ETV Bharat / politics

দৰ্প চূৰ্ণ হ’ব নেকি নগঞা ৰাজেনৰ ? মুখ্যমন্ত্ৰীৰ কথামতেই বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:52 PM IST

অসমত মুছলমানক বিজেপিৰ তুষ্টিকৰণৰ ফল ভুগিব বিজেপিয়ে- বুলি কৈ বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ? মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিতৰ পিচত ৰাষ্ট্ৰীয় নেতৃত্বলৈ বিষয় প্ৰেৰণ কৰিব ৰাজ্যিক বিজেপিয়ে ৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক’লে দলীয়ভাৱে হ’ব আলোচনা। ৰাষ্ট্ৰীয় সভাপতিক কি জনালে ভৱেশ কলিতাই ?

LOK SABHA ELECTION 2024
বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ?
ৰাষ্ট্ৰীয় সভাপতিক কি জনালে ভৱেশ কলিতাই ?

গুৱাহাটী, 27 এপ্ৰিল : সংকটতত পৰিছে নেকি ৰাজেন গোঁহাই ? দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অসম বিজেপিৰ সংখ্যালঘু তুষ্টিকৰণ আৰু পুৰণি বিজেপিক এলাগী কৰা প্ৰসংগ উত্থাপন কৰি ৰাজনৈতিক কেৰিয়াৰ একেবাৰে সমাপ্ত হ’ব নেকি একালৰ প্ৰতাপী বিজেপি নেতা ৰাজেন গোঁহাইৰ ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে যেন দিলে তাৰেই ইংগিত ৷ আনহাতে- “মই আশা কৰিম, আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে ৰাজেন গোহাঁইৰ মন্তব্য ৰাষ্ট্ৰীয় অধ্যক্ষলৈ প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব ” বুলি কোৱাৰ পিচত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো শনিবাৰে দিলে তাৰেই ইংগিত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- “ৰাজেন গোহাঁয়ে ভোটৰ দিনটোত এইদৰে কৈ ভাল কাম কৰা নাই ৷ বিষয়টো আমি দলীয় পৰ্যায়ত গুৰুত্ব সহকাৰে আলোচনা কৰিম ৷ আমাৰ কাম হ’ল দলীয় পৰ্যায়ত ৰাইজক ভোট দিবলৈ উলিয়াই অনা ৷” ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত বিষয়টো উত্থাপন কৰিছে নে নাই সেই কথা নক’লেও কিন্তু জানিব পৰা মতে বাজপেয়ী ভৱনত বিজেপিৰ ক্ষমতাসীন পক্ষই ৰাজেন গোঁহাইৰ বিৰুদ্ধে বাৰুকৈয়ে তৰোৱালত ধাৰ দি অস্ত্ৰ সাজু কৰিছে ৷

উল্লেখ্য যে, শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ধৰ্মীয় সংখ্যালঘু ভোটক লৈ অসম বিজেপিৰ মাজত এক অস্বস্তিৰ পৰিৱেশ সৃষ্টি হয় ৷ ভিতৰা ভিতৰি আজিও দলটোৰ ভিতৰ চ’ৰাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ৰাজ্যখনৰ চাৰিবাৰৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে সংখ্যালঘুৰ তুষ্টিকৰণৰ অভিযোগ তুলি প্ৰকাশ কৰিছিল মুকলি বিষোদগাৰ ৷ অসমত বিজেপিৰ বৰ্তমানৰ নেতৃত্বই 26 এপ্ৰিলত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সংখ্যালঘু ভোটাৰৰ ভোট বিচাৰি ব্যাপক প্ৰচাৰ চলাইছিল ৷ মিঞা আখ্যা দিয়া অভিভাষী মুছলমানৰ ভোট পূৰ্বে নালাগে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কৈছিল যদিও নিৰ্বাচনী প্ৰচাৰত ধৰ্মীয় সংখ্যালঘুৰ ভোট বিচৰা কাৰ্য অসমত ব্যাপক চৰ্চালৈ আহিছে ৷ শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱা 5 টা সমষ্টিৰ অন্যতম সমষ্টি আছিল নঁগাও লোকসভা সমষ্টি ৷ অনানুষ্ঠানিক তথ্য মতে নগাঁৱত 42 শতাংশ ভোটাৰ হিন্দু আৰু 58 শতাংশ ভোটাৰ মুছলমানৰ ৷ মুছলমান ভোটাৰ সকলৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰৱজিত লোকৰ সংখ্যাই সৰহ ৷ এই সকল ভোটাৰ বিজেপি বিৰোধী ভোটাৰ ৰূপেই বিবেচিত হৈ আহিছে ৷

কিন্তু ৰাজেন গোহাঁয়ে এইটো সমষ্টিৰ পৰাই 4 বাৰকৈ বিজেপিৰ সাংসদ ৰূপে জয়লাভ কৰিছিল ৷ অৱশ্যে তেতিয়া সমষ্টিটোত মুছলিম ভোটাৰৰ সংখ্যা 54 শতাংশ আছিল ৷ শুকুৰবাৰে ভোটগ্ৰহণ চলি থকাৰ সময়তেই ৰাজেন গোহাঁয়ে কৰে কেতবোৰ বিস্ফোৰক মন্তব্য ৷ পোনপটীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰকাশ নকৰিলেও তেওঁকেই ৰাজেন গোহাঁয়ে মুছলমানৰ সন্তুষ্টিকৰণ প্ৰসংগত আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰত সাংবাদিকৰ প্ৰশ্নত ৰাজেন গোহাঁইক দলৰ পৰা বহিষ্কাৰৰ পোষকতা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমত লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ কংগ্ৰেছৰ দৰেই মুছলমান তুষ্টিকৰণ পন্থা বিজেপিয়ে গ্ৰহণ কৰিছে বুলি দলৰ প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি তথা চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁয়ে ক্ষোভ প্ৰকাশ কৰে ৷ 26 এপ্ৰিলত নগাঁও চহৰত ভোটদান কৰাৰ পিচত তেওঁ সকীয়াই দিয়ে যে দলটোক ‘মিঞা ভোট’ৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰাৰ পিচত মুছলমানৰ প্ৰতি নৰম হোৱাটো বিজেপিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ বিজেপিয়ে ইয়াৰ পৰিণাম ভুগিব লগা হ’ব পাৰে ৷'

উল্লেখ্য যে 2023 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত সমষ্টিটোত 58 শতাংশ মুছলমান ভোটাৰ থকাৰ অনুমান কৰা হৈছে ৷ তাৰ পূৰ্বে নগাঁৱত মুছলমানৰ সংখ্যা প্ৰায় 54 শতাংশ আছিল ৷ শুকুৰবাৰে প্ৰায় অকলশৰে ভোট দিবলৈ আহি একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁয়ে অভিযোগ কৰে- “আগতে নগাঁও লোকসভা সমষ্টিটো হিন্দু মানুহৰ সংখ্যাগৰিষ্ঠতা আছিল ৷ সেয়ে আমি বিজেপিয়ে 20 বছৰত বাৰে বাৰে জিকিবলৈ সক্ষম হৈছিলোঁ ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ইয়াৰ জনবিন্যাস বেলেগ ধৰণে সলনি কৰি দিয়া হ'ল ৷ য'ত সংখ্যালঘু সংখ্যাগৰিষ্ঠ আৰু সংখ্যাগুৰু সংখালঘুত পৰিণত হ'ল ৷ তাৰ ফলত ভোটাৰৰ সংখ্যা হিচাপে নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ হাতলৈ অহাটো কঠিন ৷ তথাপিও যদি ভোট বিভাজনে কিবাকৈ সহায় কৰে তেন্তে বিজেপি কেনেবাকৈ জিকিব পাৰে ৷”

লগতে তেওঁ অসমত নুতন বিজেপিৰ ওচৰত পুৰণি বিজেপি এলাগী হৈ পৰা বুলি অভিযোগ কৰি কয়- “নগাঁও, ৰহা, লাহৰিঘাট, মৰিগাঁও সমষ্টিত যি কেইজন মূল বিজেপি কার্যকর্তা আছে তেওঁলোকে কাম কৰিছে বুলি ভাবো ৷ তেওঁলোকক এতিয়া কোনেও নিবিচাৰে ৷ তেওঁলোক কোনোধৰণৰ সাংগঠনিক দায়িত্বত নাই ৷ সাধাৰণতে তেওঁলোকক কোনেও নিবিচাৰে ৷ আমাৰ কথা এতিয়া আৰু কোনেও নুগুনে ৷ নুশুনা বাবে দলৰ বহু পুৰণা মানুহ হতাশা আৰু নিৰাশাত ভুগিছে ৷ ময়ো ভুগিব লগা হৈছে ৷ আন সাধাৰণ কর্মীয়েও ভুগিছে৷ হয়তো তাৰ পৰিণাম এইবাৰৰ নিৰ্বাচনত পাব ৷ অকল ইয়াতে নহয়, সমগ্ৰ ভাৰততে এক বিদ্ৰোহৰ সূচনা ভিতৰি ভিতৰি হৈছে ৷ সেই কাৰণে মই কৈ আছিলো পুৰণা সকলক তেনে ধৰণে উপেক্ষা কৰিব নালাগে ৷"

আনহাতেদি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীকে ধৰি বিজেপি মন্ত্ৰী সকলে মুছলমান অধ্যুষিত অঞ্চলত ব্যাপকভাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰতিশ্ৰুতি দিয়া সম্পৰ্কত ৰাজেন গোহাঁয়ে কয়- “ হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত দল এটাই ধর্মীয় সংখ্যালঘুৰ এনেকৈ ভোট বিচাৰি ফুৰাটো আমাৰ কট্টৰপন্থী ভোটাৰে ভাল নাপায় ৷ তাৰ প্ৰতিক্ৰিয়া নিশ্চয় থাকিব ৷ সংখ্যালঘুৰ ভোট লাগে আমাক ৷ কিন্তু সেইবুলি তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে ৷ হাজাৰ হাজাৰ তেনে মানুহক বিজেপিত যোগদান কৰাই দিয়াত বিৰূপ প্ৰতিক্ৰিয়া হৈছে ৷ মানুহৰ ভয় হৈছে তেওঁলোক বিজেপিলৈ আহি আকৌ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি ৷ তেনেকুৱা চাইক'লজিকেল এফেক্ট এটা হয় ৷ এইবোৰ কথা নিৰ্বাচনত প্ৰভাৱ পৰিবনে নাই নাজানো ৷ কিন্তু মানুহৰ প্ৰতিক্ৰিয়া মই শুনা পাইছো ৷ ৰাজনীতিত সৰু সৰু কথাতে দৃশ্যপট হঠাৎ সলনি হৈ যায় ৷”

আনহাতে তাৰ পিচতেই বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰী ৰাজেন গোহাঁইৰ এই বিদ্ৰোহক কঠোৰভাৱে মষিমূৰ কৰাৰ স্পষ্ট ইংগিত দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী জনে কয়- “নিৰ্বাচনৰ দিনা দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি বিজেপি বুলি কোৱা আৰু নতুনক চাৰ্টিফিকেট দিয়াৰ সময় পাৰ হৈ গ'ল ৷ মই আশা কৰিম, আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে ৰাজেন গোহাঁইৰ মন্তব্য বাষ্ট্ৰীয় অধ্যক্ষলৈ প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব ৷ যি লোকে নিৰ্বাচনৰ দিনা পুৱা মোদীৰ বিৰুদ্ধে কথা ক'ব পাৰে, তেওঁ দলত থকা উচিত নে অনুচিত সেই সিদ্ধান্ত আমাৰ দলে নিশ্চয় ল'ব পাৰি ৷ আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় ৷”এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজেন গোহাঁইৰ বিৰুদ্ধে কিবা ব্যৱস্থা লয় পোৱা পিচত গম পোৱা যাব ৷ কিন্তু ৰাজেন গোহাঁইৰ মন্তব্যই যে বিজেপিত জোকাৰণি তুলিছে সেয়া নিশ্চিত ৷ লগতে যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে বাজপেয়ী ভৱন যে সময় হৈ থকা নাই সেয়া স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক : বিজেপিত দহ বছৰ ঘাম দিলো, এতিয়া আমি নতুন-পুৰণাৰ কথা নামানো : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.