া যুৱকক গুলীয়াই হত্যা কৰিছিল ৷’’- এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

বুধবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মাৰ্ঘেৰিটাই কয়, ‘‘ অসম আন্দোলনৰ ছহিদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু গৌৰৱ গগৈৰ মুখত কিয় শুনিম ? তেওঁলোকৰ দলৰ চৰকাৰে গুলীয়াই হত্যা কৰা ছহিদৰ কথা কংগ্ৰেছৰ মুখত শোভা নাপায় । ছহিদৰ নাম ল'বলৈ গৌৰব গগৈয়ে লাজ পাব লাগিছিল ।’’ মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে বিগত নিৰ্বাচনৰ পিচত ৩ খন আসন লাভ কৰা কংগ্ৰেছে আজিৰ দিনটো যদি ভালদিন বুলি গণ্য কৰে, তেন্তে এনেকুৱা ভালদিন কংগ্ৰেছৰ অহা দশক দশকজুৰি সদায় থাকক বুলিও দলটোক কটাক্ষ কৰে । যোৱা ৪০ বছৰত কংগ্ৰেছৰ এই বাবেই বেয়া ফলাফল হৈছে ।

বিপৰীতে বিজেপি দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত সময়ছোৱাৰ সকলো অভিলেখ ভংগ কৰি জনাদেশ লাভ কৰিছে বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ তেওঁ কয়, ‘‘ বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনত আমি ৯ খন আসন লাভ কৰিছিলো । এইবাৰ ১১ খন আসনত জয়ী হৈছো । গতিকে ৩ ডাঙৰ নে ১১ ডাঙৰ এটা শিশুৱেও জানে ৷ ২০১৯ ৰ ৭৯ খন আসনত আগবঢ়াৰ বিপৰীতে ২০২৪ ৰ নিৰ্বাচনত ৯৩ টা বিধাসভা সমষ্টিত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিছো । কংগ্ৰেছে কেৱল ৩০ খন আসনতহে আগবাঢ়ি থাকিল, তৎস্বত্বেও ইমান বিজয়োল্লাসৰ অর্থ আমি বুজা নাই ।’’

লগতে পঢ়ক : তিনিদিনীয়া মন্থন : ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে ৰোডমেপ প্ৰস্তুত কৰিলে প্ৰদেশ কংগ্ৰেছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘ আজিৰ তাৰিখত বিধানসভা নিৰ্বাচন হ’লে আমি ৯৩ খন আসনত জয়লাভ কৰিম আৰু কংগ্ৰেছে ৩০ খনতে সীমাবদ্ধ থাকিলহেতেন । গতিকে এনেকুৱা ভালদিনৰ উৎসৱ কংগ্ৰেছে দশক দশকজুৰি পালন কৰি থাকক ৷ আমি যদিও উজনি অসমৰ ৯ খন আসনত পিচপৰি আছো, দলে আভ্যন্তৰীণ বিশ্লেষণ কৰি এইকেইখন আসনো দখল কৰিবলৈ সক্ষম হ’ব ।’’

মাৰ্ঘেৰিটাই কয় যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে দেশজুৰি ৯৯ খন আসন লাভ কৰি এইধৰণৰ ফুৰ্তি কৰাৰ মূলতে তেওঁলোকৰ দলৰ মূল পৰিয়ালটোৰ ব্যক্তিজনৰ চাকৰিটো বচোৱাৰহে এক কৌশল আছিল । কাৰণ প্ৰতিটো নিৰ্বাচনত পৰাজিত হৈ থাকি দলটোৰ কর্মীসকলৰ মাজত হতাশা-অসন্তুষ্টিয়ে গা কৰি উঠিছিল । গতিকে মূল ব্যক্তিজনক ৰক্ষাৰ কাৰণে কংগ্ৰেছে হাৰিও বিজয়োল্লাস কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : পেৰাচ্যুটেৰে নমাৰ দৰে হঠাতে ঢেকিয়াজুলিত নামিল সিংহল : বিজেপিত আৰু এক জঞ্জাল আৰম্ভ

আনহাতে উপ-নিৰ্বাচনৰ সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কামকাজ আৰু দলৰ সভাপতি ভৱেশ কলিতাৰ সাংগঠনিক দক্ষতাৰে মিত্ৰজোঁটে ৫ খন আসনেই লাভ কৰিবলৈ সক্ষম হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ উন্নয়নৰ মডেলক সমগ্ৰ ৰাষ্ট্ৰই আজি আৰ্হি মডেল হিচাপে গ্ৰহণ কৰা বুলিও তেওঁ দোহাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে মেধাৰ ভিত্তিত এক লাখ চাকৰি দিয়া কার্যক আনকি বিৰোধীয়েও মানি ল'বলৈ বাধ্য হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে মন্তব্য কৰে ।

লগতে পঢ়ক : ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.