ETV Bharat / politics

খিলঞ্জীয়া মানে অসমৰ অসমৰ তত্ত্ব, অসমৰ আত্মা : মুখ্যমন্ত্রী - Himanta Biswa Sarma At AGP Office

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 10:59 PM IST

Himanta Biswa Sarma At AGP Office: নিৰ্বাচনী ব্যস্ততাৰ মাজত দেওবাৰে সন্ধিয়া অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৷ মুুখ্যমন্ত্ৰী ড৹ শৰ্মাক অগপ কাৰ্যালয়ত উষ্ম আদৰণি জনাই অগপ দলৰ নেতৃত্বই ৷ অগপৰ কাৰ্যালয়ত সাংবাদিকৰে বাতালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই খিলঞ্জীয়াৰ সংজ্ঞা দাঙি ধৰে ৷

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৪ মাৰ্চ: পুনৰ খিলঞ্জীয়াৰ সংজ্ঞা দাঙি ধৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত খিলঞ্জীয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, 'খিলঞ্জীয়া মানে অসমৰ অসমৰ তত্ত্ব, অসমৰ আত্মা । কোনোবাই যদি অসমীয়া হ‌'ম বুলি কয় আমি বেয়া নাপাওঁ । কিন্তু অসমীয়া ভাষাটো জানিব লাগিব । বিহুটো জানিব লাগিব । কোনোবাই অসমীয়া হ'ম বুলি ক'লে ঘৰৰ ঢেকী শালৰ বিষয়ে জানিব লাগিব ।'
মুখ্যমন্ত্রীয়ে লগতে কয় যে অসমীয়া মানুহ কেতিয়াও দুটা-তিনিবাৰ বিয়া নকৰে । অসমীয়া মানুহে কামাখ্যা মন্দিৰত পূজা কৰে, শংকৰদেৱক সন্মান কৰে । অসমীয়া মানুহে সৰু ল’ৰা-ছোৱালীক বিয়া নিদিয়ে । মুখ্যমন্ত্রীয়ে লগতে কয় যে যিয়ে অসমীয়া তত্ত্বটোক বুজি পাই তেওঁ খিলঞ্জীয়া হ'ব পাৰে, ৰাস্তাটো খোলা আছে । অসমীয়া হ'ম বুলি জবৰদস্তি কোৱা বস্তু নহয় বুলি মুখ্যমন্ত্রীয়ে কয় ।

অসমীয়া হ'লে আমি কিয় বেয়া পাম বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে কিন্তু অসমীয়া হোৱাৰ আগতে লোকপিয়লত ভাষাটো অসমীয়া বুলি লিখিব লাগিব । অসমীয়াৰ গুণ-জ্ঞান-গৰিমাৰ অধিকাৰী হোৱা জনেই অসমীয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নাগৰিক হয় নে নহয় সেইটো আইনক সুধিব লাগিব । অসমীয়া হ'বৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নালাগে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ তত্ত্বটোক নিজৰ গাত সমাহিত কৰিলেই তেওঁ অসমীয়া । ইয়াত কোনে কৈছে তাৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই বুলি মুখ্যমন্ত্রীয়ে কয় ।

উল্লেখ্য যে, নিৰ্বাচনী ব্যস্ততাৰ মাজতে দেওবাৰে সন্ধিয়া মিত্রদল অগপৰ সদৰত উপস্থিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রীৰ আগমন উপলক্ষ্যে সজাই-পৰাই তোলা হৈছিল অগপৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয় । সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অগপ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উষ্ম আদৰণি জনায় । অগপৰ কাৰ্যালয়ত মুখ্যমন্ত্রীয়ে অগপৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত মত বিনিময় কৰে । বিশেষকৈ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী আজি অগপৰ সদৰত উপস্থিত হয় ।

লগতে পঢ়ক: আমবাৰীৰ অগপ কাৰ্যালয়ত মুুখ্যমন্ত্ৰী ড৹ শৰ্মা: অগপ নেতৃত্বৰ উষ্ম আদৰণি - Himanta Biswa Sarma At AGP Office

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.