ETV Bharat / politics

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ : 30 গৰাকীয়ে লাভ কৰিলে কেবিনেট মন্ত্ৰীত্ব - Oath taking ceremony of Narendra Modi as PM

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 4:03 PM IST

Updated : Jun 9, 2024, 10:37 PM IST

OATH TAKING CEREMONY OF NARENDRA MODI AS PM
সজাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱন (PTI)

নিউজ ডেস্ক, 9 জুন : বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ক্ৰমাগত তৃতীয়বাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী চম্ভালিবলৈ সাজু হৈছে ৷ ইতিমধ্যে ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হৈছে নৱনিৰ্বাচিত সকলো সাংসদ সদস্য ৷ দেওবাৰে নৰেন্দ্ৰ মোদীয়ে ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷ বিজেপি নেতৃত্বাধীন এন ডি এ ৰ অংশীদাৰ দলসকলৰো মুৰব্বীসকল এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নতুন দিল্লীত বাহৰ পাতিছে ৷

LIVE FEED

9:48 PM, 9 Jun 2024 (IST)

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে পবিত্ৰ মাৰ্ঘেৰিটাৰ শপত গ্ৰহণ

ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মোদী কেবিনেটৰ এগৰাকী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে দেওবাৰে শপত গ্ৰহণ কৰে ৷

9:39 PM, 9 Jun 2024 (IST)

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ সাবিত্ৰী ঠাকুৰৰ

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ সাবিত্ৰী ঠাকুৰৰ ৷

8:59 PM, 9 Jun 2024 (IST)

বিল গেটছে জনালে শুভেচ্ছা

পৃথিৱীৰ অন্যতম প্ৰভাৱশালী ব্যক্তি বিল গেটছে নৰেন্দ্ৰ মোদীক সামাজিক মাধ্যম এক্সৰ জৰিয়তে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত শুভেচ্ছা জ্ঞাপন কৰিছে ৷

গেটছে সামাজিক মাধ্যম এক্সত লিখিছে এনেদৰে, "অভিনন্দন @narendramodi, প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকালৰ বাবে ৷ আপুনি স্বাস্থ্য, কৃষি, মহিলা-নেতৃত্বাধীন বিকাশ আৰু ডিজিটেল পৰিৱৰ্তনৰ দৰে ক্ষেত্ৰত বিশ্বব্যাপী প্ৰগতিৰ বাবে উদ্ভাৱনৰ উৎস হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে । সমগ্ৰ ভাৰত আৰু বিশ্বৰ জনসাধাৰণৰ জীৱনধাৰা উন্নত কৰাৰ বাবে এক নিৰন্তৰ অংশীদাৰিত্বৰ বাবে অপেক্ষা কৰি আছো" ।

8:57 PM, 9 Jun 2024 (IST)

পেম্মাছানী চন্দ্ৰশেখৰৰ শপত গ্ৰহণ

মোদী কেবিনেটৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পেম্মাছানী চন্দ্ৰশেখৰৰ ৷

8:42 PM, 9 Jun 2024 (IST)

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পংকজ চৌধুৰীৰ

শ্ৰীপদ য়েছ’ নাইকৰ পিছতে শপতবাক্য পাঠ কৰে পংকজ চৌধুৰীয়ে ৷ চৌধুৰীয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ বৰ্তমানলৈকে 30 গৰাকী মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে ৷

8:37 PM, 9 Jun 2024 (IST)

জয়ন্ত চৌধুৰী-জীতেন্দ্ৰ প্ৰসাদৰ শপত গ্ৰহণ

আনহাতে, জয়ন্ত চৌধুৰীয়েও মোদী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে ৷ তাৰপিছতে ৰাজ্যিক মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে জীতেন্দ্ৰ প্ৰসাদে ৷ কোনো ভয়-ভাবুকিৰ দ্বাৰা বিচলিত নহৈ সংবিধানৰ অখণ্ডতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী দুগৰাকীয়ে ৷

8:34 PM, 9 Jun 2024 (IST)

অৰ্জুন ৰাম মেঘৱালৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ

অৰ্জুন ৰাম মেঘৱালে মোদী কেবিনেটৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ প্ৰতাপৰাও গণপটৰাও যাদৱে মেঘৱালৰ পিছতে মোদী মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷

8:29 PM, 9 Jun 2024 (IST)

ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে ইন্দ্ৰজিত সিঙৰ শপত গ্ৰহণ

ইন্দ্ৰজিত সিঙে মোদী কেবিনেটৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ ড৹ জীতেন্দ্ৰ সিঙে মোদী কেবিনেটৰ এগৰাকী মন্ত্ৰী হিচাপে দেওবাৰে শপতবাক্য পাঠ কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে অভিনন্দন জ্ঞাপন কৰে ৷

8:25 PM, 9 Jun 2024 (IST)

ছিৰাগ পাছোৱানৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ

ছিৰাগ পাছোৱানৰ নৰেন্দ্ৰ মোদী কেবিনেটৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ ৷ পাছোৱানৰ পিছত চি আৰ পাটিলক শপতবাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতিয়ে ৷

8:20 PM, 9 Jun 2024 (IST)

হৰদীপ সিং পুৰী-মনসুখ মাণ্ডৱিয়া-জি কিষাণ ৰেড্ডীৰ শপত গ্ৰহণ

ৰিজিজুৰ পিছতে কেবিনেট মন্ত্ৰী হিচাপে হৰদীপ সিং পুৰীৰ শপত গ্ৰহণ ৷ তাৰপিছত ক্ৰমে শপত গ্ৰহণ কৰে ডাঃ মনসুখ মাণ্ডৱিয়া আৰু জি কিষাণ ৰেড্ডীয়ে ৷

8:17 PM, 9 Jun 2024 (IST)

কেবিনেটত স্থান লাভ কিৰেণ ৰিজিজুৰ

নৰেন্দ্ৰ মোদী কেবিনেটৰ এগৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কিৰেণ ৰিজিজুৱে ৷ অৰুণাচলৰ মন্ত্ৰীগৰাকী পূৰ্বেও মোদী কেবিনেটৰ সদস্য আছিল ৷

8:15 PM, 9 Jun 2024 (IST)

অন্নপূৰ্ণা দেৱীৰ কেবিনেট মন্ত্ৰীৰূপে শপত

নিৰ্মলা সীতাৰমণৰ পিছতে মোদী মন্ত্ৰীসভাত মহিলা কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ অন্নপূৰ্ণা দেৱীৰ ৷

8:13 PM, 9 Jun 2024 (IST)

কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ গজেন্দ্ৰ সিং শ্বেখাৱটৰ

কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ গজেন্দ্ৰ সিং শ্বেখাৱটৰ ৷

8:08 PM, 9 Jun 2024 (IST)

মোদী মন্ত্ৰীসভাত স্থান লাভ অশ্বিনী বৈষ্ণৱ-জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ

অশ্বিনী বৈষ্ণৱৰ কেবিনেটত স্থান লাভ ৷ বৈষ্ণৱৰ পিছতে নৰেন্দ্ৰ মোদীৰ কেবিনেটত স্থান লাভ কৰে জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়াই ৷ তেওঁলোকৰ পিছতে ভূপেন্দ্ৰ যাদৱে শপতবাক্য পাঠ কৰে ৷ ৰাষ্ট্ৰপতিয়ে সকলোকে শপতবাক্য পাঠ কৰোৱায় ৷

8:04 PM, 9 Jun 2024 (IST)

জুৱেল ওৰাম-গিৰিৰাজ সিঙৰ কেবিনেটত স্থান লাভ

জুৱেল ওৰামৰ লগতে মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে গিৰিৰাজ সিঙে ৷

7:56 PM, 9 Jun 2024 (IST)

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

অসমৰ নৱ নিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱালেও মোদী মন্ত্ৰীসভাৰ এগৰাকী সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷ সোণোৱালে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে স্থান লাভ কৰিছে মোদী মন্ত্ৰীসভাত ৷ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বন্দৰ, জলপথ পৰিবহণ আৰু আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে যোৱাতো কাৰ্যকালত দায়িত্ব পালন কৰিছিল ৷

সোণোৱালৰ পিছতে ক্ৰমে ডাঃ বীৰেন্দ্ৰ কুমাৰ, কিঞ্জিৰাপ্পু ৰামমোহন নাইডু আৰু প্ৰহ্লাদ ভেংকটেশ যোশীয়ে শপত গ্ৰহণ কৰে ৷

7:53 PM, 9 Jun 2024 (IST)

ৰাজীৱ ৰঞ্জন সিঙৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ

ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিঙে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে ৷

7:49 PM, 9 Jun 2024 (IST)

ধৰ্মেন্দ্ৰ প্ৰধানো আছে মোদী মন্ত্ৰীসভাত

গোৱেলৰ পিছতে ধৰ্মেন্দ্ৰ প্ৰধানে কেবিনেট মন্ত্ৰীৰূপে শপতবাক্য পাঠ কৰে ৷ তাৰপিছতে শপত গ্ৰহণ কৰে বিহাৰৰ জীতেন ৰাম মাঝিয়ে ৷

7:47 PM, 9 Jun 2024 (IST)

পীযুষ গোৱেলৰ শপত গ্ৰহণ

মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰূপে শপতবাক্য পাঠ পীযুষ গোৱেলৰ ৷ ৰাষ্ট্ৰপতিয়ে শপতবাক্য পাঠ কৰোৱায় গোৱেলক ৷

7:39 PM, 9 Jun 2024 (IST)

সুব্ৰমণিয়াম জয়শংকৰ-মনোহৰ লালৰ কেবিনেটত অন্তৰ্ভূক্তি

ইয়াৰ পিছত ক্ৰমে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰে সুব্ৰমণিয়াম জয়শংকৰ, মনোহৰ লালে ৷ ভগৱানৰ নামত শপত খাই দুয়োগৰাকীয়ে সংবিধানৰ অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁলোকৰ পিছতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে এইচ ডি কুমাৰাস্বামীয়ে ৷

7:37 PM, 9 Jun 2024 (IST)

কেবিনেট মন্ত্ৰী হিচাপে স্থান অটুট নিৰ্মলা সীতাৰমণৰ

পূৰ্বৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইবেলিও নৰেন্দ্ৰ মোদী কেবিনেটৰ এগৰাকী সদস্য হিচাপে শপতবাক্য পাঠ কৰে ৷

7:35 PM, 9 Jun 2024 (IST)

সংবিধানৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা অটুট ৰাখিম : শিৱৰাজ সিং চৌহান

শিৱৰাজ সিং চৌহানেও স্থান লাভ কৰিলে মোদী মন্ত্ৰীসভাত ৷ সংবিধানৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা অটুট ৰাখি তেওঁ কাৰ্য কৰি যাব বুলি শপতবাক্য পাঠ কৰে ৷

7:31 PM, 9 Jun 2024 (IST)

জে পি নাড্ডাই স্থান পালে মোদী মন্ত্ৰীসভাত

মোদী মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হোৱা আন আন মন্ত্ৰীসকল হৈছে ক্ৰমে নীতিন গাডকাৰী, জে পি নাড্ডা আদি ৷ উল্লেখ্য যে, পূৰ্বে জে পি নাড্ডাই ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷

7:28 PM, 9 Jun 2024 (IST)

ৰাজনাথ সিং-অমিত শ্বাহৰ শপত গ্ৰহণ

নৰেন্দ্ৰ মোদীৰ পিছতে মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ক্ৰমে ৰাজনাথ সিং আৰু অমিত শ্বাহে ৷ দুয়োগৰাকীয়ে ভগৱানৰ নামত শপত খাই সংবিধান অনুসৰি দেশৰ কাৰ্যভাৰ পৰিচালনা কৰাত দায়বদ্ধ থাকিব বুলি প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই শপতবাক্য পাঠ কৰোৱায় ৷

7:24 PM, 9 Jun 2024 (IST)

অভিলেখসংখ্যক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত নৰেন্দ্ৰ মোদী

"মই নৰেন্দ্ৰ দামোদৰ দাস মোদী"... এই বাক্যশাৰীৰ জৰিয়তে আৰম্ভ কৰি ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতৰ মুঠিত ল’লে নৰেন্দ্ৰ মোদীয়ে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মোদীক শপতবাক্য পাঠ কৰোৱায় ৷ মোদী ধ্বনিৰে মুখৰিত হৈ পৰে ৰাইচিনা হিল ৷

উল্লেখ্য যে, জৱাহৰলাল নেহৰুৰ পিছতে দেশৰ অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ক্ৰমাগত তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছে ৷

7:21 PM, 9 Jun 2024 (IST)

ৰাইচিনা হিলত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

বিশাল অভিবাদন গ্ৰহণ কৰি ৰাইচিনা হিলত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিগৰাকীৰ উপস্থিতিৰ লগে লগে বাজি উঠে দেশৰ ৰাষ্ট্ৰীয় সংগীত ৷

7:17 PM, 9 Jun 2024 (IST)

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ সৈতে আহিছে পত্নী

সপত্নীক ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ বৰ্তমান উপস্থিত সকলোৱে অপেক্ষা কৰি আছে দেশৰ ৰাষ্ট্ৰপতিৰ কাৰণে ৷

7:13 PM, 9 Jun 2024 (IST)

বিশাল কনভয়ৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত নৰেন্দ্ৰ মোদী

বগা কূৰ্তা, নীলা ৱাছকোট পৰিহিত নৰেন্দ্ৰ মোদী ক্ষন্তেক সময় পূৰ্বে উপস্থিত হৈছে ৰাষ্ট্ৰপতি ভৱনত ৷ উপস্থিত অতিথিসকলক অভিবাদন জনাই মোদীয়ে নিজৰ আসন গ্ৰহণ কৰে ৷ কিছুসময় পিছতে তাত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিৰ আগমনৰ লগে লগে সেই স্থানত বাজি উঠিব ৰাষ্ট্ৰীয় সংগীত ৷

7:00 PM, 9 Jun 2024 (IST)

ৰাষ্ট্ৰপতি ভৱনত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

ৰাষ্ট্ৰপতি ভৱনত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ লগতে উপস্থিত হৈছে নিৰ্মলা সীতাৰমণ, অমিত শ্বাহৰ উপৰিও বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ৷ উপস্থিত আটাইয়ে অংশগ্ৰহণ কৰিব মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত ৷

6:32 PM, 9 Jun 2024 (IST)

আমাক কেবিনেট মন্ত্ৰালয়ৰ এখন আসন দিয়া উচিত : অজিত পাৱাৰ

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰে দেওবাৰে কেবিনেট মন্ত্ৰালয়ৰ আসনৰ বাবে দাবী উত্থাপন কৰিছিল ৷ পাৱাৰে এই সন্দৰ্ভত কৈছিল যে, "আমি বিজেপিক কৈছিলো যে, আমি কেইদিনমান অপেক্ষা কৰিবলৈ সাজু ৷ কিন্তু আমি কেবিনেট মন্ত্ৰালয় বিচাৰো । আমি আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিম" ৷

তেওঁ লগতে কয়, "আজি আমাৰ এজন লোকসভা আৰু এজন ৰাজ্যসভাৰ সাংসদ আছে, কিন্তু পৰৱৰ্তী ২-৩ মাহত ৰাজ্যসভাত আমাৰ মুঠ ৩ জন সদস্য থাকিব আৰু সংসদত আমাৰ সাংসদৰ সংখ্যা হ'ব ৪ জন । গতিকে আমি কৈছিলো যে, আমাক (কেবিনেট মন্ত্ৰালয়) ত এখন আসন দিয়া উচিত" ৷

6:01 PM, 9 Jun 2024 (IST)

মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ অৰ্থ হৈছে তেলেগু ৰাজ্যত বিজেপিৰ সন্মান লাভ : শ্ৰীনিবাস বাৰ্মা

নৰসাপুৰম লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী বি শ্ৰীনিবাস বাৰ্মাই দেওবাৰে কয় যে, নৰেন্দ্ৰ মোদীয়ে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তটো তেলেগু ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত বিজেপিয়ে সন্মান লাভ কৰাৰ সমান । ৱাই এছ আৰ চি পিৰ জি উমাবালাক ২.৭ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰা বাৰ্মাই দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

5:46 PM, 9 Jun 2024 (IST)

পঞ্জাৱৰ প্ৰগতি এন ডি এ চৰকাৰৰ অগ্ৰাধিকাৰ : ৰৱনীত বিট্টু

বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে দেওবাৰে কয় যে, প্ৰধানমন্ত্ৰী পদৰ মনোনীত প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত লুধিয়ানাৰ পৰা পৰাজয়বৰণ কৰা স্বত্বেও তেওঁক মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ বাছনি কৰিছে ৷ কিয়নো পঞ্জাৱৰ প্ৰগতি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অগ্ৰাধিকাৰ ।

পঞ্জাৱৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ বিট্টুৱে লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগদান কৰিছিল বিজেপিত । তেওঁ লুধিয়ানা লোকসভা আসনৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ অমৰিন্দৰ সিং ৰাজা ৱাৰিঙৰ হাতত পৰাজিত হৈছিল । পঞ্জাৱে কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰতিনিধি লাভ কৰাৰ উদ্দেশ্যৰ বাবেই বিট্টুৱে কংগ্ৰেছ ত্যাগ কৰিছিল বুলি সদৰী কৰে ৷

5:40 PM, 9 Jun 2024 (IST)

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব খাৰ্গে

আজি (৯ জুন) ৰ সন্ধিয়া ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে খাৰ্গে আৰু কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীলৈ পঠোৱা হৈছিল নিমন্ত্ৰণ । খাৰ্গেৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছ মুৰব্বীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ৷ অৱশ্যে আন কোনো বিৰোধী নেতাই মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণত উপস্থিত নাথাকিব ।

5:26 PM, 9 Jun 2024 (IST)

মোদীক ধন্যবাদ তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীৰ

তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীয়ে দেওবাৰে সন্ধিয়া দেশৰ ৰাজধানীত শপত গ্ৰহণ কৰিবলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে । ৰেড্ডীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সমষ্টিবাসীকো ধন্যবাদ জনায় । কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰাকমূহুৰ্তত তেওঁৰ ওপৰত সকলোৱে ৰখা বিশ্বাসৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ৰেড্ডীয়ে লোকসভা নিৰ্বাচনত তেলেংগানাৰ ছেকেন্দ্ৰাবাদ সমষ্টিত বিপক্ষৰ কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ডি নাজেণ্ডাৰৰ বিৰুদ্ধে জয় লাভ কৰিছিল ।

5:19 PM, 9 Jun 2024 (IST)

নতুন চৰকাৰক আশীৰ্বাদ দিবলৈ উপস্থিত থাকিব তৃতীয় লিংগৰ ব্যক্তি

নতুন চৰকাৰক আশীৰ্বাদ দিবলৈ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব তৃতীয় লিংগৰ ব্যক্তিসকল ৷ ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে এই শ্ৰেণীৰ প্ৰায় 50 জন লোকক ৷ শপত গ্ৰহণৰ মূল অনুষ্ঠানৰ পূৰ্বে বিজেপি সাংসদ তথা প্ৰাক্তন সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে তেওঁৰ বাসগৃহত এই লোকসকলক সম্বৰ্ধনা জনায় ।

"এয়া প্ৰধানমন্ত্ৰী মোদীৰ "সবকা সাথ সবকা বিশ্বাস" আহ্বানৰে এটা অংশ । ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ ব্যক্তিসকলক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে ৷

5:09 PM, 9 Jun 2024 (IST)

নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে 7 গৰাকী অতিথি ভাৰতত উপস্থিত

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহকে ধৰি ভাৰতৰ চুবুৰীয়া দেশৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হৈছে ৰাজধানী দিল্লীত ৷ তেওঁলোকৰ উপৰিও মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনাথ আৰু ভূটানৰ সমকক্ষ শ্বেৰিং টোবগেও অনুষ্ঠানটোৰ বাবে দিল্লীত উপস্থিত হৈছে ৷ একেটা কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে বাংলাদেশৰ ৰাষ্ট্ৰপতি শ্বেখ হাছিনা আৰু চেচেলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ শনিবাৰেই দিল্লীত উপস্থিত হয় ।

4:54 PM, 9 Jun 2024 (IST)

টিডিপিৰ সাংসদ ৰামমোহন নাইডু, পেম্মাছানীক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্তৰ সম্ভাৱনা

অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম পাৰ্টীৰ লোকসভাৰ সদস্য কে ৰামমোহন নাইডু আৰু চন্দ্ৰশেখৰ পেম্মাছানীক মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । টিডিপিৰ প্ৰাক্তন সাংসদ গাল্লা জয়দেৱৰ সামাজিক মাধ্যম এক্সত প্ৰকাশিত এটা পোষ্টৰ আঁত ধৰি ৰামমোহন নাইডুৱে কেবিনেট মন্ত্ৰীৰ মৰ্যদা লাভ কৰাৰ বিপৰীতে গুণ্টুৰৰ সাংসদ পেম্মাছানীয়ে ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিব ।

4:42 PM, 9 Jun 2024 (IST)

চাহমেলত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

অসমৰ ডিব্ৰুগড় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত সৰ্বানন্দ সোণোৱালেও মোদীয়ে আয়োজন কৰা চাহমেলত অংশগ্ৰহণ কৰে ৷ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো এই চাহমেলত দেখা যায় ৷ ৰাজধানী দিল্লীৰ 7 নং লোক কল্যাণ মাৰ্গত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই চাহমেলত বিজেপি নেতা পীযুষ গোৱেল, এছ জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া আদিকো দেখা যায় ৷

4:32 PM, 9 Jun 2024 (IST)

শপত গ্ৰহণলৈ আমন্ত্ৰিত মল্লিকাৰ্জুন খাৰ্গে, ইণ্ডি এলায়েন্সৰ নেতাক নিমন্ত্ৰণৰ অস্বীকাৰ জয়ৰাম ৰমেশৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছে ৷ কংগ্ৰেছে প্ৰকাশ কৰা এক বিবৃতিত এই কথা স্পষ্ট হয় । বিজেপি নেতা প্ৰহ্লাদ যোশীয়ে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাসকলক মোদী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰে ৷ আনহাতে, এই নিমন্ত্ৰণৰ কথা অস্বীকাৰ কৰে কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে ৷ ৰমেশে সদৰী কৰা অনুসৰি, ইণ্ডি এলায়েন্সৰ কোনো এগৰাকী নেতাকে শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত কৰা হোৱা নাই ৷

4:23 PM, 9 Jun 2024 (IST)

চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত তৃণমূল কংগ্ৰেছৰ : নিমন্ত্ৰণৰ কথা অস্বীকাৰ মমতা বেনাৰ্জীৰ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে (টিএমচি) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে । লোকসভাত দলটোৰ নেতা সুদীপ বন্দোপাধ্যায়ে কয় যে, "বিজেপি নেতা প্ৰহ্লাদ যোশীয়ে আমাক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ফোনযোগে আমন্ত্ৰণ জনাইছিল ৷ কিন্তু আমাৰ দলে এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে" ৷ শনিবাৰে টি এম চিৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিমন্ত্ৰণৰ কথা অস্বীকাৰ কৰি শপত গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ কথা ৰাজহুৱা কৰিছিল ৷

4:16 PM, 9 Jun 2024 (IST)

চাহমেলৰ বাবে মোডীৰ বাসগৃহত উপস্থিত শ্বাহ, নাড্ডা, শিৱৰাজ চৌহান

বিজেপি নেতা অমিত শ্বাহ, জে পি নাড্ডা, বি এল বাৰ্মা, পংকজ চৌধুৰী, শিৱৰাজ সিং চৌহান, অন্নপূৰ্ণা দেৱী, অৰ্জুন ৰাম মেঘৱাল আদিকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাই প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে আয়োজন কৰা চাহমেলত অংশগ্ৰহণ কৰে ৷ তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডী আৰু দলীয় নেতা বন্দী সঞ্জয়কো চাহমেলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল । মোদীৰ বাসগৃহত অনুষ্ঠিত হয় এই চাহমেল ৷

4:08 PM, 9 Jun 2024 (IST)

দিল্লীৰ বাটপথত নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ : উথপথপ ৰাজধানী

দেওবাৰে অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দিল্লীত প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ লগোৱা হৈছে । এই কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজপথত যান-জঁটৰ সমস্যা নহ’বলৈ 1100 ৰো অধিক যানবাহন আৰক্ষী মোতায়েন কৰা হৈছে ৷

Last Updated : Jun 9, 2024, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.