ETV Bharat / politics

সকলোকে একেলগে ৰখাৰ প্ৰত্যাহ্বানৰ মাজতে ইণ্ডি ব্লকে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:45 PM IST

Opposition Alliance : দেওবাৰে পাটনাৰ গান্ধী ময়দানত ইণ্ডি ব্লকৰ শক্তি প্ৰদৰ্শন ৷ সমাৱেশত কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, আৰজেডিৰ লালু প্ৰসাদ আৰু তেজস্বী যাদৱ, এছপিৰ অখিলেশ যাদৱ, চিপিআই-এমৰ সীতাৰাম য়েচুৰী, চিপিআই-এমএলৰ ডি ৰাজা আৰু দীপংকৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে ৷ ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীৰ প্ৰতিবেদন-

Opposition Alliance
ইণ্ডি ব্লকে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ

নিউজ ডেস্ক, 3 মাৰ্চ : দেওবাৰে পাটনাৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী ব্লক INDIA-এ প্ৰচাৰ আৰম্ভ কৰি দুখন বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ আৰু বিহাৰত বিজেপিক পৰাস্ত কৰাৰ সংকল্প লয় ৷ দুয়োখন ৰাজ্যই একেলগে 543 জনীয়া নিম্ন সদনলৈ 120 জন সদস্য প্ৰেৰণ কৰে ৷

কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, আৰ জে ডিৰ লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱ, এছ পিৰ অখিলেশ যাদৱ, চি পি আই-এমৰ সীতাৰাম য়েচুৰী, চি পি আই-এম এলৰ ডি ৰাজা আৰু চি পি আই-এম এলৰ দীপংকৰ ভট্টাচাৰ্যৰ দৰে বিৰোধী মিত্ৰজোঁটৰ নেতাসকলে পাটনাৰ গান্ধী ময়দানত শক্তি প্ৰদৰ্শন কৰে ৷ লগতে বিজেপিৰ বিভাজনকামী নীতিসমূহক পৰাস্ত কৰিবলৈ ব্লকৰ সামাজিক ন্যায় কাৰ্যসূচী আৰম্ভ কৰে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা বিৰতি লৈ মিত্ৰতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কেনেদৰে বিহাৰ দেশৰ ৰাজনৈতিক স্নায়ুকেন্দ্ৰ আছিল সেই কথা আলোকপাত কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ 120 খন আসনত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে আৰ জে ডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদে আৱেগিক হৈ সমৰ্থকসকলক দিল্লী দখল কৰিবলৈ আহ্বান জনায় ৷

সমাৱেশত ভাষণ দি ৰাহুল গান্ধীয়ে কয়- ‘দেশৰ পৰিৱৰ্তন বিহাৰৰ পৰাই আৰম্ভ হয়৷ বিজেপিয়ে মাত্ৰ কেইটামান বৃহৎ নিগমৰ বাবে কাম কৰে আৰু দুখীয়াক আওকাণ কৰে ৷' অখিলেশ যাদৱে কয়- 'আমি 120 খন আসনত বিজেপিক পৰাস্ত কৰি দেশ আৰু সংবিধান ৰক্ষা কৰিব লাগিব ৷' লালু প্ৰসাদ যাদৱে কয়- ‘আমি একেলগে বিজেপিক উফৰাই দিম ৷ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক, আটাইতকৈ পিছ পৰাসকলৰ সমৰ্থন সংগঠিত কৰক ৷ আমি দিল্লী দখল কৰিব লাগিব৷’

এই সমাৱেশক সম্বোধন কৰা প্ৰায় সকলো মিত্ৰজোঁটৰ নেতাই উত্তৰ প্ৰদেশ আৰু বিহাৰত ব্লকৰ পক্ষত থকা জাতিগত সমীকৰণৰ ওপৰত জোৰ দিছিল যদিও যুৱক-যুৱতীক চাকৰি আৰু মহিলাসকলক নিৰাপত্তা প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল ৷ আৰ জে ডিৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত প্ৰায় 10 লাখ লোকৰ সমাৱেশ হোৱা বুলি ধাৰণা কৰা হৈছে আৰু মিত্ৰজোঁটৰ নেতাসকলে সমাৱেশত নিজৰ একতা প্ৰদৰ্শন কৰিছিল ৷ অৱশ্যে এতিয়াও বিৰোধী দলৰ বাবে প্ৰত্যাহ্বান ৰৈ গৈছে ৷

সৰ্বাধিক 80 জন সদস্য লোকসভালৈ প্ৰেৰণ কৰা উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মাজত আসন ভাগ-বতৰা চূড়ান্ত কৰা হৈছে যদিও বিহাৰত এতিয়াও আসন ভাগ বাটোৱাৰা সন্দৰ্ভত চূড়ান্ত হোৱা নাই কোনো সিদ্ধান্ত৷ তামিলনাডু আৰু মহাৰাষ্ট্ৰতো একেই পৰিস্থিতি পৰিলক্ষিত হৈছে ৷ তদুপৰি মিত্ৰজোঁটৰ অংশীদাৰসকলৰ ৰাজ্যিক ইউনিটসমূহত অন্তঃকন্দলৰ উপৰিও চিবিআই, আয়কৰ বিভাগ আৰু ইডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ পৰা ভাবুকিৰ সন্মুখীন হৈ আহিছে ৷

আৰ জে ডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদ আৰু তেজস্বী যাদৱ দুয়োজনেই বিগত সময়ত কেন্দ্ৰীয় সংস্থাসমূহৰ ৰাডাৰত আছিল আৰু সেই ভাবুকিৰ সন্মুখীন হৈয়েই আছে ৷ ৰাহুল গান্ধীক বিগত সময়ছোৱাত নেশ্যনেল হেৰাল্ডৰ কাকতৰ অভিযোগৰ গোচৰত ইডিয়ে জেৰা কৰিছিল আৰু শেহতীয়াকৈ এছ পি প্ৰধান অখিলেশ যাদৱকো পুৰণি খনন গোচৰত ইডিয়ে চমন কৰিছিল ৷

তেজস্বী যাদৱে কয়- ‘আমি একোলৈ ভয় নকৰো ৷ বিজেপিয়ে নিৰ্বাচিত চৰকাৰ সমূহক উফৰাই পেলাবলৈ চেষ্টা কৰাৰ লগতে বিৰোধী দলসমূহক ভুৱা দুৰ্নীতিৰ গোচৰত লক্ষ্য কৰি লৈছে ৷ বিধায়ক কিনিব পাৰে কিন্তু ভোটাৰক কিনিব নোৱাৰে ৷ এয়া এক মতাদৰ্শগত যুঁজ ৷’ তেওঁ পুনৰ কয়- ‘আমি আমাৰ মিত্ৰ দলসমূহৰ প্ৰতি কৃতজ্ঞ ৷ কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে কঠিন সময়ত আমাৰ কাষত থিয় দিছিল ৷ ৰাহুল গান্ধীক চমন জাৰি কৰা হৈছিল আৰু এতিয়া অখিলেশ যাদৱক টাৰ্গেট কৰা হৈছে ৷ কিন্তু আমি পিছুৱাই নাযাওঁ আৰু জনসাধাৰণৰ অধিকাৰৰ বাবে যুঁজ দি যাম ৷’

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ক্ষমতাত থকা 17 মাহৰ চুটি কাৰ্যকালত জেডি-ইউ-আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁটে যুৱক-যুৱতীসকলক 3 লাখ চৰকাৰী চাকৰি দিছিল, যিটো কাম ৰাজ্যখনত 17 বছৰত হোৱা নাছিল ৷

তেজস্বীয়ে কয়- ‘2019 চনত আপুনি বিহাৰত 39/40 খন লোকসভাৰ আসন এন ডি এক দিছিল, এইবাৰ তেওঁলোকক সুধিব যে তেওঁলোকে আপোনালোকৰ বাবে কি কৰিছে ৷'

লগতে পঢ়ক : হাই প্ৰফাইল নেতাৰ অন্তৰ্ভূক্তিৰে ঘোষণা হ’ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.