ETV Bharat / politics

LIVE : অসম লোকসভা নিৰ্বাচন 2024 : মুঠ 75.95% ভোটদানেৰে সমাপ্ত প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া - LOK SABHA ELECTION 2024

LIVE : অসম লোকসভা নিৰ্বাচন 2024 : প্ৰথম পৰ্যায়ত 5 টাকৈ সমষ্টিৰ বাবে ভোটগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 9:42 AM IST

Updated : Apr 20, 2024, 7:22 AM IST

07:14 April 20

মুঠ 75.95% ভোটদানেৰে ৰাজ্যত সমাপ্ত হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷

শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত মুঠ 75.95% ভোটদান হৈছে ৷ ইয়াৰে

  • কাজিৰঙা 75.79%
  • শোণিতপুৰ 74.81%
  • যোৰহাট 79.48%
  • ডিব্ৰুগড় 75.74 %
  • লখিমপুৰ 72.75%

17:20 April 19

ভোটদানৰ দিনটোৰ বিয়লি বতৰে দিলে বিধি পথালি ৷ উজনি অসমৰ বিভিন্ন স্থানত প্ৰৱল বৃষ্টিপাত দেখা গ’ল ৷ ভোটকেন্দ্ৰৰ বাহিৰত ছাতি লৈ ভোটাৰ ৰৈ থকা দৃশ্য পৰিলক্ষিত হয় । বৰষুণৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাত পলম হোৱাৰ আশংকা কৰা হৈছে । প্ৰতিকুল বতৰকো নেওচি জনসাধাৰণে ভোটধিকাৰ সাব্যস্ত কৰিবলৈ আহি থকা দেখা গৈছে ৷

15:34 April 19

ৰাজ্যত সামগ্ৰিকভাৱে 3 বজালৈকে 60.70% ভোটদান সম্পন্ন হৈছে ৷ যোৰহাটত সৰ্বাধিক ভোটদান হৈছে ৷ যোৰহাটত সৰ্বাধিক ভোটদানৰ হাৰ 64.84%

ৰাজ্যত সামগ্ৰিকভাৱে 3 বজালৈকে 60.70% ভোটদান সম্পন্ন হৈছে ৷

  • কাজিৰঙা 58.33%
  • শোণিতপুৰ 60.29%
  • যোৰহাট 64.84%
  • ডিব্ৰুগড় 60.83%
  • লখিমপুৰ 59.53%

13:34 April 19

ৰাজ্যত সামগ্ৰিকভাৱে 1 বজালৈকে 45 % ভোটদান সম্পন্ন হৈছে ৷ যোৰহাটত সৰ্বাধিক ভোটদান হৈছে ৷ যোৰহাটত সৰ্বাধিক ভোটদানৰ হাৰ 48% ৷

ৰাজ্যত সামগ্ৰিকভাৱে 1 বজালৈকে 45 % ভোটদান সম্পন্ন হৈছে ৷

  • কাজিৰঙা 45 %
  • শোণিতপুৰ 45%
  • যোৰহাট 48 %
  • ডিব্ৰুগড় 44%
  • লখিমপুৰ 45%

12:11 April 19

শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দিবাং ঘাটৰ দেওপানী সুঁতিত আজি পুৱা সংঘটিত হয় এক অঘটন । জানিব পৰা মতে, নিৰ্বাচনী দ্ৰুত সেৱাৰ দলৰ (Quick response team) বাহন দেওপানী নদীৰ সোঁতত ডুব যায় ৷

বিৱৰণি অনুসৰি, শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত অমৰপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ EVM বিসংগতিৰ খবৰ লাভ কৰি শদিয়াৰ পৰা AS23AA9433 নম্বৰৰ এখন বলে’ৰ বাহনেৰে অমৰপুৰলৈ চালকসহ দ্ৰুত সেৱাৰ দলৰ এগৰাকী বিষয়া আহি আছিল ৷

তেনে সময়তে দিবাং ঘাটৰ সমীপৰ দেওপানী সুঁতি পাৰ কৰি থকা অৱস্থাত হঠাৎ নদীৰ পানীয়ে উটুৱাই নিয়ে বাহনখন ৷ অৱশ্যে কোনো মতে চালকসহ বিষয়াগৰাকী বাহনখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় । ইফালে ঘটনাৰ কিছু সময়ৰ পাচতে SDRF বাহিনীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ডুব যোৱা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

12:03 April 19

সমষ্টিভিত্তিক ভোটদানৰ হাৰ:

  • কাজিৰঙা 27 %
  • শোণিতপুৰ 27%
  • যোৰহাট 25 %
  • ডিব্ৰুগড় 26%
  • লখিমপুৰ 25 %

09:17 April 19

পুৱা 7 বজাৰ লগে লগে দেশৰ 21 খন ৰাজ্যৰ 102 টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দেশৰ 21 খন ৰাজ্যৰ লগতে অসমৰ মুঠ 5 টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । মুঠ 86,47,869 গৰাকী ভোটাৰে আজি 35 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ৷

১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিত পুৱা ১১ বজালৈকে ভোটদানৰ হাৰ ২৬.৯৪%

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত EVM ৰ বিসংগতি ধৰা পৰিছে ৷ মৰিয়নী নগৰ ৰে’লৱে বেংগলী এল পি 185 নং ভোটগ্ৰহণ কেন্দ্ৰ, মৰিয়নী হাইস্কুলৰ ১৭৮ নং ভোটগ্ৰহণ কেন্দ্ৰত EVM বিসংগতি হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে ভোটগ্ৰহণত পলম হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে কলিয়াবৰ মিছা প্ৰাথমিক বিদ্যালয়ৰ পশ্চিম খণ্ডৰ 107 নং ভোটগ্ৰহণ কেন্দ্ৰটো EVM ৰ বিসংগতিৰ তথ্য পোহৰলৈ আহিছে ৷ ইফালে নগাঁৱৰ মিছাটো EVM ৰ বিসংগতিৰ তথ্য পোহৰলৈ আহিছে ৷ মিছাৰ লগতে নাহৰকটীয়া, বোকাখাত, কাজিৰঙা, বিহপুৰীয়াৰ পৰাও EVM ৰ বিসংগতি ধৰা পৰিছে ৷

ইফালে অসমৰ পাঁচটা সমষ্টিত পুৱাৰে পৰাই ভোটাৰ ৰাইজ স্বতস্ফূৰ্তভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গৈছে । অসমত ৩ টা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নির্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত অনুষ্ঠিত হৈছে ।

ভোটধিকাৰ সাব্যস্ত ৰাজনৈতিক ৰথী-মহাৰথীৰ

ইতিমধ্যে ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱনৰ 130 নম্বৰ ভোট কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভোট প্ৰদান কৰি জয় লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে সৰ্বানন্দ সোণোৱালে ।

ইফালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাৰ্থী গৌৰৱ গগৈয়ে জিলাখনৰ 10 নং বাৰ্ডৰ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ৷

বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে তিনিচুকীয়াৰ লাইপুলিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদান কৰে ভোটদান ৷ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি দেশৰ গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ বাবে ভোটদান কৰিবলৈ সকলোলৈ আহ্বান জনায় ৷

সমান্তৰালভাৱে, পুৱাই পিতৃৰ চৰণ চুই ভোটাধিকাৰ সাব্যস্ত কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ সোণাৰিৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ।

বোকাখাটৰ ম'হমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতি বিদ্যাপীঠত ভোটদান কৰিলে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই । সুন্দৰ বতৰত সকলোকে ভোটদানৰ বাবে ওলাই আহিবলৈ আহ্বান মন্ত্ৰী অতুল বৰাৰ ।

শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ভোটাধিকাৰ সাব্যস্ত কৰিলে নিজৰ জন্ম স্থান কমাৰপুখুৰীত ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ জয় নিশ্চিত আৰু বিপুল সংখ্যক ভোটত জয়যুক্ত হ’ব বুলি দাবী কৰে ।

আনফালে, ডিব্ৰুগড়ৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ভোটাৰৰ শাৰীত থিয় হৈ ভোটদান সাব্যস্ত কৰে । 164 নং ডিব্ৰুগড় ডাইনিজান প্ৰাথমিক বিদ্যালয়ত আপৰ প্ৰাৰ্থীগৰাকীয়ে ভোটাৰৰ শাৰীত থিয় হৈ চলি থকা নিৰ্বাচনত ভোটাৰে পৰিৱৰ্তনৰ আশাৰে ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰে । পত্নীক লগত লৈ ভোট প্ৰদান কৰি জয়যুক্ত হ’ব বুলি দাবী কৰে ডিব্ৰুগড়ৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।

260 নং গড়মূৰ দুলীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । কাজিৰঙা লোকসভা সমষ্টিত তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে । লগতে কংগ্ৰেছৰ বৰ্তমান সময়ত কাম নাই সেইকাৰণে চিঞৰি বুলিও বিৰোধী দলটোক সমালোচনা কৰে ৷

12 নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ভোটদান সাব্যস্ত কৰে নগৰৰ সমীপৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত স্হাপন কৰা ভোট গ্রহণ কেন্দ্রত । নীৰৱ ৰাইজৰ ভোট পৰিৱৰ্তনৰ পক্ষত আছে বুলি উল্লেখ কৰি কংগ্রেছ দলৰ প্ৰাৰ্থীৰ উক্ত সমষ্টিত বিপুল ভোটত বিজয় হ’ব বুলি উল্লেখ কৰে ৷

পিতৃৰ সৈতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পিতৃ তথা সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আক্লিয়াছ তিৰ্কীৰ সৈতে পূৰ্বৰ সৰুপথাৰ আৰু বৰ্তমানৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাঁও পঞ্চায়তৰ চৰিয়াখাট প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উপস্থিত হয় ৰ'জলীনা তিৰ্কী ।

Last Updated : Apr 20, 2024, 7:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.