নেশ্যনেল ডেস্ক, 17 মে’ : সফল পৰিসমাপ্তি ঘটিছে দেশৰ লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ ৷ পঞ্চমটো পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব 20 মে’ত ৷ যাৰ প্ৰচাৰকাৰ্যৰ সামৰণি পৰিব শনিবাৰে ৷
এই পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজৰ দৃষ্টি আৱদ্ধ থাকিব কেইগৰাকীমান হাই প্ৰফাইল নিৰ্বাচনী প্ৰাৰ্থীৰ ওপৰত ৷ এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ আমেঠীৰ স্মৃতি ইৰাণী আৰু কংগ্ৰেছৰ কে এল শৰ্মা, ৰায়বৰেলীৰ ৰাহুল গান্ধী আৰু দীনেশ প্ৰতাপ সিং, লক্ষ্ণৌৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিহাৰৰ চাৰণৰ লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিনী আচাৰ্য, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ পুত্ৰ কল্যাণৰ ড৹ শ্ৰীকান্ত শিন্দে ৷
তদুপৰি উত্তৰ মুম্বাইৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল, মুম্বাইৰ জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকাম উত্তৰ-মধ্য আৰু মুম্বাই আঞ্চলিক কংগ্ৰেছ সমিতিৰ সভাপতি বৰ্ষা গায়কোৱাড়ো অন্যতম ৷
উল্লেখ্য যে, পঞ্চম পৰ্যায়ৰ নিৰ্বাচন দেশৰ ছয়খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ খন আসনৰ বাবে অনুষ্ঠিত হ'ব । য’ত অন্তৰ্ভূক্ত আছে বিহাৰৰ ৫ খন, জম্মু-কাশ্মীৰৰ এখন, ঝাৰখণ্ডৰ ৩ খন, লাডাখৰ এখন, মহাৰাষ্ট্ৰৰ ১৩ খন, উৰিষ্যাৰ ৫ খন, উত্তৰ প্ৰদেশৰ ১৪ খন আৰু পশ্চিমবংগৰ ৭ খনকৈ আসন ৷
নিৰ্বাচনী আয়োগে সদৰী কৰা তথ্য অনুসৰি, পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৬৯৫ গৰাকীয়ে প্ৰাৰ্থীয়ে ৷ ২০ মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ মুঠ ৪৯ খন আসনৰ ভিতৰত উত্তৰ প্ৰদেশৰ আমেঠী আৰু ৰায়বৰেলী, লক্ষ্ণৌ, উত্তৰ মুম্বাই আৰু মহাৰাষ্ট্ৰৰ কল্যাণৰ লগতে বিহাৰৰ চাৰণ হ'ব কিছু বিশেষ ৷
পঞ্চম পৰ্যায়ৰ পাচত ক্ৰমে ষষ্ঠ আৰু সপ্তম তথা অন্তিমটো পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ক্ৰমে 25 মে’ আৰু 1 জুনত ৷ নিৰ্বাচনী ফলাফল ৪ জুনত ঘোষণা কৰা হ'ব ।
পঞ্চম পৰ্যায়ৰ হাই প্ৰফাইল আসনৰ ওপৰত কিছু দৃষ্টি
পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14 খনকৈ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । লোকসভা নিৰ্বাচনৰ আসনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ হৈছে সৰ্ববৃহৎ ৰাজ্য । ৰাজ্যখনৰ ৮০ খন লোকসভা আসন কোনে লাভ কৰি দিল্লীৰ মছনদ দখল কৰে, সেয়া হৈ পৰিছে তাৎপৰ্যপূৰ্ণ ৷ পঞ্চম পৰ্যায়ত "হট চিট" হিচাপে সকলোৰে দৃষ্টি কঢ়াৰ সম্ভাৱনা আছে আমেঠী আৰু ৰায়বৰেলীৰ নিৰ্বাচনে ৷
আমেঠী: কংগ্ৰেছে বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী স্মৃতি ইৰাণীক প্ৰত্যাহ্বান জনোৱাৰ বাবে আমেঠীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কিশোৰী লাল শৰ্মাক ৷ এইগৰাকী প্ৰাৰ্থী গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয় ।
একে সময়তে, বি এছ পি-য়ে নানহে সিং চৌহানক আমেঠী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ বিগত বৰ্ষৰ ফলাফলসমূহ লক্ষ্য কৰিলে দেখা যায় যে 2019 চনত স্মৃতি ইৰাণীয়ে আমেঠীত ৰাহুল গান্ধীক প্ৰায় 55,000 ত কৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল । এইবাৰ পিছে স্মৃতি ইৰাণী আৰু কংগ্ৰেছৰ কে এল শৰ্মাৰ মাজত এই যুঁজ সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে ৷
ৰায়বৰেলী: গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে এইটো সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ৰায়বৰেলীৰ উপৰিও ৰাহুলে কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰাও আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷
এইবাৰ ৰাহুল গান্ধীয়ে বিজেপিৰ দীনেশ প্ৰতাপ সিঙৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে ৷ 2019 চনৰ নিৰ্বাচনত ছোনিয়া গান্ধীয়ে দীনেশ প্ৰতাপ সিঙক 1.67 লাখতকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল ।
লক্ষ্ণৌৰ আসনত বিজেপি আৰু সপাৰ মাজত থাকিব প্ৰতিদ্বন্দ্বিতা :
উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনত লক্ষ্ণৌৰ আসনখনক গণ্য কৰা হৈছে ভিভিআইপি আসন হিচাপে ৷ কিয়নো কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু সাংসদ ৰাজনাথ সিঙে এই আসনৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ সিঙক প্ৰত্যাহ্বান জনাবলৈ তেওঁৰ বিপৰীতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমাজবাদী পাৰ্টিৰ ৰবিদাস মেহৰোত্ৰাই ৷
এইবাৰ লক্ষ্ণৌৰ আসনখনক কেন্দ্ৰ কৰি বিজেপি আৰু সপাৰ মাজত ব্যাপক প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । পিছে মূল কথাটো এয়ে যে, লক্ষ্ণৌক গণ্য কৰা হয় বিজেপিৰ দুৰ্গ বুলি ।
সপাৰ প্ৰাৰ্থী ৰবিদাস মেহৰোত্ৰাই 2022 চনত লক্ষ্ণৌৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল । এইবেলি 2024 চনত লোকসভাৰ টিকট লাভ কৰাৰ পিছত মেহৰোত্ৰাই বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ সৈতে মুখামুখি হ'বলৈ সাজু হৈছে ।
ইফালে লক্ষ্ণৌ লোকসভা আসনৰ বিজেপি প্ৰাৰ্থী ৰাজনাথ সিং হৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী । সিঙৰ ৰাজনৈতিক মৰ্যাদালৈ লক্ষ্য কৰিলে লক্ষ্ণৌকে ধৰি সমগ্ৰ দেশতে তেওঁৰ সমৰ্থকৰ সংখ্যা যথেষ্ট বেছি থকা দেখা যায় । এনে পৰিস্থিতিত দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা বহু পৰিমাণে দেখা দিছে ৷
চাৰণ : ৰাষ্ট্ৰীয় জনতা দলৰ চমুকৈ আৰ জে ডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিনী আচাৰ্যই চাৰণ আসনৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে ।
ৰোহিনীক বৰ্তমানৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডিয়ে প্ৰত্যাহ্বান জনাব ৷ ৰুডিয়ে ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ আশা কৰি আগবঢ়াইছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ৷ উল্লেখ্য যে, 2019 চনৰ নিৰ্বাচনত প্ৰাৰ্থীগৰাকীয়ে এইখন আসনৰ পৰা 1.38 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল ।
উত্তৰ মুম্বাই : মহাৰাষ্ট্ৰৰ লোকসভা আসনসমূহে কেন্দ্ৰৰ ক্ষমতা দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে বিজেপিৰ দুৰ্গৰ পৰা নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আশা প্ৰকাশ কৰিছে ৷
গোৱেলে সমষ্টিটোত পূৰ্বৰ অভিনেতা তথা বৰ্তমানৰ ৰাজনীতিক ভূষণ পাটিলৰ বিৰুদ্ধে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ৷ দেখা যায় যে, 2019 ৰ নিৰ্বাচনত বিজেপিৰ গোপাল চি চেট্টীয়ে বলীউডৰ অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰক 4.65 লাখতকৈও অধিক ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰিছিল ।
উত্তৰ-মধ্য মুম্বাই : মুম্বাই আক্ৰমণৰ সন্ত্ৰাসবাদী আজমল কাচভক ফাঁচী দিয়া বিশিষ্ট চৰকাৰী অধিবক্তা উজ্জ্বল নিকামক উত্তৰ-মধ্য মুম্বাইৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ।
নিকামে মুম্বাই নৰ্থ চেণ্ট্ৰেলৰ পৰা ৰাজনৈতিক কেৰিয়াৰৰ অভিষেক ঘটায় ৷ এইবেলি নিৰ্বাচনত নিকামে মুম্বাই আঞ্চলিক কংগ্ৰেছ সমিতিৰ সভাপতি বৰ্ষা গায়কোৱাড়ৰ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ থল আছে ।
উল্লেখ্য যে, সমষ্টিটোৰ পৰা 2019 চনত বিজেপিৰ পুনম মহাজনে কংগ্ৰেছৰ প্ৰিয়া দত্তক 1.30 লাখতকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল । অৱশ্যে এইবাৰ সমষ্টিটোৰ পৰা টিকট লাভ নকৰিলে পুনম মহাজনে ৷
কল্যাণ : মহাৰাষ্ট্ৰৰ কল্যাণৰ এই আসনখনত হ’বলগীয়া যুঁজখন সীমাবদ্ধ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ পুত্ৰ ড৹ শ্ৰীকান্ত শিন্দে আৰু শিৱসেনাৰ(ইউবিটি) বৈশালী দাৰেকাৰ ৰাণেৰ মাজত ৷ এক কথাত কব’লৈ গ’লে শিৱসেনা বনাম শিৱসেনাৰ মাজত এই যুঁজ অনুষ্ঠিত হ’ব ৷
বিগত অৰ্থাৎ 2019 ৰ লোকসভা নিৰ্বাচনত ড৹ শ্ৰীকান্ত শিন্দে এই আসনৰ পৰা 3.44 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল ।
লগতে পঢ়ক: দলত্যাগৰ ৰাজনীতি আৰু ভাৰতৰ দলত্যাগ-বিৰোধী আইন; বাস্তৱত কিহৰ প্ৰতিফলন ? - Anti Defection Law