ETV Bharat / politics

প্ৰধানমন্ত্ৰী মোদীৰ পৰা কংগনালৈ... হাই প্ৰফাইল প্ৰাৰ্থীৰ অন্তিম যুঁজ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:57 PM IST

LS Polls 2024 Phase 7 : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ’ব ৷ পঞ্জাবকে ধৰি ৮ খন ৰাজ্যৰ ৫৭ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । এই পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি মুঠ ৯০৪ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব৷ হাই প্ৰফাইল প্ৰাৰ্থীৰ বাবে বহু আসনত নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে । সপ্তম পৰ্যায়ৰ কিছুমান বিশেষ অৰু গুৰুত্বপূৰ্ণ আসনৰ ৰাজনৈতিক সমীকৰণ সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন...

LS Polls 2024 Phase 7
প্ৰধানমন্ত্ৰী মোদীৰ পৰা কংগনালৈ... হাই প্ৰফাইল প্ৰাৰ্থীৰ অন্তিম যুঁজ (Etv Bharat)

নেশ্যনেল ডেস্ক, ২৯ মে’ : ১ জুন শনিবাৰে দেশত অনুষ্ঠিত হ’ব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ বাকী থকা ৫৭ খন আসনৰ বাবে শনিবাৰে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই পৰ্যায়ত পঞ্জাবৰ ১৩ খন, উত্তৰ প্ৰদেশৰ ১৩ খন, পশ্চিম বংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬ খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ড আৰু চণ্ডীগড়ৰত ৩ খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু হাই প্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVM ত ৷ হেভিৱেট প্ৰাৰ্থীৰ বাবেই কিছু লোকসভাৰ আসনসমূহৰ ওপৰত চৰ্চা চলি আছে । সেই আসনসমূহৰ ভিতৰত আছে বাৰাণসী, গোৰখপুৰ, গাজীপুৰ, মিৰ্জাপুৰ, পাটনা চাহাব, পাটলিপুত্ৰ, কংগৰ, মণ্ডি, হামিপুৰ, অমৃতসৰ, বাথিণ্ডা, ডাইমণ্ড হাৰ্বাৰ, বাছিৰহাট, ডুমকা আৰু চণ্ডীগড় ।

লগতে পঢ়ক : বিৰোধী শিবিৰে কিয় আশু-আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ? - PM Modi Mujra remark

কিছু বিশেষ আসনৰ ৰাজনৈতিক সমীকৰণ সন্দৰ্ভত তলত বিশ্লেষণ কৰা হ’ল -

বাৰাণসী লোকসভাৰ আসন

উত্তৰ প্ৰদেশৰ এই গুৰুত্বপূৰ্ণ আসনৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী হিচাপে থকা দুয়োটা কাৰ্যকালতে তেওঁ সংসদত বাৰাণসী লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰিছিল ।

যোৱা নির্বাচনত প্রধানমন্ত্রী মোদীয়ে প্রায় চাৰি লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ তেওঁ মুঠ ৬,৭৪,৬৬৪ টা ভোট লাভ কৰিছিল । আনহাতে, তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এছ পিৰ শালীনী যাদৱে লাভ কৰিছিল ১,৯৫,১৫৯টা ভোট । আনহাতে কংগ্ৰেছৰ অজয় ​​ৰায়ে ১,৫২,৫৪৮ টা ভোট লাভ কৰে ।

এইবাৰ ১০ লাখ ভোটৰ ব্যৱধানত প্ৰধানমন্ত্ৰী মোদীক অভিলেখ সৃষ্টি কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে । ইয়াৰ বাবে বিজেপি নেতাসকলক বাৰাণসীত শিবিৰ পাতিবলৈ কোৱা হৈছে । এইবাৰ বাৰাণসীৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৭ গৰাকী প্ৰাৰ্থীয়ে ।

কংগ্ৰেছে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অজয় ​​ৰায়ক থিয় কৰাইছে । বিশেষ কথাটো হ’ল যে উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি অজয় ​​ৰায়ে এইবাৰ প্ৰধানমন্ত্ৰী মোদীক INDI এলায়েন্সৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে । অৰ্থাৎ তেওঁ কংগ্ৰেছ আৰু এছ পিৰ যুটীয়া প্ৰাৰ্থী । বিএছপিয়ে বাৰাণসীৰ পৰা অথৰ জামাল লাৰীক প্ৰাৰ্থী হিচাপে লৈছে ।

গোৰখপুৰ লোকসভাৰ আসন

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে যোগী আদিত্যনাথে সংসদত গোৰখপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয় । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত সাংসদ নিৰ্বাচিত হৈছিল ভোজপুৰী অভিনেতা ৰবি কিষাণ । এইবাৰ বিজেপিয়ে ৰবি কিষাণৰ ওপৰত বাজি লগাইছে ।

ইফালে সমাজবাদী পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কাজল নিছাদে । বিএছপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে জাভেদ ছিমনানীয়ে । যোৱা নিৰ্বাচনত ৰবি কিষানে লাভ কৰিছিল ৭,১৭,১২২টা ভোট । আনহাতে, ৪,১৫,৪৫৮টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে এছ পিৰ ৰামভুৱাল নিছাদ ।

গাজীপুৰ লোকসভাৰ আসন

বিএছপিৰ বহা সাংসদ আফজল আনছাৰীয়ে পুনৰবাৰ পূৰ্বাঞ্চলৰ এই বিখ্যাত আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । অৱশ্যে এইবাৰ তেওঁ এছ পি টিকটত নিজৰ ভাগ্য পৰীক্ষা কৰি আছে । বিজেপিয়ে গাজীপুৰৰ পৰা পৰসনাথ ৰায়ক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে ।

২০১৯ চনৰ নিৰ্বাচনত এছ পি-বিএছপিৰ যুটীয়া প্ৰাৰ্থী হিচাপে আফজল আনছাৰীয়ে বিজেপিৰ মনোজ সিনহাক এক লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । আফজালে ৫,৬৬,০৮২ টা ভোট লাভ কৰাৰ বিপৰীতে মনোজ সিনহাই ৪,৪৬,৬৯০ টা ভোট লাভ কৰে ।

লগতে পঢ়ক : ৰাহুলক কটাক্ষ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.