ETV Bharat / politics

ই-ইপিআইচি কাৰ্ড কি আৰু ইয়াক কেনেদৰে লাভ কৰিব পাৰি ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

E-EPIC: ই-ইপিআইচি কাৰ্ড, ভোটাৰ আইডি কাৰ্ডৰ ডিজিটেল সংস্কৰণ, বিশেষকৈ আধুনিক আৰু টেক চেভি ভোটাৰৰ বাবে, যাৰ ফলত ভোটাৰসকলে ভোটদান কৰাটো বহুত সহজ হৈ পৰে । এই লেখাটোত আপুনি ই-ইপিআইচি কাৰ্ডৰ বিষয়ে সকলো প্ৰশ্নৰ সমাধান পাব ।

E-EPIC
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 3:23 PM IST

নিউজ ডেস্ক, 27 মাৰ্চ: লোকসভা নিৰ্বাচন ২০২৪ৰ দিন চমুচাপি আহিছে । ভাৰতৰ এজন দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৱে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে ভোটদান কৰা উচিত । ৭টা পৰ্যায়ত ভোটগ্ৰহণৰ তাৰিখ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে । আপুনিও আপোনাৰ সমষ্টি আৰু দেশৰ বাবে উপযুক্ত নেতা বাছনি কৰিবলৈ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰে সাজু হৈছেনে ? বাৰু, ই-ইপিআইচি কাৰ্ডৰ সহায়ত ভোটদান কৰাটো সহজ হৈ পৰে । এই লেখাটোত আমি ভোটাৰ আইডি কাৰ্ডৰ ডিজিটেল সংস্কৰণৰ বিষয়ে সকলো জনাম...

ই-ইপিআইচি কাৰ্ড কি ?

ই-ইপিআইচি হৈছে ইপিআইচিৰ এটা সুৰক্ষিত পৰ্টেবল ডকুমেণ্ট ফৰ্মেট (পিডিএফ) সংস্কৰণ যিটো মোবাইলত বা কম্পিউটাৰত স্ব-প্ৰিণ্টযোগ্য ৰূপত ডাউনলোড কৰিব পাৰি । এইদৰে এজন ভোটাৰে কাৰ্ডখন নিজৰ মোবাইলত সংৰক্ষণ কৰিব পাৰে, ডিজি লকাৰত পিডিএফ হিচাপে আপলোড কৰিব পাৰে বা প্ৰিন্ট কৰি স্ব-লেমিনেট কৰিব পাৰে ।

ই-ইপিআইচিৰ বাবে কোন যোগ্য ?

বৈধ ইপিআইচি নম্বৰ থকা সকলো সাধাৰণ ভোটাৰ । বিশেষ সাৰাংশ পুনৰীক্ষণ ২০২১ৰ সময়ত পঞ্জীয়ন কৰা সকলো নতুন নিৰ্বাচকে (অৰ্থাৎ ২০২০ চনৰ নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত আবেদন কৰাসকলে) আৰু যিসকলৰ আবেদন কৰাৰ সময়ত দিয়া মোবাইল নম্বৰ অনন্য, তেওঁলোকে এছএমএছ লাভ কৰিব আৰু ২০২১ চনৰ ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত ই-ইপিআইচি ডাউনলোড কৰিব পাৰিব । অন্য সাধাৰণ নিৰ্বাচকসকলে ১ ফেব্ৰুৱাৰী, ২০২১ৰ পৰা ই-ইপিআইচি ডাউনলোড কৰিব পাৰে ।

ই-ইপিআইচি কেনেকৈ ডাউনলোড কৰিব ?

http://voterportal.eci.gov.in/ or https://nvsp.in/ or Voter Helpline Mobile App

  • ভোটাৰ পৰ্টেলত পঞ্জীয়ন/লগইন কৰক
  • মেনু নেভিগেচনৰ পৰা Download e-EPIC ত ক্লিক কৰক
  • ইপিআইচি নম্বৰ বা প্ৰপত্ৰ ৰেফাৰেন্স নম্বৰ দিয়ক
  • পঞ্জীয়নভুক্ত মোবাইল নম্বৰত প্ৰেৰণ কৰা OTP ৰ সৈতে পৰীক্ষা কৰক (যদি মোবাইল নম্বৰ Eroll ত পঞ্জীয়ন কৰা হৈছে)
  • Download e-EPIC ত ক্লিক কৰক
  • যদি মোবাইল নম্বৰ Eroll ত ৰেজিষ্টাৰ হোৱা নাই তেন্তে e-KYC ত ক্লিক কৰি KYC সম্পূৰ্ণ কৰক
  • ফেচ লাইভনেছ ভেৰিফিকেচন পাছ কৰক
  • KYC সম্পূৰ্ণ কৰিবলৈ আপোনাৰ মোবাইল নম্বৰ আপডেট কৰক
  • আপোনাৰ ই-ইপিআইচি ডাউনলোড কৰক

যদি আপুনি আপোনাৰ ই-ইপিআইচি হেৰুৱাই পেলায় তেন্তে কি হ’ব ?

যদি আপুনি আপোনাৰ ই-ইপিআইচি কাৰ্ড হেৰুৱাই, তেন্তে আপুনি নিৰ্বাচনী তালিকাত আপোনাৰ নাম বিচাৰিব পাৰে এই লিংকৰ দ্বাৰা- http://voterportal.eci.gov.in/ or http://electoralsearch.in/ আপোনাৰ EPIC নম্বৰটো লক্ষ্য কৰক আৰু তাৰ পিছত e-EPIC ডাউনলোড কৰক ।

ই-ইপিআইচিয়ে কেনেকৈ লাভৱান হয় ?

  • ডিজিটেল ফৰ্মেটত নিৰ্বাচনী ফটো পৰিচয় পত্ৰ লাভৰ বিকল্প আৰু দ্ৰুত পদ্ধতি
  • ভোটাৰ চিনাক্তকৰণৰ বাবে নথিপত্ৰৰ প্ৰমাণ হিচাপে সমানে বৈধ
  • ভোটাৰৰ সুবিধা অনুসৰি ছপা কৰিব পাৰিব আৰু ভোটদানৰ সময়ত প্ৰমাণ হিচাপে লৈ আহিব পাৰিব
  • আত্মসেৱাৰ আৰ্হি

উত্‍স: ভাৰতৰ নিৰ্বাচন আয়োগ

লগতে পঢ়ক: আদালতত শপতনামা, নিৰ্বাচনী বণ্ডৰ সকলো তথ্য প্ৰকাশ কৰিছে এছবিআইয়ে - SBI on Electoral bond

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.