বঙাইগাঁও, 14 এপ্ৰিল: 17 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সেই উদ্দেশ্যে শনিবাৰে বঙাইগাঁৱত অনুষ্ঠিত হয় অগপ-বিজেপিৰ প্ৰস্তুতি বৈঠক ৷ এই বৈঠকত ভাগ ল’বলৈ বঙাইগাঁও চহৰত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ।
উল্লেখ্য যে, অহা 17 এপ্ৰিলৰ দিনা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাত মিত্ৰজোঁট প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বিশাল জনসভা সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই নিৰ্বাচনী জনসভাৰ বিভিন্ন কাম-কাজ সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যৰে বঙাইগাঁও চহৰৰ ৱাকিং জ’নত অনুষ্ঠিত হোৱা প্ৰস্তুতি বৈঠকত অংশ লয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ।
অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত বিৰোধীক আক্ৰমণ কৰি কেইবাটাও মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ কংগ্ৰেছ নেতা জিগনেশ মেৱানীয়ে গৌৰৱ গগৈক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আখ্যা দিয়া সন্দৰ্ভত কটাক্ষ কৰি জয়ন্তমল্ল বৰুৱাই সমাগত লোকসভা নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ পঞ্চায়ত পৰ্যায়ৰ নেতাও হৈ নাথাকিব বুলি কয় ।
ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি গৰু বিহুৰ দিনাখন ভূপেন বৰাৰ পৰা ভাল ভাল অধিক কমেডি আশা কৰিছে বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে দুই গগৈ অৰ্থাৎ কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু অজাপ সভাপতি লুৰীণজ্যোতি গগৈক ডুবাব বুলি কয় ।
- " class="align-text-top noRightClick twitterSection" data="">
সমান্তৰালৱে, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ ইয়াৰ পিছত হেলিকপ্তাৰযোগে পৰৱৰ্তী কাৰ্যসূচীলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী । উক্ত সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে উপস্থিত থাকে অগপ আৰু বিজেপি মিত্ৰ দলৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, বিজেপিৰ বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়, অগপ নেতা ভূপেন ৰায়ৰ লগতে দলীয় কৰ্মীসকল ৷