ETV Bharat / politics

কিহৰ ভিত্তিত ২০২৬ চনত অসমত চৰকাৰ গঠনৰ দাবী কংগ্ৰেছৰ ? - LS election Assam results 2024 - LS ELECTION ASSAM RESULTS 2024

Assam Congress on 2026 Assembly Elections : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৭৫টা সমষ্টিত অগ্ৰগতি লাভ কৰে । ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩১টা সমষ্টিত অগ্ৰগতি লাভ কৰে । কিন্তু তথাপিও ২০২৬ চনত কংগ্ৰেছে ৰাজ্যত চৰকাৰ গঠনৰ দাবী কৰিছে । এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই নিজৰ মন্তব্য প্ৰকাশ কৰিছে ।

Assam Congress on 2026 Assembly Elections
চৰকাৰ গঠন সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 6:01 PM IST

গুৱাহাটী, ১৪ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত দেশত পুনৰ এন ডি এ শাসনৰ ক্ষমতালৈ আহিলেও এইবাৰ লোকসভা নিৰ্বাচনে অন্য এক বাৰ্তা আৰু নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিছে । সংসদত বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাৰ ফলত আঞ্চলিক দলসমূহৰ সহযোগত চৰকাৰ গঠন‌‌ কৰিবলৈ বাধ্য হৈছে । ইপিনে বিৰোধী দল বিশেষকৈ‌ কংগ্ৰেছৰ পুনৰ উত্থানে দেশত নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যখনত সংখ্যাগতভাৱে এন ডি এৰ আসন পূৰ্বতকৈ বৃদ্ধি হৈছে যদিও নির্বাচনী ফলাফলে এন ডি এৰ জয়ৰ বার্তা বহন কৰাৰ বিপৰীতে ৰাজ্যত কংগ্ৰেছ দলৰ উত্থানৰ বাৰ্তাহে বহন কৰিছে ।

এন ডি এ আৰু কংগ্ৰেছৰ কিমানখন বিধানসভা আসনত অগ্ৰগতি ?

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটৰ তথ্যৰ ভিত্তিত অসমত বিজেপি দলটো প্রথম স্থানতে আছে । মুঠ ৭৫ টা বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰথম স্থানত থকাৰ বিপৰীতে ৩১ টা বিধানসভা সমষ্টিৰে কংগ্ৰেছ দ্বিতীয় স্থানত আছে । আনহাতে, ১০ টা বিধানসভা সমষ্টিৰে অসম গণ পৰিষদ তৃতীয়, ৬টা বিধানসভা সমষ্টিৰে ইউ পি পি এলে চতুর্থ আৰু ৪টা বিধানসভা সমষ্টিৰে বি পি এফ দল পঞ্চম স্থানত আছে ।

লক্ষণীয় যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এটাও বিধানসভা সমষ্টিত প্রথম স্থান লাভ কৰা নাই । নির্বাচন আয়োগে বিধানসভা ভিত্তিত দলৰ প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ তথ্য বিশ্লেষণ অনুসৰি, লোকসভা নির্বাচনত ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৭৫টা সমষ্টিত প্ৰথম স্থানত আছে ।

লগতে পঢ়ক : 2026 ৰ বিধানসভা নিৰ্বাচন জয়ী নোহোৱা পৰ্যন্ত মোৰ কাম এতিয়াও আধৰুৱা : গৌৰৱ গগৈ - GAURAV GOGOI

বিজেপিয়ে পশ্চিম গোৱালপাৰা, দুধনৈ, বকো-ছয়গাঁও, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী, কলিয়াবৰ, বঢ়মপুৰ, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ, ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি, হাফলং, হাইলাকান্দি, উত্তৰ কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ, লক্ষীপুৰ, উদাৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, ঢলাই, জাগীৰোড, মৰিগাঁও, নগাঁও-বটদ্ৰৱা, ৰহা, ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা, নদুৱাৰ, বিশ্বনাথ, বিহালী, গহপুৰ, বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা-লাহোৱাল, ডিব্ৰুগড়, খোৱাং দুলীয়াজান, টিংখাং, মাৰ্ঘেৰিটা আৰু মাজুলী বিধানসভা সমষ্টিত প্রথম স্থানত আছে ।

আনহাতে, কংগ্ৰেছ ৩১টা বিধানসভা সমষ্টিত আন দলতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থানত আছে । সমষ্টিকেইটা হৈছে ছমৰীয়া, বিনাকান্দি, গৌৰীপুৰ, ধুবুৰী, বীৰসিং-জাৰুৱা, বিলাসীপাৰা, মানকাচৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্রাম, মন্দিয়া, চেঙা, পকা-বেতবাৰী, দলগাঁও, আলগাপুৰ-কাটলিচেৰা, দক্ষিণ কৰিমগঞ্জ, সোণাই, লাহৰীঘাট, ধিং, ৰূপহীহাট, চামগুৰি, নাওবৈচা, সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ ।

অসম গণ পৰিষদে গোলোকগঞ্জ, অভয়াপুৰী, বঙাইগাঁও, ভবানীপুৰ-সৰভোগ, বৰপেটা, বজালী, হাজো শুৱালকুছি, বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু সমষ্টিত প্রথম স্থানত আছে । আনহাতে, ইউ পি পি এল দলে গোসাঁইগাঁও, দতমা, ছিদলী, চিৰাং, বিজনী, মানস আৰু বাক্সা বিধানসভা সমষ্টিত প্রথম স্থানত আছে । ইফালে বি পি এফ দলে কোকৰাঝাৰ, বাওখুংগ্ৰী, পর্বতঝোৰা, ওদালগুৰি বিধানসভা সমষ্টিত আন দলতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থানত আছে ।

লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ পিচত অসমত এইবাৰ আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ - Regional Political Unity Forum

মন কৰিবলগীয়া যে অসম গণ পৰিষদ, বি পি এফ আৰু ইউ পি পি এল দল কেইটামান লোকসভা সমষ্টিতহে সীমাবদ্ধ আছিল । অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰিছিল । ইউ পি পি এল দলৰ প্ৰাৰ্থী একমাত্ৰ কোকৰাঝাৰ সমষ্টিতহে আছিল । আনহাতে, অগপ আৰু ইউ পি পি এল বিজেপিৰ মিত্ৰদল আছিল বাবেই দল দুটাই আন সমষ্টিত প্রার্থী থিয় কৰোৱা নাছিল । বি পি এফে বৰপেটা, কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত প্রতিদ্বন্দ্বিতা কৰিছিল । বি পি এফে যিকেইটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰ ভিতৰত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টিতহে প্রথম স্থান লাভ কৰিছে । কংগ্ৰেছে ডিব্ৰুগড়; বিজেপিয়ে ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল ।

২০২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ গঠনৰ দাবী

যোৰহাটৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱাৰ পাচত গৌৰৱ গগৈয়ে কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীক সাক্ষাৎ কৰি ২০২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই গৌৰৱ গগৈৰ লগত সুৰ মিলাই ২০২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ দাবী কৰিছে । ইয়াকে লৈ ৰাজ্যখনৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হৈছে ।

কিয়নো লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিয়ে অতি পৰিকল্পিতভাৱে কংগ্ৰেছ দলটোৰ দুগৰাকীকৈ কাৰ্যকৰী সভাপতি তথা কেইবাজনো কংগ্ৰেছ বিধায়কক নিজৰ ফাললৈ আনি ৰাজ্যত কংগ্ৰেছ দলটো প্ৰায় নিঃশেষ হোৱা বুলি এটা ধাৰণা জনমানসত বিয়পাই দিয়াত যথেষ্ট সফল হৈছিল । কংগ্ৰেছ দল এতিয়া এক বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজতহে সীমাবদ্ধ বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছিল ।

আনহাতে, কংগ্ৰেছ দলে গৌৰৱ গগৈক যেতিয়া যোৰহাটত প্রার্থিত্ব প্ৰদান কৰিছিল, তেতিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ বিজেপি দলটো যোৰহাটত জঁপিয়াই পৰিছিল আৰু তেওঁক পৰাস্ত কৰিবলৈ কোনো কৌশল প্রয়োগ কৰিবলৈ বাকী এৰা নাছিল । যোৰহাটৰ যুঁজখন যেন বিজেপি প্রার্থী তপন গগৈ বনাম কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈ ন'হৈ দিছপুৰ বনাম গৌৰৱ গগৈৰহে যুঁজ হৈ পৰিছিল । লোকসভা নির্বাচনত কেবল উজনিতেই নহয়, সমগ্র অসমতে কংগ্ৰেছ দলে বিজেপিৰ সমানেই ভোট লাভ কৰিছে ।

লগতে পঢ়ক : প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Rakibul Hussain on Assam CM

আটাইতকৈ লক্ষণীয় যে এইবাৰ ৰাজ্যৰ সংখ্যালঘু জনসাধাৰণেও এ আই ইউ ডি এফ দলক নস্যাৎ কৰি কংগ্রেছক আঁকোৱালি লোৱা দেখা গ'ল । গতিকে সংখ্যালঘু, সংখ্যাগুৰু উভয় সম্প্রদায়ৰ মাজত কংগ্ৰেছৰ এই উত্থানে ২০২৬ৰ বিধানসভা নির্বাচনলৈ এক নতুন সমীকৰণৰ জন্ম দিব পাৰে । গৌৰৱৰ উত্থানে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নতুন বিপদ কঢ়িয়াই আনিব নেকি— সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

কংগ্ৰেছ বিধায়িনী দলৰ‌ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য

মন কৰিবলগীয়া যে শেহতীয়া‌ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ২৯ খন‌ বিধানসভা দখল কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছ দলে এইবাৰ লোকসভা নিৰ্বাচনত ৩১ টা বিধানসভা সমষ্টিত প্ৰথম‌ স্থানত আছে ।‌ তেনে পৰিস্থিতিত কিহৰ‌ ভিত্তিত কংগ্ৰেছ দলে ২০২৬ চনত অসমত চৰকাৰ‌ গঠন‌ কৰিব‌ পাৰিব ?‌‌ এই‌ সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলৰ‌ দলপতি দেৱব্ৰত শইকীয়াক ইটিভি ভাৰতৰ তৰফৰ‌ পৰা ফোনযোগে‌ সোধা এক‌ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "লোকসভা নিৰ্বাচনৰ ফলাফলে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিছে । ২০২৬ চনত অসমত কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তাৰ বাবে বলিষ্ঠভাৱে কাম কৰা হ'ব ।‌ দলৰ পূৰ্বৰ ভুলৰ শুধৰণি কৰি মানুহৰ মাজত দলটো সোমাই যাব ।"

তেওঁ লগতে কয়, "বিজেপিৰ প্ৰতি অসমৰ জনতাৰ মোহ ভংগ হৈছে । বিজেপিয়ে ভিজন ডকুমেণ্টৰ কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই । অসমৰ‌ নিবনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া, বানপানী, গৰাখহনীয়া সমস্যাৰ‌ স্থায়ী সমাধান, অসমৰ জাতি-মাটি-ভেটি ৰক্ষা কৰা এইবোৰ একোৱে কৰা নাই । কংগ্ৰেছ দলে এই‌ সমস্যাবোৰৰ ওপৰত কাম কৰিব । অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাহুল গান্ধীৰ পাঁচটা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতিৰ বাবে কংগ্ৰেছ দলে শক্তিশালী যুঁজ দিব । এইবোৰ কামৰ মাজৰে অসমত ২০২৬ চনত কংগ্ৰেছ দলে চৰকাৰ প্ৰতিষ্ঠা কৰিব ।"

লগতে পঢ়ক : ২০২৬ ত অসমত কংগ্ৰেছৰ নেতৃত্বতেই হ'ব চৰকাৰ: প্ৰদ্যুৎ বৰদলৈ - Nagaon MP Pradyut Bordoloi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.