ETV Bharat / politics

মাওবাদী অধ্যুষিত সিংভূমৰ বহু স্থানত প্ৰথমবাৰৰ বাবে হ'ব ভোটগ্ৰহণ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ঝাৰখণ্ডৰ সিংভূম লোকসভা সমষ্টিৰ মাওবাদী অধ্যুষিত অতি ভিতৰুৱা এলেকাত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ হ'ব । হেলিকপ্টাৰেৰে কৰ্মচাৰী আৰু ভোটদানৰ সামগ্ৰী প্ৰেৰণ কৰা হ'ব । ভোটদান নিশ্চিত কৰিবলৈ প্ৰশাসনে সকলো ফালৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Maoist Hit Singhbhum
মাওবাদী অধ্যুষিত সিংভূমৰ বহু স্থানত প্ৰথমবাৰৰ বাবে হ'ব ভোটগ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 5:17 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল : অহা ১৯ এপ্ৰিলৰ পৰা দেশত লোকসভা নিৰ্বাচন । ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ইফালে দেশৰ এটা অঞ্চলত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ গৈ আছে । অহা ১৩ মে'ত ঝাৰখণ্ডৰ সিংভূম লোকসভা সমষ্টিৰ মাওবাদী অধ্যুষিত অতি ভিতৰুৱা এলেকাত প্ৰথমবাৰৰ বাবে ভোটদান হ'ব । দশকজোৰা অপেক্ষাৰ অন্তত এছিয়াৰ আটাইতকৈ ঘন শাল বনাঞ্চল চাৰাণ্ডাত বাস কৰা লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হ'ব । দূৰৱৰ্তী অঞ্চলটোলৈ হেলিকপ্টাৰেৰে নিৰ্বাচনী দল আৰু ভোটদানৰ সামগ্ৰীবোৰ প্ৰেৰণ কৰা হ'ব ।

হেলিকপ্টাৰৰ জৰিয়তে প্ৰেৰণ কৰা কৰ্মচাৰীসকলে সেই অঞ্চলত প্ৰায় ১১৮ টা দূৰৱৰ্তী ভোটকেন্দ্ৰ স্থাপন কৰিব । এই সন্দৰ্ভত পশ্চিম সিংভূমৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া কুলদীপ চৌধুৰীয়ে কয় যে কোনো ভোটাৰ যাতে বাদ নপৰে তাক নিশ্চিত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে । প্ৰশাসনে বহুকেইটা অঞ্চল চিনাক্ত কৰিছে য'ত প্ৰথমবাৰৰ বাবে বা প্ৰায় দুই দশকৰ পিচত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ'ব । কিয়নো সেই অঞ্চলসমূহ মাওবাদী বিদ্ৰোহৰ দ্বাৰা যথেষ্ট পৰিমাণে প্ৰভাৱিত আছিল ।

পৰিস্থিতি উন্নত হোৱা স্বত্বেও, পশ্চিম সিংভূম দেশৰ আটাইতকৈ উগ্ৰবাদ প্ৰভাৱিত জিলাসমূহৰ ভিতৰত অন্যতম । তাত ৪৬ টা মাওবাদী সম্পৰ্কীয় ঘটনা সংঘটিত হৈছিল যাৰ ফলত যোৱা বছৰ ২২ জন লোকৰ মৃত্যু হৈছিল । উপায়ুক্তগৰাকীৰ মতে নুগদী মধ্য বিদ্যালয় আৰু বোৰেৰোৰ মধ্য বিদ্যালয় দৰে ভোটকেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান অনুষ্ঠিত হ'ব । উপায়ুক্তগৰাকীৰ মতে কিছুমান অঞ্চলৰ ভোটকেন্দ্ৰলৈ যাবলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলবোৰে ৪-৫ কিলোমিটাৰ খোজ কাঢ়িব লাগিব ।

উল্লেখ্য যে থালকোবাদ আৰু প্ৰায় দুই ডজন গাঁৱক পূৰ্বে মুক্ত অঞ্চল বুলি অভিহিত কৰা হৈছিল কিন্তু প্ৰশাসনে অপাৰেচন এনাকোণ্ডাকে ধৰি নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানৰ জৰিয়তে এই অঞ্চলবোৰক মাওবাদীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছিল । অঞ্চলটোত মুঠ ১৫ টা নতুন নিৰাপত্তা বাহিনীৰ শিবিৰ স্থাপন কৰা হৈছে ।

হেলিকপ্টাৰৰ উপৰিও নিৰ্বাচনী দলবোৰে ৰে'ল আৰু বাহনেৰে ভ্ৰমণ কৰিব । ৰে'লৰ দ্বাৰা প্ৰায় ১২১ টা দল প্ৰেৰণ কৰা হ'ব । ভোটদানৰ দিনা পুৱা ৫.৩০ বজাৰ ভিতৰত সকলো দলে ভোটকেন্দ্ৰত উপস্থিত হ'ব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ উল্লেখ কৰা মতে সমষ্টিটোত ৬২ জনতকৈও অধিক ভোটাৰ আছে যাৰ বয়স ১০০ বছৰতকৈ অধিক । তেওঁলোকৰ মাজৰ এজন হৈছে মনোহৰপুৰ আৰক্ষী থানাৰ নন্দপুৰ অঞ্চলৰ ৱাল্টাৰ লাক্ৰা যিয়ে উপায়ুক্তক কৈছিল যে তেওঁ ভোটকেন্দ্ৰলৈ খোজ কাঢ়িব নোৱাৰিব । সেয়ে তেওঁ যাতে ঘৰৰ পৰাই ভোটদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব । ইফালে সমষ্টিটোত ১,২৮৪ নিৰ্বাচন পাঠশালা চলোৱাৰ লগতে বিভিন্ন প্ৰকাৰে প্ৰশাসনে ভোটাৰক সজাগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি সিংভূমত ১৪.৩২ লাখ ভোটাৰ আছে । তাৰ ভিতৰত ৭.২৭ লাখ মহিলা । প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়াৰ পত্নী বৰ্তমানৰ সাংসদ গীতা কোৰাক বিজেপিয়ে এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । অৱশ্যে ইণ্ডিয়া ব্লকে এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰা নাই । সিংভূম লোকসভা সমষ্টিত ৬ টা বিধানসভা সমষ্টি আছে - চেৰাইকেলা, চাইবাচা, মাজগানন, জগনাথপুৰ, মনোহৰপুৰ আৰু চক্ৰধৰপুৰ ।

লগতে পঢ়ক :স্বাধীনতাৰ পিচত উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা ৯ গৰাকী প্ৰধানমন্ত্ৰী - PM Elected From UP LS Seat

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.