গুৱাহাটী, ১৬ মাৰ্চ : ব’হাগ বিহুৰ পিচতহে এইবাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । সকলো উৎকণ্ঠাৰ অৱসান ঘটাই দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হোৱাৰ কথা আজি ঘোষণা কৰিছে ৷
অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । সেই অনুসৰি অহা ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ মুঠ সাতটা পৰ্যায়ৰ ভিতৰত প্ৰথম তিনিটা পৰ্যায়তে অসমত লোকসভা নিৰ্বাচন সমাপ্ত কৰিব নিৰ্বাচন আয়োগে ।
অসমত কি কি তাৰিখত ক’ত নিৰ্বাচন ?
১৯ এপ্ৰিল, প্ৰথম পৰ্যায়ৰ সমষ্টি কেইটা:
১. লখিমপুৰ
২. ডিব্ৰুগড়
৩. যোৰহাট
৪. শোণিতপুৰ
৫. কাজিৰঙা
এই ৫ টা লোকসভা সমষ্টিত ১৯ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ অসমত প্ৰথম পৰ্যায়ৰ এই ৫ টা সমষ্টিৰ বাবে ২০ মাৰ্চত অধিসূচনা জাৰি হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ ৷ ২৮ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ৩০ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ।
২৬ এপ্ৰিল, দ্বিতীয় পৰ্যায়ৰ সমষ্টিসমূহ:
১. দৰং-ওদালগুৰি
২. ডিফু
৩. কৰিমগঞ্জ
৪. শিলচৰ
৫. নগাঁও
মুঠ ৫ টা লোকসভা সমষ্টিত ২৬ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ অসমৰ এই দ্বিতীয় পৰ্যায়ৰ এই ৫ টা সমষ্টিৰ বাবে ২৮ মাৰ্চত অধিসূচনা জাৰি হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল । ৫ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ৮ এপ্ৰিলৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ।
৭মে’, তৃতীয় পৰ্যায়ৰ সমষ্টিসমূহ:
১. গুৱাহাটী
২. ধুবুৰী
৩. বৰপেটা
৪. কোকৰাঝাৰ
এই ৩ টা লোকসভা সমষ্টিত ৭ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই তৃতীয় পৰ্যায়ৰ ৪ টা সমষ্টিৰ বাবে ১২ এপ্ৰিলত অধিসূচনা জাৰি হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল । আনহাতে ২০ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ২২ এপ্ৰিলত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ।
উল্লেখযোগ্য যে দেশৰ ৫৪৩ টা লোকসভা সমষ্টিৰ সৈতে একেদিনাই ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ সেই দিনাই নিৰ্ধাৰিত হ’ব দেশৰ পৰৱৰ্তী ৫ টা বছৰ শাসনৰ বাঘজৰী কাৰ হাতত থাকিব ?
লগতে পঢ়ক: নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি; কি এই আচৰণ বিধি ?